বৰক’লাত প্ৰাক্তন সেনা বিষয়া দেৱেন সিঙৰ সোঁৱৰণত প্ৰকাশিত গ্ৰন্থ ‘আলাপ-অনুতাপ’ উন্মোচন
DD TIMES নগঁও, ৩ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰক’লাত আজি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। গাঁওখনৰ সমাজকৰ্মী তথা প্ৰাক্তন সেনা বিষয়া প্ৰয়াত দেৱেন সিঙৰ সোৱৰণত লেখক ড° নন্দ সিং বৰকলাই ৰচনা কৰা ‘আলাপ-অনুতাপ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়৷

প্ৰাক্তন আৰক্ষী বিষয়া কমল সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ ৰেৱকান্ত মজুমদাৰে। সভাত ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰাপক মঞ্জুৰাণী লস্কৰ,শিশু সাহিত্যিক উত্তম সিং,বৰক’লা গুৰুনানক মহাবিদ্যালয়ৰ অধ্যক্ষা মৃণালী বৰা ভূঞা আদিয়ে ভাষণ প্ৰদান কৰি প্ৰয়াত দেৱেন সিঙৰ কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰাৰ লগতে বৰক’লা গাঁৱৰ ঐতিহ্যৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰে।
অনুষ্ঠানত গ্ৰন্থখনৰ শ্ৰষ্টা তথা শীৰ্ষ আৰক্ষী বিষয়া, লেখক ড° নন্দ সিং বৰক’লাই বৰক’লা গাঁৱৰ ঐতিহ্যই অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি অহাৰ কথাও উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত দেৱেন সিঙৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়৷
