অসমঅসমীয়াআন্তর্জাতিকমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ব্যক্তিগত বিদ্যালয়ত হ্ৰাস পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

Spread the love

তেজপুৰত কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপনঃ শিক্ষামন্ত্ৰীয়ে ক’লে- ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ব্যক্তিগত বিদ্যালয়তকৈ অধিক হ’ব আধুনিক সা-সুবিধা

তেজপুৰ, ৬ ছেপ্টেম্বৰঃ “শেহতীয়াকৈ ৰাজ্যৰ বহু ব্যক্তিগত বিদ্যালয়ত ছাত্ৰছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে আৰু চৰকাৰী বিদ্যালয়ত বৃদ্ধি পাইছে। ধেমাজিৰ বিদ্যালয়ৰ ক্ষেত্ৰত এনে হোৱা তথ্য লাভ কৰিছো।

Oplus_131072

২০২৬ৰ ব’হাগ বিহুৰ আগতে ৰাজ্যৰ উচ্চতৰ আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়ত স্মাৰ্ট ক্লাছ আৰম্ভ হ’ব। লগতে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰে ছাত্ৰছাত্ৰীয়ে অধ্যয়নৰ সুবিধা লাভ কৰিব। চৰকাৰী বিদ্যালয় সমূহত ব্যক্তিগত বিদ্যালয়তকৈ আধুনিক সা সুবিধা অধিক থাকিব।”

Oplus_131072

তেজপুৰত শুকুবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাণ্ ৰণোজ পেগুৱে। উল্লেখযোগ্য যে, দেশজুৰি পালন হোৱা শিক্ষক দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত দেশৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটো ৬৪সংখ্যক শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

Oplus_131072

এই উপলক্ষে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাজ্যিক অনুষ্ঠানত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশ লয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃৰণোজ পেগুৱে। তেওঁ ড° সৰ্বেপল্লী ৰাধা কৃষ্ণননৰ প্ৰতিছবিৰ সন্মূখত এগছি বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ আৰম্ভণি কৰে। তেওঁ কয় “ ঐচ্ছিক বিষয়সমূহৰ বাবে শিক্ষকৰ প্ৰয়োজন হ’ব বুলি কথা নাই।

Oplus_131072

একবিংশ শতিকাৰ যিসমূহ দক্ষতামূলক শিক্ষাৰ কথা কোৱা হৈছে তাৰ ভিতৰত এটা হৈছে কলা।ইয়াৰ বাবে অঞ্চলসমূহত থকা স্বীকৃতিপ্ৰাপ্ত সংগীত বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা বিষয়টো ঐচ্ছিক বিষয় হিচাপে ল’ব পাৰিব।সেই সংগীত বিদ্যালয়ৰে আনুষ্ঠানিক শিক্ষাৰ বিদ্যালয়ৰ বুজাবুজি চুক্তি থাকিব।

Oplus_131072

ছাত্ৰ-ছাত্ৰীসকলৰ ঐচ্ছিক বিষয়ৰ নম্বৰ সেই সংগীত বিদ্যালয়েই দিব। সেই নম্বৰ শিক্ষা ব’ৰ্ডৰ মাৰ্কশ্বিটত যোগ হ’ব।”তেওঁ লগতে কয় যে, একেদৰে ফুটবল খেলা ছাত্ৰজনে ফুটবলক ঐচ্ছিক বিষয় হিচাপে ল’ব পাৰিব আৰু ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে অসম ফুটবল সন্‌হাৰ লগত কথা পাতিছে।ৰাজ্যৰ ঠায়ে ঠায়ে থকা ফুটবল একাডেমি সমূহত ছাত্ৰসকলে ফুটবলৰ এই পাঠ্যক্ৰমৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ কয়।

Oplus_131072

উল্লেখযোগ্য যে,আজিৰ অনুষ্ঠানৰ আদৰণি ভাষনত শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এক সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত শিক্ষক সকলৰ অবদান শ্ৰদ্ধাৰে সোৱঁৰন কৰে। জিলা আয়ুক্তই কৃতী শিক্ষকৰ ৰাজ্যিক বটাঁপ্ৰাপ্ত প্ৰথমিক আৰু মাধ্যমিক শিক্ষক সকললৈ শুভেচ্ছা জ্ঞাপন কৰে।

Oplus_131072

অনুষ্ঠানত সন্মানিত অতিথি হিচাবে অংশ গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ জলসিঞ্চন,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত শিক্ষা মন্ত্ৰী পেগু আৰু মন্ত্ৰী সিংহালে ৰাজ্যিক কৃতী শিক্ষকৰ বটাঁ লাভ কৰা মাধ্যমিক বিদ্যালয়ৰ আঠগৰাকী আৰু প্ৰাথমিক বিদ্যালয়ৰ সাতগৰাকী শিক্ষকক মান পত্ৰ আৰু গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

Oplus_131072

শিক্ষামন্ত্ৰী পেগুৱে এতিয়াৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলৰ লগতে মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীকো সামৰি লোৱাৰ জৰিয়তে অধ্যাপক সহকাৰী অধ্যাপক সকলক গৱেষণাৰ বাবে উৎসাহিত কৰাৰ পদক্ষেপ লোৱা বুলি কয়। ভাষন প্ৰসঙ্গত শিক্ষা মন্ত্ৰীগৰাকীয়ে ২০২৪ৰ পাঁচ ছেপ্টেম্বৰৰ পৰা ২০২৫ৰ পাঁচ ছেপ্টেম্বৰৰ ভিতৰত এ গ্ৰেড লাভ কৰা ছয়খন মহাবিদ্যালয়ৰ অধ্যক্ষ সকলক সন্মানিত কৰা বুলি কয়।

মন্ত্ৰী গৰাকীয়ে শিক্ষা সেঁতুৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত মাজুলী,ধেমাজি, শিৱসাগৰ জিলাই প্ৰদৰ্শন কৰা সফলতাৰ কথা উল্লেখ কৰে। শিক্ষামন্ত্ৰীজনে কয় যে ৰাজ্যৰ কৃতী শিক্ষকৰ বাচনি সঠিক। ৰাজ্যৰ দুইলাখ শিক্ষকে সেৱা আগবঢ়াই থকাৰ মাজতে একাংশ শিক্ষকে উদ্ভাৱনী কৌশলৰে অসাধাৰণভাৱে শিক্ষাদান কৰি আহিছে বুলিও তেওঁ দোহাৰে।

ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা প্ৰাপকলৈ শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰী পেগুৱে কয় যে দেশৰ উচ্চতম ন্যায়ালয়ে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেট আৰু বিএড বাধ্যতামূলক কৰিছে৷ টেট পৰীক্ষা এটাই হ’ব লাগে বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীজনে কেন্দ্ৰীয় টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাই।

অনুষ্ঠানত ভাষণ প্ৰসঙ্গত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰে যে বিভাগীয় পাঠ্যপুথিৰ উপৰি প্ৰতিগৰাকী শিক্ষাগুৰুৱে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে আত্মনিয়োগ কৰা উচিত। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী শিক্ষাগুৰুক সমৰ্পিত মনোভাবেৰে শিক্ষাদানত ব্ৰতী হ’বলৈ আহ্বান জনায়।

তেওঁ প্ৰতিখন শিক্ষানুষ্ঠানক ক্লিন আৰু গ্ৰীন কেম্পাচ হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়ে। শিক্ষামন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে শিক্ষাৰ মান উৰ্ধাগামী কৰাৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

ফলস্বৰূপে ২০২১ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় পঞ্চাশ হেজাৰ শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি প্ৰদান কৰা হৈছে। উল্লেখ্য, শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শিক্ষা বিভাগৰ সচিব নাৰায়ন কোঁৱৰ, সমগ্ৰ শিক্ষাৰ মিচন সঞ্চালক ওম প্ৰকাশ, এম’ট্ৰনৰ উপাধ্যক্ষ ঋতুবৰন শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ছাত্ৰছাত্ৰী আৰু অভিভাৱকে অংশ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!