অসমঅসমীয়াআন্তর্জাতিকক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

বুধবাৰৰ পৰা আৰম্ভ হ’ব ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতা

Spread the love

অসম জুডোৰ বাৰ্ষিক সাধাৰণ সভা

গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি আজি স্বীকৃত ২৩খন জিলাৰ প্ৰতিনিধি সমন্বিতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সকলো বিষয়ববীয়া সদস্যৰ উপস্থিতিত সদৌ অসম জুডো সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুস্থিত হয়।

ৰাজ্যিক সভাপতি বাণীব্ৰত দাসৰ পৌৰোহিত্যত গুৱাহাটীৰ পল্টনবজাৰস্থিত জনজাতি অতিথিশালাৰ সভাকক্ষত সম্পন্ন গুৰুত্বপূৰ্ণ সভাই আগন্তুক দিনত ৰাজ্যৰ জুডো ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ স্বাৰ্থত খেলুৱৈৰ উচ্ছ প্ৰশিক্ষণ, স-সুবিধা প্ৰদান, অধিক প্ৰতিযোগিতা আয়োজন ইত্যাদি বিষয়ত অধিক মনোনিবেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উক্ত সভাতে বিগত বৰ্ষৰ কাম কাজৰ খতিয়ান আৰু হিচাব নিকাচ দাখিল কৰে সাধাৰণ সম্পাদক জাফৰ খান আৰু কোষাধ্যক্ষ চন্দন কুমাৰ নাথে। ইফালে প্ৰেৰণা দ্যা মিছন’ৰ সহযোগত সদৌ অসম জুডো সন্থাই আয়োজন কৰা ৩৫ সংখ্যক আন্তঃজিলা জুডো প্রতিযোগিতাখনৰ খেলসমূহ কাইলৈ মহানগৰীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশ ভক্ত তৰুনৰাম ফুকন ইনড’ৰ স্টেডিয়ামত আৰম্ভ হ’ব।

এইবাৰৰ প্ৰতিযোগিতাত লৰা- ছোৱালীৰ ছাব জুনিয়ৰ, জুনিয়ৰ,কেডেট আৰু চিনিয়ৰ পুৰুষ -মহিলাৰ বিভিন্ন ওজন শাখা সামৰি লোৱা লগতে ৮বছৰৰ পৰা ১২ বছৰলৈ মিনি ছাৱ জুনিয়ৰ শাখাৰ প্ৰতিযোগিতাও অন্তভুক্ত কৰা হৈছে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুস্থান পুৱা ১০ বজাত আৰম্ভ হ’ব।

উক্ত কাৰ্যসূচীত গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত মুখ্য,ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, অসম অলিম্পিকৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, শীৰ্ষ আৰক্ষী বিষয়া ভায়লেট বৰুৱা সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব।

আজি যোগদানকাৰী বিভিন্ন জিলা দলসমূহ গুৱাহাটীত উপস্থিত হৈছে। ইতিমধ্যে দল সমূহৰ পঞ্জীয়ন, মেনেজাৰ মিটিং আৰু খেলুৱৈৰ ওজন পৰীক্ষা আদিও সম্পন্ন হৈ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!