অসমআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

বিশ্ব কিক বক্সিং প্ৰতিযোগীতালৈ বিলাসীপাৰাৰ নয়নজিৎ ৰায়

Spread the love

সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব কিক বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিব নয়নজিৎ ৰায়ে

DD TIMES বিলাসীপাৰা, ১১ ছেপ্টেম্বৰঃ পশ্চিম অসমৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ। বিশ্ব কিক বক্সিং প্ৰতিযোগীতাত নামিব বিলাসীপাৰাৰ যুৱক নয়নজিৎ ৰায়ে।

Oplus_131072

সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰজধানী আবুধাবীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব কিক বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা বুলি খবৰ আহিছে নামনি অসমৰ নয়নজিৎ ৰায়ৰ।

আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত নিজৰ নাম সন্নিবিষ্ট কৰি নয়নজিতে ৰাজ্যখনৰ লগতে পশ্চিম অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৱাকো ইণ্ডিয়া কিকবক্সিং ফেডাৰেচনে প্ৰকাশ কৰা এক বিশেষ পত্ৰ যোগে এই কথা ঘোষণা কৰা হৈছে।

বিলাসীপাৰাৰ সন্তান নয়নজিৎ ৰায়ৰ এই বাতৰি বিয়পি পৰাৰ লগে লগে নামনি অসমৰ ক্ৰীড়াপ্ৰেমীসকল উৎফুল্লিত হৈ উঠা পৰিলক্ষিত হৈছে।

উল্লেখ্য, এইবাৰৰ বিশ্ব কিক বক্সিং প্ৰতিযোগিতা সংযুক্ত আৰব আমিৰাতৰ ৰাজধানী চহৰ আবুধাবীত ২১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।

এই প্ৰতিযোগিতাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ আজুৰি আনিবলৈ সক্ষ্যম হৈছে বিলাসীপাৰাৰ বিশ্বমিত্ৰ ৰায় আৰু সবিতা ৰায়ৰ তৃতীয় পুত্ৰ নয়নজিৎ ৰায়ে।

ইতিমধ্যে ছত্তিশগঢ়ৰ ৰায়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো খেলুৱৈ অংশগ্ৰহণ কৰিছিল।

এই প্ৰতিযোগিতাত নয়নজিতে খিতাপ অৰ্জন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ স্থান নিশ্চিত কৰে।

কোকৰাঝাৰৰ ডিমলগাঁও এমেচাৰ কিক-বক্সিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা তথা কোকৰাঝাৰ বাণিজ্যিক মহাবিদ্যালয়ত অধ্যয়ণ কৰা ১৯ বছৰীয়া নয়নজিতৰ সাফল্যই ক্ৰীড়াপ্ৰেমীৰ লগতে বিলাসীপাৰাবাসীক গৌৰৱাম্বিত কৰি তুলিছে।

নায়নজিতৰ এই সাফল্যই তেওঁৰ পৰিয়াল, বন্ধুবান্ধৱ আৰু সমগ্ৰ এলেকাৰ মাজত আনন্দৰ বন্যা কঢ়িয়াই আনিছে। সকলোৰে আশা যে তেওঁ আবুধাবীৰ বিশ্বমঞ্চৰ পৰা পদক জয় কৰি আহিব আৰু অসমৰ নাম উজ্জ্বল কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!