বিশিষ্ট সাহিত্যিক ডাঃ অজিত বৰুৱাক ‘নাগৰিক মহীয়ান বঁটা’ প্ৰদান
মোৰ পিতৃয়েহে এই বঁটা পাব লাগিছিলঃ অজিত বৰুৱা
গোলাঘাট, ৩১ আগষ্টঃ গোলাঘাট নাগৰিক মঞ্চই বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাক শনিবাৰে প্ৰদান কৰে ‘নাগৰিক মহীয়ান বঁটা’। এই বঁটা গ্ৰহণ কৰি ডা: অজিত বৰুৱাই কয় “এই বঁটা মোৰ পিতৃয়েহে পাব লাগিছিল”। এই বঁটা মই পিতৃৰ নামত উৎসৰ্গা কৰিলো”।
স্বাধীনতা আন্দোলনৰ সেনানী বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাৰ সুযোগ্য পুত্ৰ ডাঃ অজিত বৰুৱাক গোলাঘাট নাগৰিক মঞ্চই প্ৰদান কৰা নাগৰিক মহীয়ান বঁটা-২০২৫গ্ৰহণ কৰি তেওঁ আৱেগিক হৈ পিতৃক স্মৰণ কৰে।

তেওঁ লগতে কয় “আত্মসন্তুষ্টি সকলোৰে ভিন্ন, চিকিৎসা বৃত্তি যদিও মোৰ বাবে এক আত্মসন্তুষ্টি, তাতোকৈ গোলাঘাটৰ এজন মই দূৰন্ত প্ৰেমিক । মোডীৰ স্বচ্ছ ভাৰতৰ আগতেই মই স্বচ্ছ গোলাঘাটৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলো।
সামাজিক জীৱনেই মোৰ সাৰ্থক জীৱন ।” গোলাঘাট পৌৰসভাৰ তিনিবাৰৰ পৌৰপতি তথা বিশিষ্ট সমাজ সেৱক, সাহিত্যিক আৰু বিশিষ্ট নিৱন্ধকাৰ ডা: অজিত বৰুৱাৰ মন্তব্য এয়া।
১৯৯৫ চনত জন্ম লাভ কৰা গোলাঘাট নাগৰিক মঞ্চৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা মূল পতাকা মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমানে উত্তোলন কৰাৰ লগে লগে ডবা, শঙ্খ, তালৰ শব্দ আৰু আয়তি উৰুলিত এক ওখল-মাখল পৰিৱেশত নগৰখনৰ মুঠ ৩০ গৰাকী জ্যেষ্ঠ নাগৰিকে পতাকা উত্তোলন কৰে।
এই কাৰ্যসূচীৰ পাছতে নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে। ইয়াৰ পাছতে অনুষ্ঠিত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমানে।
সভাৰ আদৰণি ভাষণ ৰোহিত গগৈয়ে প্ৰদান কৰাৰ পাছতে নাগৰিক মঞ্চৰ ইতিবৃত্ত সম্পৰ্কে বক্তব্য ৰাখে মঞ্চৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ শইকীয়াই। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ, বিশিষ্ট বোলছবি পৰিচালক দীনেশ গগৈ, প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত, বিশিষ্ট পুথি প্ৰকাশক ক্ষীৰোদ কুমাৰ গোশ্বামী আৰু গোলাঘাট উন্নয়ন প্ৰাধীকৰণৰ সভাপতি সঞ্জীৱ কুমাৰ দাস।
এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অমৰেন্দ্ৰ নাথ দত্ত , বিশিষ্ট শিক্ষাবিদ ড° অপূর্ব কুমাৰ শইকীয়া আৰু বিশিষ্ট সমাজ সেৱিকা শান্তি সন্দিকৈক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰে।
অৱশ্যে সম্বৰ্ধিত বিশিষ্ট সমাজ কর্মী শান্তি সন্দিকৈ শাৰিৰীক অসৃস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱৰাত তেঁওৰ বাসভৱনত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
সম্বৰ্ধিত দুয়ো গৰাকী বিশিষ্ট ব্যক্তিয়ে চমু বক্তব্য প্ৰদান কৰে । সভাৰ আৰম্ভণিতে শিক্ষয়িত্ৰী কবিতা শৰ্মাই বৰগীত পৰিৱেশনেৰে সভা শুভাৰম্ভ কৰা হয়।