বিটিআৰত তুংগত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ
DD TIMES গোসাঁইগাঁও, ৬ চেপ্টেম্বৰঃ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন এককভাৱে চৰকাৰ গঠন কৰিবলৈ তৎপৰ শাসকীয় ইউপিপিএল দল।

৪নং যমদুৱাৰ পৰিষদীয় সমষ্টিত ইউপিপিএল ৰণডংকা বজাই কয় একক সংখ্যাগৰিষ্ঠতাৰে ইউপিপিএল দলৰ চৰকাৰ হোৱাটা নিশ্চিত বুলি দাবী কৰে ৰাজ্য সভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে৷
বিটিচিত পাঁচটা বছৰত শান্তি প্ৰতিষ্ঠা কৰি ২৬টা জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন উপৰি প্ৰগতিৰ বাট প্ৰস্তুত কৰা ইউপিপিএল দলে সাংগঠনিক ভেটি মজবুত কৰিছে৷বিটিআৰত শান্তি, সমন্বয় আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰা ইউপিপিএল দলৰ প্ৰতি থকা ৰাইজৰ আস্থা আৰু জনসমৰ্থন সকলোৱে দেখি আছে৷

বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত একালৰ অশান্ত এলেকাত স্থাপন হোৱা শান্তি আৰু প্ৰগতিৰ বিটিচিৰ চল্লিশটা সমষ্টিত ইউপিপিএল দলে প্ৰাথী প্ৰক্ষেপ কৰিছে গতিকে ইউপিপিএল দলে অকলেই চৰকাৰ গঠন কৰিব৷
এই ভাষ্য ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীৰ৷আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচনত যাতে ইউপিপিএল দলে অকলেই চৰকাৰ গঠন কৰিব পাৰে তাৰ ওপৰত শনিবাৰে বালাগাঁৱত আয়োজন কৰা জনসমাবেশত অংশ গ্ৰহণ কৰি সাংসদ গৰাকীয়ে কয় বিগত পোন্ধৰ বছৰ হাগ্ৰামাৰ চৰকাৰ আৰু পাঁচ বছৰ প্ৰমোদ বড়ো চৰকাৰৰ সন্দৰ্ভত কয়, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ পোন্ধৰ বছৰীয়া চৰকাৰ আছিল কাটামাৰাৰ বোমা-বাৰুদৰ ৰাজনীতি কৰিছিল৷আনহাতে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ পাঁচ বছৰীয়া চৰকাৰ হ’ল শান্তি, সম্প্ৰীতি প্ৰগতি আৰু সমন্বয়ৰ ৰাজনীতি৷
বিগত পাঁচ বছৰে বিটিআৰ ইউপিপিএল দলে বিভিন্ন জনগোষ্ঠীৰ মাজত যি ধৰণে কাম-কাজ কৰিছে, উন্নয়নৰ বাবে যি ধৰণে পৰিকল্পনা তৈয়াৰ কৰিছে, সেই পৰিকল্পনাক বাস্তৱিক ৰূপ দিবলৈ কৰ্মী সকলে দিনে-নিশাই নিষ্ঠাৰে ৰাইজৰ সেৱা আগবঢ়াই আহিছে৷
এনেকি আগন্তুক নিৰ্বাচনত তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে কেনেদৰে কাম কৰিব লাগিব তাৰ ওপৰত বক্তৱ্য ৰাখি আৰু কয় প্ৰমোদ বড়ো ডাঙৰীয়াই ২৬টা জাতি-জনগোষ্ঠীক একেলগে লৈ শান্তিৰ বিটিআৰ,উন্নয়ণ বিটিআৰ,শান্তিময় বিটিআৰ গঢ়াৰ কাৰণে কাম কৰি আছে আৰু আমি ভৱিষ্যৎত কাম কৰি যাম৷
তাৰবাবে এইবাৰ ৰাইজে আকৌ প্ৰমোদ বড়োৰ চৰকাৰ বিচাৰিছে। বিটিআৰত শান্তি, সমন্বয় আৰু উন্নয়ন স্বাৰ্থত ৪নং যমদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী চৰনজিৎ নাৰ্জাৰীক বিপুল ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে।
ইউপিপিএলৰ ৪নং যমদুৱাৰ ব্লক সমিতিৰ উদ্যোগত তথা জিলা উপ-সভাপতি নিতুঞ্জয় বসুমতাৰীয়ে পৰিচালনা কৰা সভাত প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জাহাৰী, কেন্দ্ৰীয় সমিতি ইউপিপিএল সম্পাদক সোমনাথ নাৰ্জাৰী, কেন্দ্ৰীয় আদিবাসী কোষৰ সভাপতি ৰিমান চাকু সৰেন, কেন্দ্ৰীয় মহিলা গোটৰ সভানেত্ৰী প্ৰতিভা ব্ৰক্ষ্ম, যমদুৱাৰ ব্লকৰ সমিতিৰ সমন্বয় ধজেন্দ্ৰ ৰাভা আদিকে ধৰি হাজাৰ হাজাৰ কৰ্মী-সমৰ্থক উপস্থিত থাকে৷