বইটামাৰীৰ ফৰ্মেলিন প্ৰকল্পত উৎপাদন আৰম্ভ
অসম পেট্ৰ’কেমিকেলচ্ লিমিটেডৰ অধ্যক্ষৰ সংবাদ মেলঃ গেছৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে আমি ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছোঁ
বঙাইগাঁও, ১ চেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকনাবাৰীত অসম পেট্ৰ’কেমিকেলচ্ লিমিটেড (এপিএল)ৰ অধীনত নিৰ্মাণ কৰি উলিওৱা দৈনিক ২০০ টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পটোত সোমবাৰৰ পৰা আৰম্ভ হ’ল উৎপাদন কাৰ্য ৷ এইটো এটা সুখবৰ ৷ এই মন্তব্য কৰিছে অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই ৷

সোমবাৰে বিয়লিৰ ভাগত প্ৰকল্পস্থলীত আয়োজন কৰা এখন সংবাদ মেলত অসম পেট্ৰ’কেমিকেলচ্ লিমিটেডৰ অধ্যক্ষগৰাকীয়ে এই কথা সদৰি কৰে ৷ তেওঁ কয় যে এই গোটটোকলৈ প্ৰতিষ্ঠানটোৰ চাৰিটা উৎপাদন গোট হ’ল ৷ বইটামাৰীৰ উৎপাদন গোটটো প্ৰতিষ্ঠানটোৰ চতুৰ্থ গোট৷

গতিকে এই চাৰিটা উৎপাদন গোটৰ জৰিয়ে প্ৰতিষ্ঠানটোৱে বছৰেকত কমেও সাতশ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হ’ব ৷ আনহাতে কেৱল বইটামাৰীৰ এই গোটটোৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে বছৰেকত প্ৰায় ডেৰশ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হ’ব বুলিও কয় ৷

তেঁও কয় যে উৎপাদ কাৰ্য আৰম্ভ হৈছে যদিও কিছু কাৰিকৰী জটিলতা থাকে ৷সেয়ে সকলো কাম সঠিকভাৱে সম্পন্ন হোৱাৰ পিছত এমাহ মানৰ ভিতৰতে আমি উৎপাদিত সামগ্ৰী লৈ উদ্যোগ মন্ত্ৰী বিমল বৰা আৰু নাহৰকটীয়াৰ বিধায়কৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম আৰু তেখেতক উদ্যোগটো আনুষ্ঠানিকভাৱে অসমবাসীক উদ্দেশ্যি উৎসৰ্গিত কৰাৰ বাবে নিমন্ত্ৰণ জনাম ৷

অধ্যক্ষগৰাকীয়ে লগতে কয় যে অসম পেট্ৰ’কেমিকেলচ্ লিমিটেড অসম চৰকাৰৰ এটা ৰাজহ সংগ্ৰহকাৰী প্ৰতিষ্ঠান ৷ এই উদ্যোগটো অসম চৰকাৰৰ ৫১ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ৪৯ শতাংশ অংশীদাৰত্বৰে গঠিত এটা প্ৰতিষ্ঠান ৷ ১৯৭১ চনৰ ১৫ জুনত আৰম্ভ হোৱা প্ৰতিষ্ঠানটোৱে বিগত ৫৩ বছৰে ঘাট প্ৰতি ঘাট পৰিহাৰ কৰি চলি আছে আৰু অসমৰ এটা থলুৱা উদ্যোগ, অসীয়া মানুহৰ দ্বাৰা পৰিচালিত উদ্যোগ ৷ যিটো উদ্যোগ অসমৰ বাবে তথা অসমীয়াৰ বাবে গৌৰৱৰ বিষয় ৷
এই উদ্যোগটোক ধৰি ৰাখিবলৈ তথা উৎপাদন, বাণিজ্যিক কাম কাজসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত চৰকাৰসমূহে বিভিন্ন ধৰণে সহায় কৰি আহিছে ৷ শেহতীয়াভাবে নামৰূপস্থিত অসম পেট্ৰ’কেমিকেলচ্ লিমিটেডে ২০১৭ চনত নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছিল ৷ সেই অনুসৰি নামৰূপত দৈনিক পাঁচশ মেট্ৰিক টন মিথানল উৎপাদন প্ৰকল্পৰ কাম হাতত লোৱা হৈছিল ৷ ইয়াৰ সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকনাবাৰীতো এটা ২০০ টন ফৰ্মেলিন উৎপাদন প্ৰকল্পৰ কাম হাতত লোৱা হয় ৷
বাণিজ্যিকভাৱে এই অঞ্চলটো এটা সুবিধাজনক ঠাই ৷ সেয়ে আমাৰ কাৰণে সুবিধাজনক আছিল ৷ সেই সময়ত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও এই অঞ্চলটো উদ্যোগীকৰণ হোৱাটো বিচাৰিছিল ৷ সেই অনুসৰি বইটামাৰীৰ ঢাকনাবাৰীত এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল আৰু সোমবাৰৰ পৰা এই প্ৰকল্পটোৰ উৎপাদন কাৰ্য আৰম্ভ হোৱা বুলি জানিব দিয়ে ৷
লগতে অসম পেট্ৰ’কেমিকেলচ্ লিমিটেডে ইতিমধ্যে উৎপাদিত সামগ্ৰী চুবুৰীয়া ৰাজ্যসমূহৰ লগতে তিনিখন ৰাষ্ট্ৰ ক্ৰমে বাংলাদেশ, ভূটান আৰু নেপাললৈ প্ৰেৰণ কৰি আছে বুলি কৈ যাতায়াতৰ সুচলতাৰ কাৰণে এই উদ্যোগটো বইটামাৰীত স্থাপন কৰা বুলিও কয় ৷
বাংলাদেশলৈ স্থল পথেৰে সামগ্ৰী প্ৰেৰণ কৰি আছে যদিও আগলৈ ইয়াৰ পৰা জল পথেৰে প্ৰেৰণ কৰাত সুচল হ’ব বুলিও কয় ৷প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ডেকাই কয় যে ইয়ালৈ আমি নামৰূপৰ পৰা মিথনল আনিম আৰু ১০০ টন মিথানলেৰে ২৩৫ টন ফৰ্মেলিন পাবলৈ সক্ষম হ’ম ৷ ইয়াৰ উৎপাদিত সামগ্ৰী বহিঃ ৰাজ্য আৰু বহিঃ ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিম ৷
গতিকে ইয়াৰ দ্বাৰা নিবনুৱা যুৱক – যুৱতীসকলক আমি কিদৰে আত্মসংস্থাপন কৰিব পাৰো তাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু আগলৈকো থাকিব ৷ লগতে কয় যে সামগ্ৰী পৰিবহনৰ সুবিধা যিহেতু আমাক লাগিব এইক্ষেত্ৰত স্থানীয় নিবনুৱা যুৱক যুৱতীসকলক কেনেকৈ সংস্থাপিত কৰিব পাৰো আৰু উৎসাহিত কৰিব পাৰো তাৰ বাবে সুবিধা কৰি দিব বিচাৰিছিলো যদিও দুখৰ বিষয় যে পৰিবহনৰ টেণ্ডাৰিঙৰ সময়ত বঙাইগাঁও তথা স্থানীয় অঞ্চলৰ যুৱক যুৱতীসকলে যেনেধৰণে অংশ গ্ৰহণ কৰিব লাগিছিল তেনেদৰে কৰা নেদেখিলো ৷
যাৰ বাবে আমি টেণ্ডাৰ বাতিল কৰিছোঁ ৷ আগলৈ এই অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতীসকলক আগবাঢ়ি আহি সুবিধা গ্ৰহণ কৰিবলৈকো আহ্বান জনায় ৷ অধ্যক্ষগৰাকীয়ে সংবাদ মেলত লগতে কয় যে প্ৰকল্পটোৰ জৰিয়তে এই অঞ্চলটোৰ নিবনুৱা সমস্যাৰ সাংঘাটিকভাৱে সমাধান হ’ব বুলি নেভাবো যদিও ইয়াত প্ৰত্যক্ষভাবে নহলেও পৰোক্ষভাবে নিবনুৱা যুৱক – যুৱতীসকলে মৰ্যদাসহকাৰে জীয়াই থকাৰ কাৰণে যাতে জীৱন জীৱিকাৰ সন্ধান পায় তাৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকিব ৷ সংবাদ মেলত তেওঁ প্ৰকল্পটো নিৰ্মাণৰ কাম আগবঢ়াই লৈ গৈ উৎপাদনৰ কাম আৰম্ভ হোৱালৈকে স্থানীয় ৰাইজৰ লগতে দল- সংগঠন তথা সংবাদিকসকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়োবা বুলি কৈ আগলৈকেও সকলোৰে সহায় সহযোগিতা বিচাৰে ৷

ইপিনে প্ৰতিষ্ঠানটোৱে বৰ্তমান সময়ত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰি অধ্যক্ষ গৰাকীয়ে কয় যে ভাৰত চৰকাৰৰ তেল আৰু গেছ সম্পৰ্কীয় যি নীতি সেই নীতিত আমি কিছু কষ্ট ভোগ কৰিবলগীয়া হৈছে ৷ কাৰণ অসম পেট্ৰ’কেমিকেলচ্ লিমিটেড হ’ল ভাৰতৰ ভিতৰত এটা একেবাৰে সৰু প্ৰতিষ্ঠান ৷ পূৰ্বৰ গেছৰ মূল্যৰ তুলনাত বৰ্তমান ইয়াৰ মূল্য বৃদ্ধি পাইছে ৷ কিন্তু আমি উৎপাদন কৰা মিথানল আৰু ফৰ্মেলিনৰ মূল্য বৃদ্ধি পোৱা নাই ৷ গতিকে আমাৰ কিছু প্ৰত্যাহ্বান আছে ৷ কিন্তু অসম চৰকাৰে এই গোটেই বিষয়টো চোৱা চিতা কৰিছে ৷ আমিও মুখ্যমন্ত্ৰীক বিষয়টো অৱগত কৰিছোঁ ৷ লগতে কেনেকৈ লকচানটো পূৰণ কৰিব পাৰো আৰু লাভ অৰ্জন কৰিব পাৰো সেই বিষয়ে মুখ্যমন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীৰ সৈতে কথা বতৰা পাতি আছোঁ ৷ সেয়ে আমি ভাবো যে সেই প্ৰত্যাহ্বান পাৰ কৰিব পাৰিম ৷ কিন্তু আজিৰ মুহূৰ্তত আমি ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখত আছোঁ ৷ গেছৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণেই আমি ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছোঁ ৷ প্ৰতিষ্ঠাটো আমি চলাই আছোঁ, কিন্তু চৰকাৰে ইয়াক সহযোগ কৰিব লাগিব আৰু চৰকাৰে আমাক সহযোগ কৰিছে ৷ গতিকে আমি ভাবো যে এই প্ৰত্যাহ্বানটো আমি পাৰ কৰিব পাৰিম ৷
সংবাদ মেলত অসম পেট্ৰ’কেমিকেলচ্ লিমিটেডৰ অধ্যক্ষগৰাকীৰ উপৰি উপাধ্যক্ষ হেমন্ত গগৈ , পৰিচালন সঞ্চালক ৰাজনেশ গগৈ, বিত্ত সঞ্চালক প্ৰমোদ কুমাৰ প্ৰসাদ, সচিব উত্তম বাইলুং, জ্যোষ্ঠ বিষয়া পংকজ চমুৱা, ডিজিএম সীমান্ত চেতিয়া আদি উপস্থিত থাকে ৷ ইপিনে সংবাদ মেলৰ পাছত সাংবাদিকসকলক প্ৰকল্পস্থলী পৰিদৰ্শন কৰোৱায় ৷

