অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

FULAGURI DHEWA: ফুলগুৰি ধেৱা বিদ্ৰোহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি পোৱাৰ যোগ্যঃ মন্ত্ৰী কেশৱ মহন্ত

Spread the love

অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতি, অগপ ৰহা সমষ্টিৰ যৌথ উদ্যোগত ‘ফুলগুৰি ধেৱা’ দিৱস উদযাপন

ফুলগুৰি ধেৱা বিদ্ৰোহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি পোৱাৰ যোগ্যঃ মন্ত্ৰী কেশৱ মহন্ত

DD TIMES, বেবেজীয়া, ১৮ অক্টোবৰঃ ব্ৰিটিছ শাসকৰ অত্যাচাৰ আৰু শোষণৰ বিৰুদ্ধে ভাৰতীয়ৰ সংগ্ৰামী ইতিহাসৰ অন্য এক অবিস্মৰণীয় অধ্যায় হৈছে অসমৰ “ফুলগুৰি ধেৱা বিদ্ৰোহ”।

নগঞা কৃষক ৰাইজে ঔপনিৱেশিক ব্রিটিছৰ অন্যায়-উৎপীড়ন শাসন, দমন নীতি আৰু মাত্ৰাধিক কৰ বলৱৎ কৰা ৰাজহ ব্যৱস্থাৰ বিৰোধিতাৰে ১৮৬১ চনৰ আজিৰ দিনটোতে কঙলৰ পাৰৰ ফুলগুৰিত সূচনা কৰা ঐতিহাসিক কৃষক বিদ্রোহ আছিল ব্ৰিটিছৰ বিৰুদ্ধে দেশৰ প্রথমটো কৃষক বিদ্রোহ।

সেই ঐতিহাসিক ফুলগুৰি ধেৱাৰ স্মৃতি ৰোমন্থনেৰে আজি ফুলগুৰিত আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰহা বিধানসভা সমষ্টি সমিতিৰ সহযোগত আয়োজন কৰা অনুষ্ঠানটিত ফুলগুৰি ধেৱাৰ শ্বহীদ তথা নির্যাতিত কৃষকসকললৈ শ্ৰদ্ধাঞ্জলি অর্পণ কৰাৰ লগতে শ্বহীদ কৃষকৰ ত্যাগ আৰু দেশপ্ৰেমক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। কাৰ্যসূচী অনুসৰি ফুলগুৰিস্থিত ধেৱাৰ স্মাৰকত প্ৰথমেই শ্বহীদ সকলক স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুলেন বৰাই আঁতধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি অগপৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই ফুলগুৰি ধেৱাৰ বীৰ শ্বহীদৰ স্মৃতি সোঁৱৰাৰ লগতে এই ধেৱাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰ পোষকতা কৰে।

সভাত অগপৰ কেন্দ্ৰীয় উপ-সভাপতি তথা আন্তঃগাঁথনি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ বিষ্ণু দাসে কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জালিৱানৱালাবাগৰ ঘটনাই স্থান পোৱাৰ দৰে ফুলগুৰি ধেৱায়ো এক সুকীয়া স্থান পোৱাটো উচিত। লগতে তেওঁ কয় যে কৃষকেই ধৰিত্ৰীৰ ধৰণী।

কৃষিৰ যোগেদিয়েই বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ। অনুষ্ঠানত অসমৰ অমৃত কন্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত অগপ নেতা পদ্ম গোস্বামী, বলদেৱ সিং, উপ-সভাপতি বিষ্ণু দাস ডাঙৰীয়া, অসম কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য, কেন্দ্রীয় সম্পাদক দিজু গগৈ, উপসভাপতি কুলেন বৰা, ৰহা সমষ্টি সমিতিৰ সভাপতি প্ৰণৱ, মৰিগাঁও জিলা কৃষক পৰিষদৰ সভাপতি অমৰজিৎ চৌহান, অগপৰ কেন্দ্ৰীয় নেতা অতুল মেধি, বৰক’লা উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ গোবিন শৰ্মা, পৱন কুমাৰ বৰা, নগাঁও জিলা অগপৰ উপ’-সভাপতি বিনোড বৰুৱা, অধিবক্তা দণ্ডধৰ হাজৰিকা, অৰূপ বেজবৰা, জামুগুৰি পাখিমীয়া অগপৰৰ মণ্ডল সভাপতি ভূপেন ভাগৱতী, সম্পাদক মানিক বৰা, কাউঞ্চিলৰ কৌস্তভ বৰা, ৰহা অগপৰ মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জু বৰা, নিবেদিতা পাটৰ, জোনমণি বণিয়া, কেশৱ দাসকে প্ৰমূখ্য কৰি শতাধিক লোকৰ উপস্থিতিত ফুলগুৰি ধেৱাস্থলীত ধেৱাৰ বীৰ শ্বহীদৰ স্মৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!