অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়

প্ৰাক্তন ৰাজ্যিক ক্ৰীড়াবিদ নোমল চন্দ্ৰ নাথৰ মৃ*ত্যু*ত শোক

Spread the love

DD TIMES

নগাঁও, ৯ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজামুগুৰিৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক তথা একালৰ সুদক্ষ খেলুৱৈ নোমল চন্দ্ৰ নাথৰ ৭ ছেপ্টেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। নাথ বিগত কেইবাদিনো ধৰি চিকিৎসাধীন অৱস্থাত আছিল।

এসময়ত ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছত সোণৰ পদক লাভ কৰাৰ লগতে ফুটবলতো সুনাম অৰ্জন কৰা নোমল চন্দ্ৰ নাথে ২০১৫ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা নাথৰ মৃত্যুত তেখেতৰ জন্মস্থান নগাঁও জিলাৰ জামুগুৰিত শোকৰ ছাঁ পৰিছে।

তেওঁৰ মৃত্যুত নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, জীয়ৰীৰ লগতে অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!