প্ৰয়াত কৃতী শিক্ষক ৰবীন্দ্ৰ নাথ শৰ্মাৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ দায়িত্ব ল’লে বিধায়ক ৰূপক শর্মাই
নগাঁৱত একেদিনাই ১৬টা উন্নয়ন মূলক কামৰ উদ্বোধন বিধায়ক ৰূপক শর্মাৰ
DD TIMES নগাঁও,৭ ছেপ্টেম্বৰঃ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই শনিবাৰে নগাঁও পৌৰসভা এলেকাৰ বিভিন্ন মহলাত থকা কেইবাখনো শিক্ষানুষ্ঠানত ইতিমধ্যে নিৰ্মানকাৰ্য সম্পূৰ্ণ হোৱা আন্ত:গাঠনি পুনৰনিৰ্মান আৰু চাৰিসীমাৰ পকীবেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা কামৰ শুভ উদ্বোধন কৰে৷

শনিবাৰে পুৱা বিধায়ক ৰূপক শৰ্মাই প্ৰথমে নগাঁও পৌৰসভাৰ ৮নং ৱাৰ্ডৰ অন্তৰ্গত পূৱ আমোলাপট্টি স্থিত ৰত্নকান্ত বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালত চৰকাৰী আঁচনিৰ জৰিয়তে মেৰামতি আৰু পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা কামৰ উদ্বোধন কৰে৷
ইয়াৰ পাচত বিধায়ক শৰ্মাই ৮নং ৱাৰ্ডৰ নাওবৈছা ফুকন পথৰ নতুনকৈ নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱা ১নং উপপথ আৰু নলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইপিনে বিধায়ক ৰূপক শর্মাই এসময়ত অধ্যয়ন কৰা নগাঁও পৌৰসভাৰ ৭নং ৱাৰ্ডৰ অন্তৰ্গত ১নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ৰ পঞ্চম বিত্তীয় আয়োগৰ (বিত্তীয় বৰ্ষ ২০২৪-২৫)ৰ অধীনত মেৰামতি আৰু পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা কামৰ উদ্বোধন কৰে৷
আনহাতে বিদ্যালখনৰ প্ৰাক্তন ছাত্র-ছাত্ৰীৰ সদিচ্ছাৰ প্ৰতি সঁহাৰি জনাই বিধায়ক ৰূপক শৰ্মাই বিদ্যালয়খনৰ ৰাষ্ট্ৰপতি পুৰষ্কাৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত ৰবীন্দ্ৰ নাথ শৰ্মাৰ এটি আবক্ষ মূৰ্তি বিদ্যালয় চৌহদত নিৰ্মাণ কৰি দিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
ইপিনে বিধায়ক শৰ্মাৰ জন্মদিন উপলক্ষে বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্ৰ-ছাত্ৰী সকলে কেক কাটি বিধায়ক গৰাকীক জন্মদিনৰ ওলগ জনায়।
আনহাতে বিধায়ক শৰ্মাই আজি শুভ উদ্বোধন কৰা উন্নয়ন মূলক কাম সমূহ হৈছে ক্ৰমে উত্তৰ হয়বৰগাঁও উজান প্ৰাথমিক বিদ্যালয়ৰ চাৰিসীমা পকীবেৰ নিৰ্মাণৰ শুভ উদ্বোধন, আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ নিৰ্মাণ হোৱা চাৰিসীমা পকীবেৰৰ শুভ উদ্বোধন,ভদৰাম ৰাজখোৱা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাথঁনিৰ পুনৰৰ্নিমাণৰ কামৰ শুভ উদ্বোধন, কালিমোহন বৰুৱা বিদ্যাপীঠত চাৰিসীমা পকীবেৰৰ শুভ উদ্বোধন,কালিমোহন বৰুৱা বিদ্যাপীঠৰ প্ৰাঙ্গণত থকা অঙ্গনৱাদী কেন্দ্ৰৰ আন্তঃগাথঁনি নিৰ্মাণৰ কামৰ শুভ উদ্বোধন, মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাথঁনিৰ পুনৰৰ্নিমাণ কামৰ শুভ উদ্বোধন,
নগাঁও পৌৰসভাৰ ১০নং মহলাৰ এছ.বি.আই এটিএমৰ সন্মুখৰ বীৰেন মহন্ত পথ পৰ্যন্ত নতুনকৈ নিৰ্মাণ কৰা উপপথ আৰু নলা, ২৫নং মহলাত নতুনকৈ নিৰ্মাণ কৰা শ্বহীদ কুশল কোঁৱৰ উপপথ আৰু নলা, ১৩নং মহলাত নতুনকৈ নিৰ্মাণ কৰা মহাত্মা গান্ধী পথৰ উপপথ আৰু নলা, ১১নং মহলাৰ গুৰুস্থান পথৰ উপপথ আৰু নলা, ২৩নং মহলাৰ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নতুনকৈ নিৰ্মাণ কৰা উপপথ আৰু নলা,নগাঁও পৌৰসভাৰ ১৬নং মহলাৰ অন্তৰ্গত ফৌজদাৰীপট্টি (NEAR PHE)ত নতুনকৈ নিৰ্মাণ কৰা উদ্যান আৰু মধুপুৰৰ কদমতলা বজাৰত নতুনকৈ সংস্থাপন কৰা হাইমাস্ক লাইটৰ উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠান সমূহত বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা, ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলাৰ সভাপতি ৰঞ্জিত বৰদলৈ, ভাৰতীয় জনতা পাৰ্টিৰ সদৰ আৰু হয়বৰগাঁও মণ্ডলৰ সভাপতি,পৌৰ আয়ুক্ত সকল, বিদ্যালয় সমূহৰ পৰিচালনা সমিতিৰ বিষয় -ববীয়া, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, শুভাকাংক্ষী ৰাইজ আৰু পৌৰসভাৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।

