অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: পূৱ জামুগুৰি হাতীচোঙত জুবিন গাৰ্গৰ ওপজা দিনত বিশেষ অনুষ্ঠান

Spread the love

পূৱ জামুগুৰি হাতীচোঙত জুবিন গাৰ্গৰ ওপজা দিনৰ বিশেষ কাৰ্যসূচী

DD TIMES বেবেজীয়া, ২২ নৱেম্বৰঃ অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পিছত প্ৰথমটো জন্মদিন উপলক্ষে ১৮ নৱেম্বৰত নগাঁও জিলাৰ পূৱ জামুগুৰি হাতীচোং নামঘৰৰ প্ৰাংগণত আৰু জামুগুৰি সাৰ্বজনীন গৰখীয়া থানৰ সন্মুখত জুবিন অনুৰাগীসকলে প্ৰিয় শিল্পীজনাক গীতে-মাতে স্মৰণ কৰে।

সেইদিনা সন্ধিয়া লেখক-সাংবাদিক দেৱজিৎ হাজৰিকাই অমৃত কন্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰি ভাষণত কয় যে, প্ৰাণৰ শিল্পী জনাৰ সৃষ্টিৰাজিৰ মাজেৰে তেওঁক জীয়াই ৰাখিব লাগিব।

পুষ্প জ্যোতি নাথে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অনাতাঁৰ শিল্পী গম্ভীৰ নাথে কয় যে শিল্পীৰ কেতিয়াও মৃত্যু নহয়। শিল্পী ৰাইজৰ মাজত অজৰ-অমৰ।

অনুষ্ঠানত নামাচাৰ্য টংকেশ্বৰ নাথ, প্ৰফুল্ল নাথ, ৰশ্মি দেৱী, ভায়লিনা কাকতি,দীক্ষা দেৱী,অম্বিক নাথ, প্ৰযুক্তি দেৱী, দীক্ষা দেবী, নিকুমনি দেবী, দিক্ষিতা দেবী, গীতিস্মিতা দেবী আৰু শিশু শিল্পী কেইবাজনেও জুবিনৰ গীত পৰিৱেশন কৰে।

সকলোৱে প্ৰিয় শিল্পীজনাৰ স্মৃতি চাৰণ কৰাৰ লগতে শিল্পীজনাৰ ওপজা দিন উপলক্ষে কেক কাটি সকলোৱে মায়াবিনী গীতটি সমস্বৰে পৰিবেশন কৰে।

পৰৱৰ্তী নিশালৈ শিল্পীজনাৰ গীতে-মাতে পূৱ জামুগুৰি নামঘৰৰ প্ৰাংগণ জীপাল কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!