পিয়লি ফুকন নগৰত বিনোদ শইকীয়াৰ পৰিচালনাত ‘অভিনন্দন’ মঞ্চস্হ
মহানগৰীৰ পিয়লি ফুকন নগৰত বিনোদ শইকীয়াৰ পৰিচালনাত ‘অভিনন্দন’ মঞ্চস্হ

DD TIMESত লিখিছে হেমচন্দ্র পাঠকে
সম্প্ৰতি ভোগ সৰ্বোচ্চ সমাজত ব্যক্তিগত সম্পত্তি আহৰণৰ বাবে এচাম লোকে যে যিকোনো পৰ্যায়লৈ নিজকে পৰ্যবসিত কৰিব পাৰে তাক প্ৰতিফলিত কৰি টিকেন্দ্ৰজিৎ তালুকদাৰে ৰচনা কৰা ‘অভিন্দন’শীৰ্ষক নাটখনি অলপতে মহানগৰীৰ চানমাৰী পিয়লি ফুকন নগৰত মঞ্চস্হ কৰা হয়।
পিয়লি ফুকন নগৰৰ স্হানীয় কুশী -লৱ সকলে ইয়াৰ লক্ষ্মী মন্দিৰ প্ৰাংগণৰ স্থায়ী মঞ্চত নাটখনি মঞ্চস্হ কৰে।

প্ৰবীণ নাট্যকৰ্মী বিনোদ শইকীয়াৰ পৰিচালনাত মঞ্চস্হ ‘অভিনন্দন’ শীৰ্ষক নাট খনিত দৰিদ্ৰ লোকক শোষণ কৰা তথা বন্ধু বৰ্গ আৰু আত্মীয় স্বজনক প্ৰতাৰণা কৰি আত্ম অভিলাষ পূৰ্ণ কৰা এজন স্খলিত মানুহৰ চৰিত্ৰ আৰু চৌপাশৰ সমাজ খনক প্ৰতিবিম্বিত কৰা হৈছে।
নাটখনৰ পৰিচালক তথা অভিনেতা বিনোদ শইকীয়াৰ বলিষ্ঠ অভিনয়ে নাটখনি যিদৰে সন্তুলিত কৰি ৰাখিছে, তেনেদৰে আমনিদায়ক মুহূর্ত সমূহকো উপভোগ্য কৰি তুলিছে।
অন্যান্য কুশী-লৱ সকলৰ ভিতৰত বাবুল মেধী,জ্যোতিষ হালৈ, অনুপ শৰ্মা, প্ৰাঞ্জল কলিতা, অনুপ তালুকদাৰ, ৰিংকু কলিতা, খৰ্গেশ্বৰ নাথ, মানস কলিতা, বুলেন দাস, ভূমিকা শৰ্মা, উপাসনা দাস, কমল বৰুৱা, চয়নিকা তালুকদাৰ, শ্যামন্ত কলিতা আদিয়ে চৰিত্ৰই বিচৰা ধৰণে অভিনয় কৰিছে যদিও বহুতৰে অনুশীলনৰ আৱশ্যক আছে।
নাটকখনৰ পোহৰ আৰু সংগীতৰ দিশটো সবল নহয়। যিহেতু নাটক এখনৰ সফলতাৰ আঁৰত আলোক সম্পাত আৰু সংগীতে প্ৰধান ভূমিকা লয় সেই দিশত পৰিচালক অধিক সচেষ্ট হোৱাৰ প্ৰয়োজন আছিল।তদুপৰি দৃশ্যসজ্জাৰ দিশটোত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল।
তথাপি অপেচাদাৰী শিল্পীসকলে স্থানীয়ভাৱে নিজস্ব প্ৰচেষ্টাৰে ধাৰাবাহিক ভাৱে নাটক একোখন মঞ্চস্হ কৰাটোও বৰ সহজ নহয়। এই প্ৰচেষ্টাৰো শলাগ ল’ব লাগিব।

