নৰ্থ ইষ্টাৰ্ন পুলিচ একাডেমীত শিক্ষামূলক ভ্ৰমণৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ’ল
DD TIMES গুৱাহাটী, ১৫ ছেপ্তেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আইন অধ্যয়ন বিভাগে দুদিনীয়াকৈ নৰ্থ ইষ্টাৰ্ন পুলিচ একাডেমি (নেপা) মেঘালয় ভ্ৰমণ কৰে৷ শৈক্ষিক কাৰ্যসূচীৰ অংশ হিচাপে শিক্ষক-শিক্ষাৰ্থীৰ এটা দ’লে ১২-১৩ ছেপ্তেম্বৰলৈ এই কাৰ্যসূচীত অংশ লয়।

ভ্ৰমণ কালত নেপাৰ উপ-সঞ্চালক (ইনড’ৰ) গেহাবতী চানামবামে ভাৰতীয় দণ্ডবিধি ব্যৱস্থাৰ ওপৰত এক গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰে। তেওঁ নেপা-ৰ বিভিন্ন পাঠ্যক্ৰম আৰু ইয়াৰ পাঠ্যসূচীৰ বিষয়েও আলোকপাত কৰে ৷
তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানটো অংশ লয়৷ য’ত বিভিন্ন সামাজিক সমস্যা বিষয়ে আলোচনা কৰা হয়৷ তেওঁ কয় সমাজ সলনি কৰিবলৈ হ’লে মানুহৰ মানসিকতাও সলনি হ’ব লাগিব।
ভ্ৰমণ কালত ছাত্ৰ-ছাত্ৰীসকলে নেপাৰ বিভিন্ন বিষয়াবৰ্গৰ সৈতেও মত বিনিময় কৰাৰ উপৰিও গ্ৰন্থাগাৰো পৰিদৰ্শন কৰে ৷
এই ভ্ৰমণত ছাত্ৰ-ছাত্ৰীসকল সংগ দিয়ে আইন বিভাগৰ ডীন অধ্যাপক স্তুতি ডেকা, বিভাগীয় মুৰব্বী ড° প্ৰীতি ৰূপা শইকীয়া, সহকাৰী অধ্যাপক ড° দিবাকৰ শৰ্মা আৰু সহকাৰী অধ্যাপক ড° সুমিতা গোপে।