অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

নেতিবাচক খবৰ সমাজৰ কাৰণে বিষাক্তঃ মণ্টু শইকীয়া

Spread the love

আপকুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত সাংবাদিক-নাগৰিকৰ মুকলি মত-বিনিময় আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান

DD TIMES

ওদালগুৰি, ১৫ চেপ্টেম্বৰঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সাংবাদিক সকল, কিন্তু এই চতুৰ্থ স্তম্ভ সাংবিধানিক বা চৰকাৰী হিছাপে স্বীকৃতি পোৱা নহয়, ইয়াক সাংবাদিক সকলে নিজস্ব কৰ্ম, দক্ষতা আৰু নিজৰ দায়িত্বৰ ভিত্তিত পোৱা এটা স্বীকৃতি মাথোন।

Oplus_131072

বৰ্তমান সময়ত গণতন্ত্ৰৰ স্তম্ভ ষষ্ঠ স্তম্ভলৈ উন্নীত হৈছে। তাৰে ভিতৰৰ পঞ্চম স্তম্ভটো হৈছে আমাৰ সমাজৰ সচেতন নাগৰিক সকল আৰু ষষ্ঠ স্তম্ভটো হৈছে দেশৰ পূঁজিপতি সকল যিয়ে দেশ এখনক আৰ্থিক ভাৱে সহায় কৰিব পাৰে।

Oplus_131072

বৰ্তমান সময়ত সঁচা খবৰ বোৰৰ টিআৰপি নহোৱা হৈছে যাৰ ফলত মিডিয়াবোৰ নেতিবাচক খবৰলৈ ঢাল খাইছে, আৰু এই নেতিবাচক খবৰ সমাজৰ কাৰনে বিষাক্ত হৈ পৰিছে বুলি দেওবাৰে অনুষ্ঠিত হোৱা আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকু, ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আজি ওৰাং কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ত সাংবাদিক- নাগৰিকৰ মুকলি মত- বিনিময় আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানত এই কথা বিশিষ্ট অতিথিৰ ভাষণৰ প্ৰসংগত আমাৰ অসমৰ সহ: সম্পাদক মণ্টু শইকীয়াই কয়।

Oplus_131072

তেওঁ আৰু কয় যে সাংবাদিক সকলে সাংবাদিকতাৰ অস্ত্ৰপাত ব্যৱহাৰ কৰোতে বহু সাৱধান হব লাগে কাৰণ এইপাত অস্ত্ৰৰ দুয়োফালে চোকা ধাৰ থাকে।

বৰ্তমান সময়ত মিডিয়া ফণ্টলাইন হৈ থকা নাই সকলো চচিয়েল মিডিয়ালৈ পৰিবৰ্তন হৈছে। এই চচিয়েল মিডিয়াও এতিয়া লাহে লাহে নিউ মিডিয়ালৈ ঢাপলি মেলিছে যিয়ে নেকি বহু জনৰ পৰা হাজাৰ জনলৈ বিয়পি পৰিছে বুলি শইকীয়াই কয়।

Oplus_131072


মণ্টু শইকীয়াই যুৱ প্ৰজন্ম উদ্দেশ্যি আৰু কয় যে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ গতিকে আমাৰ প্ৰজন্মক সময়ৰ লগত খোজ মিলাই আগবাঢ়ি আহিবলৈ আহ্বন জনাই।

আনহাতে সমাজ সেৱক বিনোদ কুমাৰ বৈষ্যই পৰিচালনা কৰা মত বিনিময় অনুষ্ঠানত ওৰাং বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা ৰমিয় বসুমতাৰীয়ে সাংবাদিক সকলক জনমত শক্তিশালী কৰিবলৈ আহবন জনোৱাৰ লগতে দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়া, ওৰাং বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিনন নাৰ্জাৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষসুকুমাৰ দাস, ওৰাং ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাই সাংবাদিকৰ নীতি আদৰ্শৰ ওপৰত মন্তব্য ডাঙি ধৰে।


অনুষ্ঠান আগমূহুৰ্তত ৰাতিপুৱা ১০ বজাত বিশিষ্ট শিল্পী পেঁপা, বাঁহী, গগনা, ঢোল, বিহুগীত আদিৰে লোহিত হাজৰিকাই অনুষ্ঠান জীপাল কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!