নীৰৱতাক গীতৰ জৰিয়তে কথা ক’বলৈ দিয়াটো কঠিন কামঃ তৰালি শৰ্মা
প্ৰশাসনিক বিষয়া কমল বৰুৱাৰ ‘কথা কোৱা হে নীৰৱতা’ কবিতাৰ সাংগীতিক ৰূপ উন্মোচন
উত্তৰ গুৱাহাটী,১ ছেপ্টেম্বৰঃ বিশিষ্ট কবি তথা শোণিতপুৰ জিলাৰ বৰচলা সমজিলাৰ আয়ুক্ত কমল বৰুৱাৰ জনপ্ৰিয় কবিতা ” কথা কোৱা হে নীৰৱতা “ক সাংগীতিক ৰূপ দি যশস্বী শিল্পী তৰালি শৰ্মাই কৰাই কৰা গানটো কালি সন্ধিয়া গুৱাহাটীৰ হোটেল শ্বুলিন গ্ৰেণ্ডত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয়।
গানটো উন্মোচন কৰি দিয়া ভাষণত সাহিত্য অকাডেমিৰ যুৱ বঁটা প্ৰাপকৰ তথা বিশিষ্ট কবি বিজয় শংকৰ বৰ্মনে কয় যে তৰালি শৰ্মাৰ দৰে গুণী শিল্পীয়েহে কবিতাক সাৰ্থক ভাৱে সংগীতৰ ৰূপ দিব পাৰে। কমল বৰুৱাৰ ‘কথা কোৱা হে নীৰৱতা’ শীৰ্ষক কবিতাটোৰ প্ৰসংগ উল্লেখ কৰি তেওঁ আৰু কয় যে কমল বৰুৱাই এফালে ধুনীয়া আৰু আনফালে পংকিল পৃথিৱীৰ মাজত অৱস্থান কৰি যি যন্ত্ৰণাৰ সাক্ষী হৈছে তাক ইয়াৰ জৰিয়তে কাব্যায়িত কৰিছে।

নীৰৱতাত থকা শুকান ৰসক গানৰ জৰিয়তে তৰালি শৰ্মাই জীপাল কৰি তোলা বুলিও তেখেতে মন্তব্য কৰে। অনুষ্ঠানত ভাষণ দি বিশিষ্ট শিল্পী তৰালি শৰ্মাই কয় যে নীৰৱতাক গীতৰ জৰিয়তে কথা ক’বলৈ দিয়াটো কঠিন কাম । নীৰৱতাৰো জীৱন থাকে,থাকে এক সত্ত্বা।
তেওঁ আৰু কয় যে কবিতাৰ বিষয়বস্তু উপলব্ধি কৰিব নোৱাৰিলে তাক গীতৰ সভালৈ অনাটোত সাৰ্থক হ’ব নোৱাৰি। তেওঁ কমল বৰুৱাৰ সৃষ্টিশীল মন আৰু ৰঙৰ পৃথিৱীত থাকি সঁচা পৃথিৱীৰ ছবি অংকন কৰিব পৰা দক্ষতাৰো শলাগ লয়। সভাত ভাষণ দি ‘অসমীয়া খবৰ’ কাকতৰ মুখ্য সম্পাদক বিশ্বজিৎ দাসে কমল বৰুৱাৰ কবিতাটোক সাংগীতিক ৰূপ দিয়াত তৰালি শৰ্মাৰে হোৱা সংযোগৰ কথা কয়।
তেওঁ কমল বৰুৱাৰ কাপৰ পৰা আৰু নতুন সৃষ্টিৰ আশা কৰে। সভাত ভাষণ দি যশস্বী লেখক , সমালোচক জ্যোতি খাটনিয়াৰে কয় যে অতি সম্প্ৰতি গানৰ জগতৰ পৰা পৰিশীলিত ব্যক্তিত্ববোৰ ক্ৰমাৎ আঁতৰি যাব ধৰিছে। কিন্তু ভাৰতীয় সংগীতৰ এক ধ্ৰুপদী চেতনা থকা বাবে তেনে সংগীতত পৰিশীলিত ব্যক্তিত্ব অনুভূত হয়, যিটো পশ্চিমীয়া সংগীতৰ ধাৰাত সাধাৰণতে অবিদ্যমান। তেওঁ কয় যে গান গোৱা মানুহজন আৰু তেওঁৰ ব্যক্তিত্বৰ এক সুষম সমন্বয় থকা প্ৰয়োজন।
তৰালি শৰ্মাই এই গুণৰ অধিকাৰী হোৱা বাবেই সংগীতৰ জগতত উজ্বলি থকা বুলি তেওঁ কয়। তেওঁ কয় যে গান এটা যদি শুনাৰ পাছত বুজাই দিব লগা হয়, তেন্তে সেই সংগীত বিশুদ্ধ হ’ব নোৱাৰে। কমল বৰুৱাৰ কবিতাৰ আলোচনা কৰিবলৈ গৈ খাটনিয়াৰে আৰু কয় যে অসমীয়া ভাষাত প্ৰকৃত কবিৰ মৃত্যু হৈছে।
ইয়াৰ যুক্তি দাঙি ধৰি তেওঁ কয় যে কবিৰ প্ৰধান সমস্যা হ’ল তেওঁ নিৰ্দিষ্ট ধৰণৰ এক ভাষা শৈলী গঢ়ি তুলিব লগা হয়, যিটো এগৰাকী কবিৰ বাবে বৰ দীঘলীয়া প্ৰক্ৰিয়া। কবিৰ কবিতাৰ ভাষাই এক মৰ্যদা আৰু স্বতন্ত্ৰতা নাপালে সেই কবিতাই সাৰ্থকতা লাভ নকৰে। তেওঁ কয় যে প্ৰখ্যাত অসমীয়া কবি নীলমণি ফুকনেও আনকি এক দীঘলীয়া যাত্ৰাৰ অন্ততহে নিজৰ কবিতালৈ শ্ৰেষ্ঠত্ব আনিব পাৰিছে।
এই ক্ষেত্ৰত অসমৰ কেৱল অজিত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যইহে কাব্যানুশীলনৰ প্ৰাৰম্ভিকৰ পৰাই কবিতা ভাষাৰ ক্ষেত্ৰত মৰ্যদা আৰু স্বতন্ত্ৰতা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ কয়। তেওঁ আৰু কয় যে কমল বৰুৱাৰ কবিতাৰ এক স্বকীয় ভাষাশৈলী আৰু শক্তিশালী চেতনা আছে। তেখেতে নীৰৱতাক কবিতাৰ বিষয় কৰি যি সম্পৰীক্ষা আৰম্ভ কৰিছে সেই ক্ষেত্ৰত সাৰ্থক হ’ব পাৰিছে। তেওঁ কয় যে সাম্প্ৰতিক কালত নীৰৱতাক বিষয় হিচাপে লৈ বিশ্বত ভালেমান কালজয়ী সাহিত্যৰ সৃষ্টি হৈছে। তাৰ সহযাত্ৰী হ’বলৈ কমল বৰুৱাৰ যি প্ৰয়াস সেয়া সফল হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
তেওঁ কবিসকলৰ সামাজিক দায়বদ্ধতাৰ প্ৰসংগ উল্লেখ কৰি কয় যে যেতিয়া কোনো গণতান্ত্ৰিক ব্যৱস্থাই জনসাধাৰণৰ কণ্ঠ ৰোধ কৰিব খোজে , তেতিয়া কবি- সাহিত্যিক সকলক অসুবিধাত পেলায়। কাৰণ মানুহৰ হৃদয়ৰ স্পন্দন প্ৰথমে কবি- সাহিত্যিকৰ চকুত ধৰা পৰে। তেতিয়া তেওঁলোকে জনগণক কি বাৰ্তা দিব সেইটো অতি গুৰুত্বপূৰ্ণ কথা বুলিও তেওঁ কয়। গুৰুকুল গ্ৰামাৰ স্কুলৰ কৃতী শিক্ষক ৰাহুল কিশোৰ ডেকাই আঁত ধৰা উক্ত অনুষ্ঠানৰ আৰম্ভণিতে গীতৰ ৰূপ দিয়া তেখেতৰ কবিতাটোৰ সৃষ্টিৰ আঁৰৰ কথা ব্যক্ত কৰে।
এই গানটো তেখেতৰ জন্মদিনৰ এক স্মৰণীয় উপহাৰ বুলি মন্তব্য কৰে। ইয়াৰ বাবে তেখেতে শিল্পী তৰালি শৰ্মাৰ লগতে তেখেতৰ সহযোগীসকলৰ শলাগ লয়। অনুষ্ঠানত ‘তাৰিখ’ চলচ্চিত্ৰৰ পৰিচালক হীমজ্যোতি তালুকদাৰ, লেখক – সাংবাদিক তথা শিক্ষাবিদ পৰেশ বৈশ্য, দ্বৈত কণ্ঠৰ শিল্পী পদুম বৰা প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উক্ত অনুষ্ঠানত কামৰূপৰ অতিৰিক্ত আয়ুক্ত ডা. গৰ্গমোহন দাস, সংগীত শিল্পী পদুম বৰা,পাৱাৰগ্ৰীডৰ বিষয়া নৱজ্যোতি গগৈ, ছয়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক লক্ষ্যধৰ শৰ্মা আৰু ভাস্কৰ জ্যোতি কলিতাই গীত পৰিৱেশন কৰি আপ্লুত কৰে।
এই অনুষ্ঠানতেই এন.বি নিউজৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত, ছয়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ৰাজীৱ ডেকা,জিণ্টু শৰ্মাই কবিতা পাঠ কৰে। উল্লেখযোগ্য যে কমল বৰুৱাৰ কবিতা ‘ কথা কোৱা হে নীৰৱতা ‘ টোক তৰালি শৰ্মাই কণ্ঠদান কৰা গানটো ইতিমধ্যে ইউটিউবত উপলব্ধ হৈছে।