নন্দিনী কাশ্যপৰ জামিন লাভ
নন্দিনীয়ে জামিন পোৱাৰ পাছত ছামিউলৰ পিতৃ-মাতৃৰ ক্ষোভ
নন্দিনীৰ মাকে আজি শান্তি পাব, মই কেনেকৈ শান্তি লওঁ, মোৰ ল’ৰা আজি নাই
মোক কোনে শান্তি দিব? মই বিচাৰি ফুৰোঁ, মই মোৰ ল’ৰাক ক’তো দেখা নাপাওঁ
৪০ দিন হ’ল, এদিন খবৰ লোৱা হ’লেও শান্তি পালোঁহেঁতেন
DD TIMES বৰক্ষেত্ৰী, ১০ ছেপ্টেম্বৰঃ অভিনেত্ৰী নন্দিনী কাশ্যপে সংঘটিত কৰা পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা ছামিউলৰ দুৰ্ভগীয়া পৰিয়ালটোৱে আজিও ন্যায় বিচাৰি হাহাকাৰ কৰিছে। ইঞ্জিনিয়াৰ হোৱাৰ সপোন বুকুত বান্ধি অজান দেশলৈ গ’লগৈ এটি অমূল্য ৰতন।

ছাত্ৰজনক অকালতে হেৰুৱাই বৰক্ষেত্ৰীবাসী হতাশ হৈ পৰিছিল। আনহে নালাগে নলবাৰী জিলাৰ মুগদি সোণাপুৰৰ অতি মেধাৱী তথা অমায়িক ছাত্ৰজনে অধ্যয়ন কৰা নলবাৰীৰ পলিটেকনিকৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো ছাত্ৰজনৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছিল।
নলবাৰী জিলাৰ মুগদি সোণাপুৰৰ ছফিউল হক আৰু চেচিমা আখটাৰৰ জ্যেষ্ঠ পুত্ৰ ছামিউলৰ মৃতদেহ নলবাৰীৰ মুগদিৰ সোনাপুৰৰ বাসগৃহ আহি পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠিছিল অঞ্চলটোত।

উল্লেখ্য, নলবাৰী প’লিটেকনিকৰ পঞ্চম সান্মাসিকৰ ছাত্ৰ আছিল ছামিউল হ’ক। অতি মেধা সম্পন্ন ২১ বছৰীয়া যুৱকগৰাকীৰ মৃত্যুত পিতৃ মাতৃ, পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে শোকত ম্ৰিয়মান হৈ পৰিছিল। সকলোৱে ন্যায়ৰ অপেক্ষাত ৰৈ আছিল।
অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা মেধাৱী যুৱকজন অৱশেষত অজান দেশলৈ গ’লগৈ।
২৯ জুলাইৰ সন্ধিয়া মৃত্যুৰ সৈতে হাৰ মানি সকলোকে কন্দুৱাই ৫.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল অতি মেধাৱী যুৱকজনে। ছামিউলৰ অকাল মৃত্যুত নলবাৰী পলিটেকনিকৰ ছাত্ৰ সমাজ, পিতৃ-মাতৃ, দল সংগঠনৰ লগতে গাঁওবাসীয়ে ঘাটক অভিনেত্ৰী নন্দিনী কাশ্যপক ন্যায়ালয়ে উচিত শাস্তি প্ৰদান কৰি পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে আহ্বান জনাইছিল।
কিন্তু সকলো যেন ফুটুকাৰ ফেনতহে পৰিণত হ’ল। আৰক্ষীয়ে উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰাৰ ফলতে মুকলি আকাশৰ তললৈ আহিল নন্দিনী। “ল’ৰাজনে সামান্য আঘাত পাইছে” বুলি দুৰ্ঘটনা সংঘটিত কৰা দাম্ভিক অভিনেত্ৰীগৰাকীয়ে কোৱাৰ পিছৰখিনি সকলোৱে জ্ঞাত।
নিজেই নিজৰ পঢ়া খৰচ উলিয়াই শৈক্ষিক জীৱন আগবঢ়াই নিয়া এটি মেধা সম্পন্ন জীৱনৰ অপমৃত্যু ঘটিল। দুৰ্ঘটনা এটা কোনেও কৰো বুলি সংঘটিত নকৰে সেই কথাটো সকলোৱে বুজে, কিন্তু দুই বছৰত পাচবাৰকৈ তীব্ৰবেগত বাহন চলাই জৰিমনাৰ সন্মুখীন হ’ব লগা হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপে যেন এই দুৰ্ঘটনাটোৰ পিছতো অনুতপ্ত নাছিল।
ল’ৰাজনে মৃত্যুৰ সৈতে যুঁজি থকা সময়ত অভিনেত্ৰী গৰাকীয়ে নিজৰ গাড়ীখন ভাল কৰাৰহে চিন্তা কৰিছিল, থিয়েটাৰৰ আখৰাত ব্যস্ত আছিল, অথচ হস্পিতালত গৈ ল’ৰাজনৰ খবৰ এটা ল’বলৈ জ্ঞান ন’হল।
অন্যহাতে, ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ ফোঁপোলা স্বৰূপ উন্মোচিত হৈছিল যেতিয়া তিনিদিন ধৰি চিকিৎসালয়খনত সাধাৰণ চিকিৎসাৰে কেৱল বেণ্ডেজ কৰিয়ে ৰাখি থৈছিল যুৱকজনক।
সেই তিনি দিনত চিকিৎসালয়খনত তেওঁলোকে এগৰাকী নিউৰোলোজিৰ চিকিৎসকো নোপোৱাত উপায়ন্তৰ হৈ পৰিয়ালটোৱে মাটি বিক্ৰী কৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছিল যুৱকজনক।
সৰ্বত্ৰ প্ৰশ্ন উত্থাপিত হৈছিল ৰাজ্যখনৰ ৰাজধানী চহৰত অৱস্থিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনতে যদি চিকিৎসা ব্যৱস্থাৰ এনে ধৰণৰ অৱস্থা হয় তেন্তে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিভিন্ন চিকিৎসালয়বিলাক কি অৱস্থাত আছে সেয়াও বিচাৰ্য বিষয় হৈ পৰিছিল।
দুৰ্ঘটনাৰ পিছৰ প্ৰথম তিনিদিনতে যদি উপযুক্ত চিকিৎসা পালেহেঁতেন, তেন্তে হয়তো ছামিউল হকৰ মৃত্যু নহ’লহেঁতেন বুলিও পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নিচিনা এখন গুৰুত্বপূৰ্ণ চিকিৎসালয়ত দুৰ্ঘটনাত পতিত ৰোগী এগৰাকীক চিকিৎসা কৰিবলৈ এগৰাকীক নিউৰোলজিৰ চিকিৎসক নথকাতো বিচাৰ্য বিষয় আছিল।
ছামিউল হকৰ মৃত্যুৱে ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসা ব্যৱস্থাৰ ফোপোলা স্বৰূপটোও প্ৰকাশ পাইছিল।
