অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

নগাঁৱত প্ৰথমবাৰৰ বাবে বিনামূলীয়া থেলামেচিয়া ৰোগীৰ বাবে HLA Typing শিবিৰ

Spread the love

কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰদ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে নগাঁও জিলাত প্ৰথমবাৰৰ বাবে বিনামূলীয়া থেলামেচিয়া ৰোগীৰ বাবে HLA Typing শিবিৰ অনুষ্ঠিত

DD TIMES বেবেজীয়া, ২১ ডিচেম্বৰঃ মুম্বাইস্থিত কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান তথা DKMS India, ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱা মন্ত্ৰণালয় আৰু Parent’s Association Thalassemic Unit TRUST, Mumbaiৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসন, জিলা চিকিৎসা সমিতি আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সহযোগিতাত ২১ ডিচেম্বৰত নগাঁও চিকিৎসা মহাবিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে থেলাছেমিয়া ৰোগীৰ বাবে এটি বিনামূলীয়া Human Leukocyte Antigen চমুকৈ HLA Typing চিনাক্তকৰণ শিবিৰ সফলতাৰে অনুষ্ঠিত হয়।

এই শিবিৰৰ জৰিয়তে ১৫ বছৰৰ তলৰ থেলাছেমিয়া, চিকেল চেল ৰোগ আৰু এপ্লাষ্টিক এনিমিয়াত আক্ৰান্ত শিশুসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ Bone Marrow Transplant Unitৰ দ্বাৰা পৰিচালিত এই শিবিৰৰ মূল উদ্দেশ্য হিচাপে, ৰোগী আৰু তেওঁলোকৰ নিকটতম পৰিয়ালৰ সদস্যসকলৰ মাজত সম্ভাৱ্য কোষৰ মিল বা HLA Typing পৰীক্ষা কৰা।

কাৰণ পৰিয়ালৰ ভিতৰত কোনো সদস্যৰ সৈতে কোষৰ মিল থাকিলে হাড়ৰ মজ্জা প্ৰতিস্থাপন বা BMT ৰ জৰিয়তে এই জটিল ৰোগসমূহৰ পৰা স্থায়ী মুক্তি লাভ কৰাটো সম্ভৱ হৈ পৰে।

সাধাৰণতে দাতাৰ মিল নথকাৰ বাবে বহুতো শিশুৱে আজীৱন লোকৰ তেজৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয়, যিয়ে পৰিয়ালসমূহলৈ চৰম আৰ্থিক সংকট নমাই আনে।

সেই দুৰ্ভাগ্যজনক পৰিস্থিতি দূৰ কৰিবলৈকে আজিৰ এই শিবিৰত ৰোগী আৰু পৰিয়ালৰ বাবে সকলো পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয়।

ইয়াৰোপৰি যদি কোনো শিশুৰ পৰিয়ালৰ সদস্যৰ সৈতে নমুনাৰ মিল পোৱা যায়, তেন্তে তেওঁলোকৰ পৰৱৰ্তী উন্নত চিকিৎসাও চিকিৎসালয়খনৰ BMT Unitত বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।


উল্লেখযোগ্য যে, কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ উক্ত ইউনিটটোৱে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয় আৰু অন্যান্য সহযোগী সংস্থাৰ সৈতে মিলি সমগ্ৰ দেশতে ইতিমধ্যে ৬০তকৈও অধিক এনে শিবিৰ সম্পন্ন কৰি ১০ হাজাৰৰো অধিক শিশুক সুস্থ কৰি তুলিছে।

আজিৰ এই নগাঁৱৰ শিবিৰত মুঠ ৫৪গৰাকী ৰোগীক পৰীক্ষা কৰা হয় আৰু পৰীক্ষাগাৰৰ বাবে মুঠ ১০৮ টা নমুনা সংগ্ৰহ কৰি এক সফল আৰম্ভণি কৰা হয়।

উল্লেখ্য, এই শিবিৰত মুম্বাইৰ পৰা অহা কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ শিশু হাৰমেট’লজী, অংক’লজী আৰু বিএমটি বিভাগীয় মুৰব্বী, ড° শান্তনু সেন, মুম্বাইৰ চিকিৎসক ড° নিৰালি সংঘৱী, গুৱাহাটীৰ চিকিৎসক ড° কবিতা মজুমদাৰ, অতিৰিক্ত জিলা আয়ুক্ত(স্বাস্থ্য) সুদীপ নাথ, অঃঅঃসেঃ, সহকাৰী আয়ুক্ত শিখা নাথ, অঃঅঃসেঃ, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিষ্ণু ৰাম দাস প্ৰমুখ্যে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!