অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

নগাঁৱত উলহ মালহৰে বিশ্বকৰ্মা পূজা উদযাপন

Spread the love

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলত কুৰিজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, কৃতী ছাত্র-ছাত্রীক সম্বৰ্ধনা

DD TIMES

নগাঁও, ১৯ ছেপ্টেম্বৰঃ সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত উলহ-মালহৰে বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়। বৃহস্পতিবাৰে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, উদ্যোগিক প্ৰতিষ্ঠান, কল-কাৰখানা আৰু প্ৰতিষ্ঠান আদিত বিশ্বকৰ্মা পূজা উলহ-মালহেৰে উদযাপন কৰা হয়।

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰী সকলেও যথাৰীতি বিশ্বকৰ্মা পূজা উদযাপন কৰে। নগাঁও লোকনিৰ্মাণ বিভাগৰ (গৃহ)উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা বিশ্বকৰ্মা পূজাত পুৱাৰ ভাগত বিষয়া, কৰ্মচাৰীসকলে শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ শ্ৰীচৰণত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজত পূজা অৰ্চনা কৰি যান-বাহনৰ লগতে সকলোৰে সুৰক্ষা কামনা কৰি আশিষ গ্ৰহণ কৰে।

দুপৰীয়া আমন্ত্ৰিত নামতি দলৰ নাম পৰিবেশন কৰা হয়। সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। অন্যহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডল কাৰ্যালয়ত এক ব্যতিক্ৰমী ৰূপত বিশ্বকৰ্মা পুজা উদযাপন কৰা হয় ।

পুৱাৰ ভাগত পৰম্পৰাগতভাৱে পূজা অৰ্চনা কৰা হয়। দুপৰীয়া নাম প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পিছত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কুৰিজনৰো অধিক অৱসৰপ্ৰাপ্ত বিষয়া- কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁৱৰ অধীক্ষক অভিযন্তা গৌতম বৰা, নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গগন তালুকদাৰ, বিশিষ্ট সাংবাদিক কনক হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। সহ কাৰ্যবাহী অভিযন্তা ৰূপজ্যোতি বৰদলৈয়ে আঁতধৰা অনুষ্ঠানত সম্বৰ্ধিত ব্যক্তিসকলক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, কৰ্মচাৰীৰ কেবাগৰাকী কৃতি শিক্ষাৰ্থীকো সম্বৰ্ধনা জনোৱা হয়। নিশালৈ অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠানৰ৷

তাৰোপৰি নগাঁও জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত বিশ্বকৰ্মা পুজাত পৰম্পৰাগত পুজা অৰ্চনা অনুষ্ঠিত হোৱাৰ পিছত নাম-প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পিছত সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত হয়।

অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই কেবাটাও গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

নগাঁও জলসম্পদ বিভাগ, অসম শক্তি আৰু বিতৰণ কোম্পানী, নগাঁও আই টি আই, নগাঁও পলিটেকনিক, নগাঁও মেডিকেল কলেজ, নগাঁও স্বাস্থ্য বিভাগৰ অধীনৰ সকলো কাৰ্যালয়, চিকিৎসালয়, নগাঁও জলসিঞ্চন বিভাগ, জিলাখনৰ চাহবাগিচা, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ’চিয়েশ্বন আদিকে ধৰি সকলো উদ্যোগিক, কাৰিকৰী প্ৰতিষ্ঠান আদিত বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!