অসমঅসমীয়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

নগাঁও বেবেজীয়াৰ জামুগুৰি ২৭৫ বছৰীয়া বুঢ়া নামঘৰত শ্ৰীকৃষ্ণৰ জন্মোৎসৱত বোকা ভাওনা

Spread the love

লোকাৰণ্য নামঘৰ প্ৰাংগণঃ অংকীয়া নাট-বোকা ভাওনা চাবলৈ দৰ্শকৰ লানি নিচিঙা সোঁত

DD TIMES

নগাঁও, ১৫ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়া সমীপৰ জামুগুৰিৰ ২৭৫ বছৰীয়া বুঢ়া নামঘৰত আজি বিয়লি শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী উপলক্ষে আজি বিয়লি আয়োজিত বোকা ভাওনা চাবলৈ অনেক দৰ্শনাৰ্থীৰ ভিৰ হোৱা পৰলক্ষিত হয়।

সোমবাৰে পুৱা মধ্য জামুগুৰিৰ বুঢ়া-নামঘৰত পুৱা প্ৰাত: প্ৰসংগ, পৰিবেশ নিকাকৰণ, আয়তীসকলৰ দ্বাৰা জলাৰোহন, দুপৰীয়া নাম-প্ৰসংগ আৰু পৰৱৰ্তী বিয়লিৰ ভাগত শিশু কৃষ্ণ-বলোৰামক স্নান কাৰ্য সম্পন্ন হয়। পৰৱৰ্তী বিয়লিলৈ বোকা-ভাওনা অনুষ্ঠিত হয়।

এই বোকা-ভাওনাত শিশুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনৰলৈকে বোকাৰে লুতুৰি-পুতুৰি হৈ বোকা-ভাওনাত অংশলৈ এক আনন্দমুখৰ পৰিবেশ গঢ়ি তোলে।

আবেলিৰ পৰা সন্ধিয়ালৈকে অনুষ্ঠিত হোৱা বোকা-ভাওনা দৰ্শন কৰিবলৈ অঞ্চলটোৰ দৰ্শনাৰ্থীৰ লানি-নিচিঙা সোঁত বয়।

শংকৰী কলা- কৃষ্টিৰ সাধক বীৰেণ চন্দ্ৰ নাথ, হেমকান্ত নাথ, ভকতৰাম নাথ, সংস্কৃতিৱান যুৱক সন্তোষ নাথ, গোলাপ নাথ, অংকুমণি নাথ, পংকজ নাথ, উৎপল নাথ, ৰিপুঞ্জয় নাথ, নেত্ৰ ৰঞ্জন পণ্ডিতৰ নেতৃত্বত ভাওনাখনি অনুষ্ঠিত হয়।

অন্যহাতে যোৱা নিশা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উক্ত নামঘৰতে অংকীয়া ভাওনা কালীয় দমনৰ শ্ৰীকৃষ্ণৰ জন্ম খণ্ড সাৱলীলৰূপে পৰিবেশন কৰা হয়।

Oplus_131072

অংকীয়া ভাওনাৰ মোহময় পৰিবেশে দুপৰ নিশালৈকে দৰ্শক ৰাইজক মোহিত কৰি ৰাখে। উল্লেখ্য যে উক্ত ভাওনাত প্ৰতি গৰাকীৰ শিল্পীৰ অভিনয় আছিল দৃষ্টি নন্দন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!