MISCELLANEOUSঅসমমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

নগাঁও জিলা পুথিভঁৰালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো- অপাৰেটিভৰ সাধাৰণ সভা

Spread the love

শ্ৰম-সাধনা আৰু সততাৰে কৰা কৰ্মইহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰেঃ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা

DD TIMES: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিত্তীয় প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটি লিমিটেডৰ আজি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত একাদশ বাৰ্ষিক সাধাৰণ সভাখনি দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ তিনিচুকীয়া, ডিব্ৰুগড়, শদিয়া, দুলীয়াজান, যোৰহাট, গোলাঘাট, লক্ষিমপুৰ, জোনাই, ধেমাজি, গহপুৰ, বঙাইগাঁও, নলবাৰী, ৰঙিয়া, বকোকে ধৰি বিভিন্ন প্ৰান্তৰ সংগীসকলে অংশগ্ৰহণ কৰা সভাখনিত সভাপতিত্ব কৰে থ্ৰিফট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটি লিমিটেডৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই ।

থ্ৰিফট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটি লিমিটেডৰ পৰিচালন সঞ্চালক মমতা বৰকাকতিয়ে আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই । সভাৰ উদ্বোধন কৰি তেওঁ কয় যে সঞ্চয় কৰিলেহে আৰ্থিকভাৱে সবল হ’ব পাৰি । সঞ্চয় কৰিব পৰাটো মানুহৰ এটা ভাল গুণ । নিবনুৱা সমস্যা সমাধানৰ বাবে স্বাবলম্বনৰ বাটত আগবাঢ়ি যাব লাগে ।

এইক্ষেত্ৰত আই-মাত্ৰ সমাজক তেওঁ অনুৰোধ জনাই যে নৱ প্ৰজন্মক কৰ্মমুখী হোৱাত তেওঁলোকৰ সন্তানক প্ৰেৰণা দি যায় । সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই কয় যে অৰ্থ নহ’লে মানুহে সমাজত দৃঢ়তাৰে বৰ্তি থাকিব নোৱাৰে । জীৱন-জীৱিকাৰ বাবে অৰ্থ অতি প্ৰয়োজনীয় ।

ইয়াৰ বাবে শ্ৰম-সাধনা আৰু সততাৰে কৰ্ম সম্পাদন কৰি যাব লাগিব । শ্ৰম-সাধনা আৰু সততাৰে কৰা কৰ্মইহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে । লগতে তেওঁ কয় যে ভাৰতৰ সমবায় আন্দোলনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটি লিমিটেডে অগ্ৰণী স্থান দখল কৰি আহিছে ।

সভাত ছচাইটিৰ পৰিচালন সঞ্চালকৰ প্ৰতিবেদন পাঠ কৰে মমতা বৰকাকতিয়ে । লগতে আভ্যন্তৰীণ হিচাপ পৰীক্ষৰক প্ৰতিবেদন পাঠ কৰে হিচাপ পৰীক্ষৰক তোষেশ্বৰ বৰাই । উল্লেখ্য যে চচাইটিখনে বৰ্তমান ২৬ কোটি ৬১ লাখ টকাৰ বিত্তীয় লেনদেন চলাই আহিছে । অন্যহাতে চচাইটিখনত ২৬ হাজাৰ অংশীদাৰে সংগীৰূপে কাৰ্য্য সম্পাদন কৰি আছে ।

উল্লেখযোগ্য যে আজিৰ এই সাধাৰণ সভাতে থ্ৰিফট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটিৰ তৰফৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ ৪ লাখ টকাৰ এখন চেক পদাধিকাৰ আৰু প্ৰধান সম্পাদকৰ হাতত অৰ্পণ কৰে ।

থ্ৰিফট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটিৰ কাৰ্যবাহী বিষয়া ভবেন বৰদলৈয়ে শলাগৰ শৰাই আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত চ’চাইটিৰ উপাধ্যক্ষ সদানন্দ বৈশ্য, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, পৰ্যবেক্ষক মুকুন্দ মজুমদাৰ, মূলৰসদস্য তোষেশ্বৰ বৰা, অশোক কুমাৰ বৰুৱা, জয়ৰাম দেউৰী, মোহন বৰুৱা, তপন শৰাই, কেশৱ কটকী, বুদ্ধ বৰা, বিজু হাজৰিকা, সংঘৰ গ্ৰন্থ বিপণন শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞা, মঞ্জু ঘৰফলীয়া, মঞ্জুলা লস্কৰ, অজিত ভূঞা, মৃণাল ভাগৱতীকে ধৰি ২৬ খন জিলাৰ বহু সংগী উপস্থিত থাকে ।

সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰথ্ৰিফট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটিৰ আগন্তুক বৰ্ষৰ বাবে অজিত বৰাক হিচাপ পৰীক্ষক হিচাপে মনোনীত কৰা হয় । সন্ধিয়া বন্তি প্ৰজ্বলনেৰে সভাৰ সামৰণি পৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!