FRESHMAN SOCIAL: নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা
নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা
অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি অসমীয়া মানুহৰ দুৰ্বলতা আছেঃ নৰেশ কলিতা

DD TIMES নগাঁও, ১৭ অক্টোবৰঃ ভাষা জীয়াই ৰাখিবলৈ হাতেৰে লিখা আখৰৰ চৰ্চা হ’ব লাগিব। ভাষা শক্তিশালী হোৱাৰ মূলতেই হৈছে গ্ৰন্থ ৰচনা। এইদৰেই অসমীয়া ভাষা-সাহিত্য চহকী হৈছে।
বৃহস্পতিবাৰে মধ্য অসমৰ আগশাৰীৰ বাণিজ্য শিক্ষাৰ অনুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ৪২ সংখ্যক নৱাগত আদৰণি সভাৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি নিয়মীয়া বাৰ্তাৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক নৰেশ কলিতাই এই মন্তব্য কৰি কয় যে অসমীয়া মানুহ আবেগিক।

অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অসমীয়া মানুহৰ দুৰ্বলতা আছে। তেওঁ লগতে কয় যে অসমীয়া ভাষা পুৰ্বৰ পৰা চহকী। বিগত ১২৫ বছৰৰ ভিতৰত অসমীয়া ভাষাত ১লাখ ১০ হাজাৰ শব্দ নতুনকৈ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ মুল কাৰণ হৈছে অসমত গ্ৰন্থ ৰচনা হৈ থকাটো। বহতে কব বিচাৰে যে বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা কমিছে।
আচলতে সেয়া সঁচা নহয়। বাতৰি কাকতৰ ই-সংস্কৰণ দেশ-বিদেশৰ লাখ লাখ লোকে পঢ়ে। প্ৰসঙ্গক্ৰমে তেওঁ নিয়মীয়া বাৰ্তা কাকতৰ প্ৰচলনৰ বিষয়ে উল্লেখ কৰে।জনদৰদী শিল্পী জুবিন গাৰ্গৰ বিষয়ে উল্লেখ কৰি কলিতাই কয় যে, জুবিন গাৰ্গৰ মৃত্যু অসমীয়া মানুহে সহজভাৱে মানি ল’ব পৰা নাই।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো শোকাকুল পৰিবেশৰ সৃষ্টি হৈছিল যদিও জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আজি প্ৰায় এমাহ ধৰি ৰাজ্যখনত শোকাকুল পৰিবেশ বিৰাজ কৰি থকাটো মনকৰিবলগীয়া। জুবিন গাৰ্গক বিৰল প্ৰতিভাৰ আকৰ বুলি উল্লেখ কৰি কলিতাই কয় যে জুবিন গাৰ্গ আছিল এজন দক্ষ কবি আৰু ক্ষণজন্মা শিল্পী। তেওঁৰ কবিতাত বৈচিত্ৰতা আছে। এনে ক্ষণজন্মা শিল্পী আমি হয়তু ৫০/১০০ বছৰলৈ নাপাম।
জুবিন গাৰ্গৰ সৃষ্টিৰাজি আগতে প্ৰকাশ হোৱা নাছিল। জীৱিত অৱস্থাত এই গৰাকী প্ৰতিভাৰ আকৰ জুবিন গাৰ্গক যিদৰে সন্মান দিৱ লাগে সেয়া নহল। কলিতাই প্ৰতিভাধৰসকলক জীৱিত অৱস্থাত সন্মান জনোৱা উচিত বুলি মন্তব্য কৰি কয় যে অসমীয়া ভাষা-সাহিত্য – সংস্কৃতিৰ জুবিন গাৰ্গে আগবঢ়োৱা অৱদানৰ ধাৰা অসমৰ মানুহে অব্যাহত ৰাখিব লাগিব।

জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়া শোকাকুল পৰিবেশ হৈছে- প্ৰতিবাদ হৈছে।এয়া স্বাভাৱিক কথা। কিছুমানে জুবিনক লৈ ৰাজনীতি কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ওপৰত গুৰুত্ব দিব লাগে।
জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ তীৰ্থ ক্ষেত্ৰলৈ পৰ্যবসিত হৈছে বুলি মন্তব্য কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে একাংশই এই তীৰ্থস্থলীৰ ওচৰত অবাঞ্চিত পৰিবেশ সৃষ্টি কৰাটো উদ্বেগজনক কথা।এইবোৰ পৰিহাৰ কৰিব লাগে। নিজৰ ভাষণত কলিতাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে শিক্ষাৰ নতুন দিগন্তৰ ভেটি শক্তিশালী কৰিবলৈ শিক্ষাৰ্থী সকলে আগভাগ লব লাগিব।
মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই আতধৰা সভাত অধ্যক্ষ ড° মৃগাংক শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে জনদৰদী শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অধ্যাপক সত্যেন্দ্ৰ কুমাৰ পাণ্ডে আতধৰা সভাৰ শুভাৰম্ভ কৰা হয় মহাবিদ্যালয়ৰ অধ্যাপিকা সকলে মহাবিদ্যালয় গীত পৰিবেশনৰে।
সভাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিজুমণি পাঠক, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা আদিৰ লগতে অধ্যাপক, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে। সভাত মহাবিদ্যালয়ৰ আলোচনী ‘বাণিজ্যিম’ ড° সোণালী শৰ্মাৰ ছফ্ট স্কিল আৰু সম্পাদনা গ্ৰন্থ জেন্দাৰ মেটাৰ্ছ (Gender Matters) সভাৰ বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰে।
অধ্যাপক ভূপেশ টুমুঙে আঁতধৰা বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ স্নাতকোত্তৰ বটা বিশাল আগৰৱালক, শ্ৰেষ্ঠ স্নাতক ৰচিতা সেনক, দ্বীপৰাজ দাসক বাণিজ্য প্ৰশাসনৰ শ্ৰেষ্ঠ স্নাতক আৰু দিব্যা সিঙক শ্ৰেষ্ঠ পুথিভঁৰাল ব্যৱহাৰিক বঁটা প্ৰদান কৰা হয়।
অধ্যাপিকা নাতাশা বৰুৱাই আতধৰা নৱাগত আদৰণি অনুষ্ঠানত নতুন শিক্ষাৰ্থী ছেহনাজ বেগম চৌধুৰী, মেহেক আজিজ, পুৰণি শিক্ষাৰ্থী নেহা কোৱৰ ,প্ৰিয়ঙ্কা সিং, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰোহিত বসুমতাৰী, অধ্যাপিকা ৰূপশিখা গোস্বামী আৰু বন্তি কলিতাই ভাষণ প্ৰদান কৰে। অধ্যাপক ড° কুলেন্দ্ৰ দাসে আঁতধৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয়।

