MISCELLANEOUSঅসমআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাশিৰোনাম

নগাঁও খাগৰিজান মহাবিদ্যালয় আৰু গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন

Spread the love

পৰম্পৰাগত খেল-ধেমালিৰে মুখৰিত হৈ উঠিল মহাবিদ্যালয় প্ৰাংগণ

DD TIMES নগাঁও জিলাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত আজি হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে আজিৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিবস ৰূপে পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনত পৰম্পৰাগত খেল-ধেমালি আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ উঠা দেখা গ’ল।

ক্ৰীড়া দিলসটিত পুৱাৰ ভাগত অনুষ্ঠানৰ উদ্বোধন কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সাংবাদিক লেখক দেৱজিৎ হাজৰিকাই।

মহাবিদ্যালয়ৰ অধ্যাপিকা অজন্তা বৰা, অধ্যাপক মইনুল হক খণ্ডকাৰ, অধ্যাপক তথা মূখ্য-সম্বন্বয়ক ৰাইহান আহমেদে ক্ৰীড়া কাৰ্যসূচী সমূহ পৰিচালনা কৰে । পৰম্পৰাগত ক্ৰীড়া সমূহৰ ভিতৰত কুকুৰা যুঁজত প্ৰথম স্থান ৰিফাজুল হক, দ্বিতীয় নজৰুল আলী, তৃতীয় মহিবুৰ ৰহমানে স্থান লাভ কৰে।

পুখুৰী-পাৰ খেলত প্ৰথম মমি বেগম, দ্বিতীয় ৰেখাশ্ৰী দাস, তৃতীয় নজৰুল আলীয়ে স্থান লাগ কৰে। মিউজিকেল চেয়াৰত প্ৰথম ৰেখাশ্ৰী দাস, দ্বিতীয় নিছিৰ হুছেইন, তৃতীয় ৰূকচানা বেগেমে স্থান লাভ কৰে৷

অন্যহাতে কাইলৈয়ো বিভিন্ন পৰম্পৰাগত ক্ৰীড়া সমূহ অনুস্থিত হ’ব । আজি অনুষ্ঠিত ক্ৰীড়া সমাৰোহে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উৎসৱমুখৰ পৰিবেশ গঢ় লৈ উঠে ।


অন্যহাতে অসমৰ বাণিজ্য শিক্ষাৰ এক অগ্ৰণী শিক্ষানুষ্ঠান নগাওঁ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটি উদযাপন কৰা হয়।

হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিনটো গোটেই ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপনৰ লগতে সংগতি ৰাখি নগাওঁ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাংগণত পুৱাৰ ভাগত মহাবিদ্যালয়ৰ মিনি অডিটৰিয়াম সুস্থ আৰু নিৰোগী হৈ জীয়াই থকাৰ কৌশলৰ ওপৰত এটি বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ভাৰতীয় যোগ ফেডাৰেচনৰ উপ-সভাপতি তথা অসম যোগ সংস্থাৰ সম্পাদক,যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা। যোগ গুৰু গৰাকীয়ে তেখেতৰ নিজৰ জীৱনৰ বহুকেইটা গুৰুত্বপূৰ্ণ উদাহৰণেৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক সাৱলীল ভাষণ প্ৰদান কৰে।

শাৰীৰিক সক্ষমতা থাকিলেহে যে শিক্ষা, খেলা-ধূলা আদি সকলো দিশতে আগবাঢ়ি যাব পাৰি সেইকথা তেখেতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ব্যাখ্যা কৰে। শ্বাস-প্ৰশ্বাস লোৱাৰ পদ্ধতি আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে তেওঁ সকলোকে সজাগ হ’বলৈ আহ্বান জনায়।

মহাবিদ্যালয়খনৰ ক্ৰীড়াৰ তত্বাৱধায়ক ড° কল্পেন্দ্ৰ দাস দেৱ আঁত ধৰা উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ, গ্ৰন্থাগাৰিককে প্ৰমুখ্য কৰি সকলো অধ্যাপক-অধ্যাপিকাই অংশগ্ৰহণ কৰে।প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আয়োজন কৰা উক্ত অনুষ্ঠানৰ পিছতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কেৰম, দবা, ৰছীটনা, টেকেলীভঙা আদি আমোদজনক প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হয়।


সকলোৰে সহায় সহযোগিতাৰ মাজেৰে উদযাপন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সফল সামৰণিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াই সকলোকে ধন্যবাদ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!