দ্বিতীয় বাংলাদেশ হোৱাৰ দিশে নেপাল
বহুজাতিক কোম্পানীক জোকাই লোৱাৰ প্ৰতিফল!
প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলাই হত্যা কৰিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক
দিল্লীৰ পৰা কাঠমাণ্ডুলৈ বহু বিমান সেৱা বাতিল
প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ, বিদেশলৈ পলায়ন
DD TIMES, ১০ ছেপ্টেম্বৰঃ নেপালৰ চৰকাৰে দেশখনৰ নীতিগত পৰিকাঠামোৰ অধীনত সামাজিক মাধ্যমৰ বহু জাতিক কোম্পানী সমূহৰ বিৰুদ্ধে থিয় দিছিল। কাৰণ সেই কোম্পানীসমূহে নেপাল চৰকাৰে বান্ধি দিয়া সময় সীমাৰ ভিতৰত যাৱতীয় চৰ্ত পূৰণ কৰা নাছিল। সেয়াই যেন কাল হ’ল নেপাল চৰকাৰৰ বাবে।

নেপাল এতিয়া জ্বলিছে। ইজনৰ পিছত সিজনকৈ মানুহৰ মৃত্যু ঘটিছে। জ্বলাই দিয়া হৈছে ৰাষ্ট্ৰপতিকে ধৰি বহু মন্ত্ৰীৰ ঘৰ। ৰাজপথত চোৰৰ দৰে দৌৰাই দৌৰাই প্ৰহাৰ কৰা হৈছে মন্ত্ৰীক। এক কথাত দ্বিতীয় বাংলাদেশ হোৱাৰ দিশে ধাৱমান হৈছে নেপা৩ল।
এই ঘটনাৰ আঁৰত বিদেশী শক্তিৰ সহায় সাহায্য থকা বুলিও এতিয়া চৰ্চা হৈছে। ইপিনে জেন জেডৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে নিজৰ ঘৰত আবদ্ধ কৰি ঘৰত জুই লগাই দিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকাৰক।
ৰাজধানী কাঠমাণ্ডুৰ ডাল্লু অঞ্চলৰ তেওঁলোকৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। চিত্ৰকাৰক ততাতৈয়াকৈ কীৰ্তিপুৰ বাৰ্ন হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে।
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে মঙলবাৰে পদত্যাগ কৰে, তেওঁৰ নিজৰ ঘৰতে জুই জ্বলাই দিয়া হৈছে। এদিন পূৰ্বে কেইবাটাও ছ’চিয়েল মিডিয়া চাইট বন্ধ কৰি দিয়াৰ বাবে ক্ষুব্ধ যুৱক-যুৱতীসকলৰ নেতৃত্বত বিক্ষোভ কাৰ্যসূচীয়ে দেশৰ ৰাজধানী চহৰখনক আগুৰি ধৰে, আৰু আৰক্ষীয়ে ৰাইজৰ ওপৰত গুলীচালনা কৰি ২০ জন লোকৰ মৃত্যু হয়।
সোমবাৰে নিশা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় যদিও প্ৰতিবাদ অব্যাহত থাকে, বিক্ষোভকাৰীয়ে নেপালৰ একাংশ শীৰ্ষ নেতাৰ ঘৰত জুই লগায় দিয়ে। ৰাজধানী কাঠমাণ্ডুৰ বিমানবন্দৰ বন্ধ হৈ পৰে নিৰ্জন।
অৱশ্যে সেনাৰ হেলিকপ্টাৰেৰে একাংশ মন্ত্ৰীক নিৰাপদ স্থানলৈ লৈ যায়। প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী অলিয়ে তৎক্ষণাত পদত্যাগ কৰে।
চৰকাৰে ফেচবুক, এক্স আৰু ইউটিউবকে ধৰি ফেচবুক, এক্স আৰু ইউটিউবকে ধৰি প্লেটফৰ্মসমূহ বন্ধ কৰি দিয়াৰ পিছতো আৰম্ভ হয় বিক্ষোভ ছাইটসমূহ অনলাইনলৈ ঘূৰি আহিল, সমাৱেশসমূহ অব্যাহত থাকিল, আৰক্ষীৰ হাতত প্ৰতিবাদকাৰীৰ মৃত্যুৰ ক্ষোভ আৰু চৰকাৰৰ কথিত দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভৰ দ্বাৰা ইন্ধন যোগোৱা নাগৰিকসকলে পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে চুবুৰীয়া দেশলৈ যাত্ৰা পিছুৱাই দিব।
চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে মঙলবাৰে এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’ আৰু নেপাল এয়াৰলাইন্সে দিল্লীৰ পৰা কাঠমাণ্ডুলৈ বিমান সেৱা বাতিল কৰে।