দলীয়ত পুৰুষ-মহিলা আৰু ছোৱালী শাখাত অসম চেম্পিয়ন
উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনত অসমৰ চমকপ্ৰদ প্ৰদৰ্শন
গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ অসমৰ পুৰুষ আৰু মহিলা দলে ত্ৰিপুৰাৰ আগৰতলাত চলি থকা য়নেক্স উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত চেম্পিয়ন হৈ সোণৰ পদক লাভ কৰিছে৷

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ শুক্ৰবাৰে অনুষ্ঠিত পুৰুষৰ দলীয় ফাইনেলত অসমে ৩-১ত পৰাস্ত কৰে মনিপুৰক৷ আনহাতে, মহিলাৰ দলীয় শাখাৰ ফাইনেলতো অসমে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত মনিপুৰকে ৩-২ৰ ব্যৱধানত পৰাস্ত কৰে৷
একক শাখাৰ প্ৰথম দুখন মেচতে অসমে জয়লাভ কৰি ২-০ৰ অগ্ৰগতি লয়৷ অৰিজিত চলিহাই ২২-২০, ২১-১৮ৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে তন্ময় বিকাশ বৰুৱাই ২১-১৫, ২১-১৯ৰ পোনপটিয়া ব্যৱধানত প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে৷
কিন্তু ডাবলছৰ মেচত সুৰজ গোৱালা আৰু নিবিৰ ৰঞ্জন চৌধুৰী মনিপুৰৰ যুটিৰ বিৰুদ্ধে ২১-৮, ১৬-২১, ১৩-২১ৰ ব্যৱধানত পৰাস্ত হয়৷
২-১ৰ ব্যৱধানত চলি থকা খেলখনত একক শাখাৰ তৃতীয় মেচখনত অসমৰ বৰ্ণিল আকাশ চাংমায়ে ২১-১৬, ২২-২০ৰ ব্যৱধানত জয়লাভ কৰি পঞ্চমখন মেচ নেখেলাকৈয়ে দলক চেম্পিয়ন কৰায়৷
ইফালে, অসমৰ ছোৱালী দলটোৱেও ফাইনেলত ২-১ ৰ ব্যৱধানত মিজোৰামক হৰুৱাই সোণ অৰ্জন কৰে৷
একক শাখাৰ মেচত অসমৰ শান্তিপ্ৰিয়া হাজৰিকাই ২১-৬, ২১-১১ ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত ডাবলছত শান্তিপ্ৰিয়া আৰু ভাৱিষ্যা চাংমাই তিনিটা ছেটৰ অন্তত ২০-২২, ২১-১৩, ১৯-২১ ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে৷ নিৰ্ণায়ক তৃতীয় মেচখনত গাৰ্গী শইকীয়াই ২১-১২, ২১-১৬ ত জয়ী হৈ অসমক চেম্পিয়ন কৰায়৷
ইফালে, ল’ৰাৰ দলীয় শাখাৰ ফাইনেলত মিজোৰামে মণিপুৰক পৰাস্ত কৰি চেম্পিয়ন হয়৷ অসমৰ ল’ৰাৰ দলটো ছেমিফাইনেলত মণিপুৰৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে৷ প্ৰতিযোগিতাত কাইলৈৰ পৰা মুকলি শাখাৰ খেল আৰম্ভ হ’ব৷

