অসমঅসমীয়াআন্তর্জাতিকমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

তিৱা ভাষা প্ৰশিক্ষণ শিৱিৰ উদ্বোধন শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ

Spread the love

মৰিগাঁও, ৮ ছেপ্টেম্বৰঃ মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি তিৱা ভাষা শিক্ষক সকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰ মুকলি কৰে শিক্ষা মন্ত্ৰী ড° ৰনুজ পেগুৱে।

আজি ড° ভুপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ দিনটো তিৱা জনগোষ্ঠীৰ বাবে এক বিশেষ দিনৰূপে বিবেচিত হয়।

মধ্য অসমৰ মৰিগাঁও, নগাঁও, পশ্চিম কৰ্বি আংলং, হোজাই, কামৰূপ জিলাক সামৰি মুঠ ৬২খন প্ৰাথমিক বিদ্যালয়ত নতুন শিক্ষা নীতিৰ আধাৰত তিৱা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰা হৈছে।

গতিকে তিৱা ভাষা পাঠদানৰ বাবে নিযুক্ত ৫৯ জন তিৱা ভাষা শিক্ষকসকলৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে সমল ব্যক্তিৰ দ্বাৰা।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অধ্যক্ষ মদন বৰদলৈ, তিৱা সাহিত্য সভাৰ সভাপতি হৰচিং খলাৰ, তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰচিং বৰদলৈ, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মচৰং, তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্য্যবাহী সদস্য নাৰায়ন কুমাৰ ৰাদুকাকতি, প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য পৱন মান্তা, কাৰ্য্যবাহী সদস্য প্ৰণৱজ্যোতি মচৰঙৰ লগতে পৰিষদৰ সদস্য সদস্যাসকল আৰু জাতীয় সংগঠনৰ বিষয়ববীয়াসকল।

প্ৰশিক্ষণৰ অন্তত নিৰ্দিষ্ট বিদ্যালয় সমূহত পাঠদান আৰম্ভ কৰিব শিক্ষক সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!