ডিমৌ চাৰিআলিত ৰোগাক্ৰান্তক অনুদান বিতৰণ বিধায়ক শশীকান্ত দাসৰ
DD TIME নগাঁও, ছেপ্টেম্বৰঃ নগাঁও জিলাৰ ৬১নং ৰহা সমষ্টিত আজি ৰোগাক্ৰান্ত সকলৰ মাজত আৰ্থিক অনুদান বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী আৰোগ্য নিধি আঁচনিৰ অধীনত ৰহা বিধানসভা সভা সমষ্টিৰ প্ৰায় সহস্ৰাধিক ৰোগাক্ৰান্ত লোকক ৰহাৰ বিধায়ক শশীকান্ত দাসে আৰ্থিক সাহাৰ্য বিতৰণ কৰে।

এই উপলক্ষে ডিমৌ চাৰিআলি বজাৰ গৃহৰ প্ৰেক্ষাগৃহত অনুস্থিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ বদান্যতাৰ বাবে আজি অসমৰ হাজাৰ হাজাৰ ৰোগাক্ৰান্ত লোক উপকৃত হৈছে।
এই লোক সকলে নিজৰ শাৰিৰীক অসুস্থতা দুৰ কৰিবলৈ এই আঁচনিৰ অধীনত সুযোগ লাভ কৰিছে। আজি ৰহা সমষ্টিৰ সহস্ৰাধিক ৰোগাক্ৰান্ত লোকক বিতৰণ কৰা এই আচনিৰ আৰ্থিক সাহায্যই উপকৃত কৰিব।
বিধায়ক গৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিকাশ আৰু উন্নয়নমুখী যাত্ৰাই নতুন গতি লাভ কৰিছে।
তেওঁ ৰাইজক চৰকাৰৰ উন্নয়ন মুলক কাম কাজত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰহা সম জিলাৰ আয়ুক্ত অংকিতা বৰাই নিজৰ ভাষণত চৰকাৰৰ উন্নয়ন মুলক কামকাজৰ বিষয়ে উল্লেখ কৰে।
যুৱনেতা জনাৰ্দন শইকীয়াই আঁতধৰা অনুষ্ঠানত বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰঞ্জিত বৰদলৈ উপ-সভাপতি তথা সমাজ সেৱক সুৱৰ্ণ সিং আদিয়ে ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত পাখিমৰীয়া-জামুগুৰি জিলা পৰিষদৰ সদস্য অৰ্ণৱ দাস, ফুলগুৰি-বাৰপূজীয়া জিলা পৰিষদৰ সদস্যা ৰূপজ্যোতি বৰদলৈ, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সদস্য সুৰুজ কোৱৰ, বিশ্বজ্যোতি পাটৰকে ধৰি সহস্ৰাধিক লোকৰ লগতে ৰহা বিধানসভা সভা সমষ্টিৰ ২৭খন গাঁও পঞ্চায়তৰ প্ৰতিনিধি আৰু ৰোগাক্ৰান্ত সকলৰ অভিভাৱক উপস্থিত থাকে।