অসমঅসমীয়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ডিব্ৰুগড়ৰ চেচুঘাটত চতুৰ্থ বুঢ়ীদিহিং গ্ৰন্থ মহোৎসৱ

Spread the love

গ্ৰন্থ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

DD TIMES ডিব্ৰুগড় ১৫ ছেপ্তেম্বৰঃ ডিব্ৰুগড়ৰ চেচুঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বুঢ়ীদিহিং গ্ৰন্থ মহোৎসৱখনি সফলতাৰে সামৰণি পৰে। চেচুঘাট, বুঢ়ীদিহিং যুৱক সংঘ আৰু ৰাইজৰ আতিথ্যত চতুৰ্থ বার্ষিক বুঢ়ীদিহিং গ্রন্থ মহোৎসৱ ২০২৫ তিনিদিনীয়াকৈ অনুষ্ঠিত হয়।

যুৱনেতা তথা ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা অনুৰাগী মঞ্চ আৰু চেচুঘাট, বুঢ়ীদিহিং যুৱক সংঘৰ সহযোগত সন্ধিয়া এক বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

এই সাংস্কৃতিক অনুষ্ঠানত যুব নেতা অসীম হাজৰিকাই উদ্বোধন কৰি কিছু উল্লেখনীয় বক্তব্যৰে উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।

সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ লগতে চেচুঘাট, বুঢ়ীদিহিং অঞ্চলৰ বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।

সাংস্কৃতিক অনুষ্ঠানতে চেচুঘাট, বুঢ়ীদিহিং অঞ্চলৰ ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্র-ছাত্রীসকলক আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে এক সম্বর্ধনা কার্যসূচীও অনুষ্ঠিত কৰা হয়।

এই অনুষ্ঠানত চেচুঘাট, বুঢ়ীদিহিং অঞ্চলৰ ২১ গৰাকীকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীক এখনিকৈ সম্বর্ধনা পত্ৰ আৰু গামোচাৰে সম্বর্ধনা জনোৱা হয়।

ইয়াৰোপৰি খোৱাং সংঙ্গীত বিদ্যালয়ৰ প্রশিক্ষক ৰূপজ্যোতি বৰুৱাৰ উদ্যোগত প্রায় ৫ টাকৈ বিভিন্ন সৃষ্টিশীল নৃত্য পৰিৱেশন কৰা হয়।

নিশালৈ আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত গীতৰ শৰাই আগবঢ়ায় ক্রমে শিল্পী দীপ দিহিং, প্রিয়ম বনিতা, মাধৱ মুকুন্দ আদিয়ে।

শেষত যুৱ নেতা অসীম হাজৰিকাই বুঢ়ীদিহিং গ্রন্থ মহোৎসৱৰ উদ্যোক্তাসকলৰ লগতে সাংস্কৃতিক অনুষ্ঠানটি পৰিচালনা কৰা ‘অসীম হাজৰিকা অনুৰাগী মঞ্চ’ৰ সকলো ব্যক্তিলৈ শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটি সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!