অসমঅসমীয়ামুখ্যপৃষ্ঠাশিৰোনাম

ডায়েট কামৰূপত সাক্ষৰতা দিৱস পালন

Spread the love

DD TIMES গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকাৰী অসমৰ আহ্বান মৰ্মে ডায়েট কামৰূপ আৰু কামৰূপ জিলা সাক্ষৰতা অভিযান প্ৰাধিকাৰীৰ সহযোগত ডায়েট কামৰূপৰ প্ৰেক্ষাগৃহত ৰাজ্যিক পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়।

অনুষ্ঠানটোত উপস্থিত থাকি অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ড° জয়ন্ত কুমাৰ শৰ্মাই ‘উল্লাস’ শীৰ্ষক সাক্ষৰতা কাৰ্যসূচীৰ সবিশেষ দাঙি ধৰে।

সভাত পুঠিমাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিত্যানন্দ কলিতাই অসমত সাক্ষৰতাৰ কাৰ্যসূচীত উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভূমিকাৰ বিষয়ে সবিশেষ আলোচনা কৰে। তেখেতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গৱেষণাৰ বিষয় হিচাপে গণশিক্ষাৰ দিশটো বিশেষ গুৰুত্ব দি তুলি ধৰে।

অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখা কৰে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতাই। আদৰণি ভাষণ প্ৰদান কৰে ডায়েট কামৰূপৰ অধ্যক্ষ ড° পংকজা বৰুৱাই।

সাক্ষৰতাৰ গুৰুত্ব আৰু স্বেচ্ছাসেৱী মনেৰে কেনেকৈ নিজৰ চুবুৰীয়াজনক সাক্ষৰ কৰি তুলিব পাৰি, এই বিষয়ে উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰে বড়ো আৰু জনজাতীয় ভাষা শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক চিন্ময়ী তালুকদাৰে। সমগ্ৰ অনুষ্ঠানটোৰ আঁ‌ত ধৰে প্ৰৱক্তা ড° শিৰোমণি ভূঞাই।

সমগ্ৰ শিক্ষা কামৰূপৰ বিষয়া ফুলপাহি নাথৰ পৰিচালনাত সাক্ষৰতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ভিন্ন প্ৰতিযোগিতাৰ বটা বিতৰণো কৰা হয় এই সভাত। ৰাজ্যিক ভিত্তিত আয়োজিত এই অনুষ্ঠানত ‘উল্লাস’ কাৰ্যক্ৰমৰ প্ৰালোচক ৱাজিদা আহমেদ,বি এন শৰ্মা আৰু সহকাৰী সঞ্চালক দুবৰি মহন্তও উপস্থিত থাকে।

সাক্ষৰতাৰ বহু প্ৰায়োগিক দিশৰ আভাস প্ৰদান কৰি এখন চুটি নাট প্ৰদৰ্শন কৰে জ্ঞানম শৈক্ষিক গোটৰ শিক্ষকসকলে। খণ্ড শিক্ষা বিষয়া তথা খণ্ড সমল ব্যক্তি, মণ্ডল সমন্বয়কসকলকো এই সভাত সন্মানিত কৰা হয়।

সাক্ষৰতা কাৰ্যক্ৰম ‘উল্লাস’ৰ জৰীপ আৰু সেচ্ছাসেৱী শিক্ষকৰ ভূমিকা পালন কৰা এই লোকসকলৰ বাবেই কামৰূপ জিলাৰ নিৰক্ষৰ লোকৰ জৰীপ সম্ভৱ হোৱা বুলি বিদ্যালয় পৰিদৰ্শক তপন কলিতাই প্ৰশংসা কৰে।

তেওঁ ডায়েটৰ শিক্ষক শিক্ষাৰ জিলা প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলৰ অৱদানকো শ্ৰদ্ধাৰে সুঁ‌ৱৰে।

অনুষ্ঠানটোত সমবেত সংগীত পৰিৱেশন কৰে প্ৰৱক্তা মনোজ প্ৰিয়মৰ পৰিচালনাৰে ডায়েট কামৰূপৰ বি এড প্ৰশিক্ষাৰ্থীসকলে। অসম সংগীতেৰে এই অনুষ্ঠানটোৰ সমাপ্তি ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!