জৰিমণা আঁতৰিল, জাননী একেই থাকিল
মেৰাপানীত নগা ভিলেজ কাউন্সিলৰ আৰু অসমৰ গাঁও প্ৰধানৰ মাজত গুৰুত্বপূৰ্ণ বৈঠকঃ পূৰ্বৰ দৰেই অসম-নগালেণ্ডৰ শান্তি-সম্প্ৰীতি বাহাল ৰখাৰ সিদ্ধান্ত
মেৰাপানী, ১ চেপ্তেম্বৰঃ অসম-নগালেণ্ডৰ মেৰাপানী সীমাত নগালেণ্ডৰ ১১খন ভিলেজ কাউন্সিলে জাৰি কৰা নিষেধাজ্ঞা জাননীৰ কিছু দফা প্ৰত্যাহাৰ কৰা হৈছে যদিও পূৰ্বৰ বহু চৰ্তৰে বাহাল থাকিল নগা কাউঞ্চিলৰ জাননী।

নগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ ১১ ভিলেইজ কাউঞ্চিল আৰু নগালেণ্ডৰ সীমান্তৱৰ্তী অসমৰ ১৭খন গাঁৱৰ গাঁওপ্ৰধান, দৈয়াং গাঁওবুঢ়া সন্থাৰ সভাপতি, সম্পাদকৰ উপস্থিতিত মেৰাপানীৰ বালিগুৰিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্তত গ্ৰহন কৰে।
উল্লেখযোগ্য যে, ২৩ আগষ্টত নগালেণ্ডৰ উষা জিলাৰ ভাণ্ডাৰী মহকুমাৰ ১১ খন নাগা ভিলেইজ কাউঞ্চিলে সীমান্তৱৰ্তী অসমীয়া লোকলৈ ৯ টা নিৰ্দেশনা সম্বলিত এখন জাননী জাৰি কৰিছিল।
উক্তখন জাননীখনত অসমীয়া লোকক নগালেণ্ডত প্ৰবেশ কৰিলে নগা ভিলেজ কাউঞ্চিলৰ অনুমতিৰ বা আন্তঃৰাজ্যিক পাৰপত্ৰৰ লাগিব বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ অন্যথা ৫০,০০০ টকা জৰিমনা বিহাৰ কথা উল্লেখ কৰিছিল।
ইয়াৰ উপৰি অসমীয়া কৃষকৰ পোহনীয়া গৰু ছাগলী নগালেণ্ডত প্ৰৱেশ কৰিলেও অনুৰূপ জৰিমনা বিহাৰ কথা জাননীত উল্লেখ কৰিছিল। ইফালে নগা ভিলেজ কাউন্সিলে এই জাননী জাৰী কৰাৰ পাছতেই মেৰাপানীত অসমৰ বিভিন্ন দল সংগঠন সমূহে নগাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছিল।

শেহতীয়াকৈ অসমৰ তিনিটাকৈ ছাত্ৰ সংগঠনে, অসমৰ ব্যৱসায়ীয়ে তেওঁলোকৰ দোকান- বজাৰৰ পৰা নগালেণ্ডলৈ একো দ্ৰব্যৰ যোগান ধৰিব নোৱাৰিব আৰু এই নিয়ম উলংঙ্ঘা কৰিলে অসমীয়া ব্যৱসায়ীকও এক লাখ টকা জৰিমনা বিহা হ’ব বুলি এক কঠোৰ নিৰ্দেশনা ঘোষনা কৰিছিল।
অৱশেষত আজি নগা ভিলেইজ কাউঞ্চিল আৰু আৰু অসমৰ দৈয়াং গাঁওবুঢ়া সন্থা মিলিত হৈ উভয় পক্ষৰ মাজত এক শান্তিপূৰ্ণ আলোচনাৰে সিদ্ধান্তত গ্ৰহন কৰাত নগাই জাননীখন আংশিকভাৱে প্ৰত্যাহাৰ কৰে।
নগা ভিলেজ কাউঞ্চিলে জাননীত উল্লেখ কৰা ৫০,০০০ টকা জৰিমনাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ লগতে অসমীয়া লোকে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ আন্তঃৰাজ্যিক পাৰপত্ৰ বা নগা ভিলেইজ কাউঞ্চিলে অনুমতি লোৱাৰ ক্ষেত্ৰত নগাই হস্তক্ষেপ নকৰে বুলি বৈঠকত সিদ্ধান্ত গ্ৰহন কৰে।
অৱশ্যে নগা ভিলেইজ কাউঞ্চিলে জাৰি কৰা জাননীত উল্লেখ কৰা ড্ৰাগছ, মদ আদি নিষিদ্ধ দ্ৰব্যৰ নাগালেণ্ডললৈ সৰবৰাহ কৰাৰ আদি আন আন দফাসমূহ বাহাল থাকিব বুলি ঘোষণা কৰে।
আজিৰ দৈয়াং গাঁওবুঢ়া সন্থা আৰু নাগালেণ্ডৰ ১১খন ভিলেজ কাউন্সিলৰ সিদ্ধান্তই অসম-নাগালেণ্ডৰ মাজত পূৰ্বৰ শান্তি-সম্প্ৰীতি ঘুৰাই আনিব বুলি দৈয়াং গাঁও বুঢ়া সন্থাৰ সভাপতি মুনীন্দ্ৰ শইকীয়া আৰু সম্পাদক দ্বীপেন বৰাই জানিবলৈ দিছে যদিও সীমান্ত অঞ্চলটোত পূৰ্বৰ দৰে শান্তি সম্প্ৰীতি ঘূৰি আহিব নে নাহে সেইয়া সময়তহে লক্ষ্যনীয় হ’ব বুলি ৰাইজে মত প্ৰকাশ কৰিছে।