অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ISSF: জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত ছটা সোণসহ ১৯টা পদকৰে ভাৰত শ্ৰেষ্ঠ

Spread the love

জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত ছটা সোণসহ ১৯টা পদকৰে ভাৰত শ্ৰেষ্ঠ

DD TIMES নতুন দিল্লী, ২ অক্টোবৰঃ ভাৰতে বুধবাৰে সামৰণি পৰা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত সৰ্বাধিক পদক জয় কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে৷

নতুন দিল্লীৰ ডাঃ কাৰ্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতে ছটা সোণ, আঠটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰে মুঠ ১৯টা পদকৰ অৰ্জন কৰি তালিকাৰ শীৰ্ষস্থানত থাকিবলৈ সক্ষম হয়৷

উল্লেখ্য যে একাদশ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত ১৫টা অলিম্পিক ইভেণ্টত খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে তিনিটা অলিম্পিকত নথকা ইভেণ্টৰো খেল অনুষ্ঠিত হৈছিল৷

ভাৰতীয় শ্বুটাৰে নন-অলিম্পিক ইভেণ্টতো সফলতা লাভ কৰি দুটা সোণ, সমসংখ্যক ৰূপ আৰু তিনিটা ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয়৷

পদক তালিকাত ভাৰতৰ পাছতে দ্বিতীয় স্থানত থাকে নিৰপেক্ষ খেলুৱৈৰ দলটো৷

তেওঁলোকে চাৰিটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ দহটা পদক অৰ্জন কৰে৷ ইফালে, ইটালীয়ে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰে পাঁচটা পদক জয় কৰি তালিকাৰ তৃতীয় স্থানত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!