অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

জিএছটি সংস্কাৰ দেশলৈ উপহাৰঃ বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেল

Spread the love

ইউপিএ যুগৰ পৰা হোৱা পৰিৱৰ্তনৰ বিষয়ত আলোকপাত

দিল্লী, ৬ ছেপ্টেম্বৰঃ শুকুৰবাৰে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে স্বাধীনতাৰ পিছত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ সংস্কাৰক দেশৰ বাবে “উপহাৰ” বুলি প্ৰশংসা কৰে।

তেওঁ বৰ্তমানৰ জি এছ টিৰ কাঠামো আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউ পি এ) যুগৰ মাজত স্পষ্ট বৈপৰীত্যৰ ছবি উদঙাই দিয়ে।

প্ৰস্তাৱিত ঐক্যবদ্ধ পৰোক্ষ কৰৰ ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত ৰাজ্যসমূহৰ মাজত আস্থা জগাই তোলাত ব্যৰ্থ হোৱাৰ বাবে পূৰ্বৰ চৰকাৰখনক গোৱেলে কঠোৰ সমালোচনা কৰে।


নতুন দিল্লীত সাংবাদিকৰ আগত গোৱেলে কয় যে, ‘২০১৭ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টি ঘোষণা কৰিছিল, তেতিয়া তেওঁ সকলো ৰাজ্যৰ প্ৰতি বাৰ্ষিক ৰাজহ ১৪% বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল।

মোদীৰ আস্থা আছিল সকলো ৰাজ্যৰ ওপৰত আৰু সেইদৰেই এটা পৰোক্ষ কৰ ঘোষণা কৰা হৈছিল।তেওঁ লগতে কয় যে মোদী নেতৃত্বাধীন চৰকাৰে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো ৰাজ্যসমূহক ১৪% বৃদ্ধিৰ হাৰত ক্ষতিপূৰণ নিশ্চিত কৰি এই প্ৰতিশ্ৰুতি পালন কৰিছিল, আনকি কোভিড ১৯ মহামাৰীৰ সময়তো।


বিৰোধীৰ সমালোচনাৰ প্ৰতি সঁহাৰি জনাই গোৱেলে অপ ব্যৱস্থাপনাৰ অভিযোগ নাকচ কৰে। তেওঁ যুক্তি দিয়ে যে ২০১৪ চনৰ পূৰ্বৰ সময়ছোৱাৰ তুলনাত জি এছ টিয়ে নাগৰিকৰ ওপৰত কৰ বোজা যথেষ্ট হ্ৰাস কৰিছে, যেতিয়া পৰোক্ষ কৰ প্ৰায়ে ৩০%ৰ পৰা ৩৫%ৰ ভিতৰত আছিল।


অধিক স্বচ্ছ আৰু সুশৃংখলিত কৰ গাঁথনিলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে জি এছ টিৰ অধীনত সেই বোজাক যুক্তিসংগত কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে আগশাৰীৰ উদ্যোগপতিসকলে জি এছ টিৰ হাৰ কম কৰাৰ সুবিধা দি সেয়া গ্ৰাহকলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। জি এছ টিৰ হাৰ হ্ৰাস কৰি যিমানেই লাভ হ’ব সেয়া গ্ৰাহকৰ হাতলৈ যাব বুলি উদ্যোগপতিসকলে আমাক আশ্বাস দিছে।’

ইয়াৰ দ্বাৰা চাহিদাক উৎসাহিত কৰা হ’ব আৰু বিনিয়োগক গতিশীল কৰা হ’ব বুলিও তেওঁ কয়।বুধবাৰে পৰোক্ষ কৰ সন্দৰ্ভত ভাৰতৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা জি এছ টি কাউন্সিলে এই ব্যৱস্থাৰ বৃহৎ পৰিৱৰ্তনৰ অনুমোদন জনায়।

পূৰ্বৰ ৫%, ১২%, ১৮%, আৰু ২৮%ৰ চাৰিটা স্তৰৰ গঠনৰ ঠাইত ৫% আৰু ১৮%ৰ সৰলীকৃত দুটা হাৰৰ মডেলৰ লগতে নিৰ্বাচিত সামগ্ৰীৰ বাবেহে বিশেষ ৪০% স্লেব নিৰ্ধাৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!