অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অভিনেত্ৰী নন্দিনী কাশ্যপ

Spread the love

DD TIMES

গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ নিশা গুৱাহাটী মহানগৰীৰ ৰাজপথত গাড়ীৰে খুন্দিয়াই ছামিউল হক নামৰ এজন উঠি অহা যুৱকৰ প্ৰাণ কাঢ়ি নিয়া অভিনেত্ৰী নন্দিনী কাশ্যপ এতিয়া মুকলি আকাশৰ তলত।

আৰক্ষীয়ে উপযুক্ত প্ৰমাণ নিদিয়াৰ বাবেই আদালতে অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন দিয়ে। হিট এণ্ড ৰাণৰ গোচৰত জামিন লাভ কৰে নন্দিনীয়ে। কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰে অভিনেত্ৰীগৰাকীৰ।

অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্ৰহণৰ পিছত আদালতে অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন প্ৰদান কৰে। যোৱা ১ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছিল নন্দিনী কাশ্যপ। প্ৰথম অৱস্থাত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল নন্দিনী কাশ্যপক।

ইফালে অভিনেত্ৰীগৰাকীৰ জামিন সন্দৰ্ভত অধিবক্তা বিজন মহাজনে কয়, ”আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে নন্দিনী কাশ্যপে। আৰক্ষীয়ে সন্নিবিষ্ট কৰা ১০৫ ধাৰা যুক্তিহীন আছিল।

নন্দিনীৰ বিৰুদ্ধে আছিল ড্ৰিংক এণ্ড ড্ৰাইভৰ অভিযোগ আছিল। কিন্তু আৰক্ষীয়ে আদালতত তথ্য প্ৰমাণ কৰিব নোৱাৰিলে এই কথা।’ ৫০০০০ টকা জৰিমনা আৰু জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰিব পাৰিব নন্দিনীয়ে।

পাছপোৰ্ট, ভিছাৰ চৰ্ত সাপেক্ষে নন্দিনীক জামিন দিয়া হৈছে। ভিছা, পাছপোৰ্ট জমা দিব লাগিব ছেছন আদালতত ।” বিজন মহাজনে কয়।

উল্লেখ্য, বিগত ২৫ জুলাইৰ পুৱতি নিশা মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱত তীব্ৰ বেগত চলাই অহা নিজৰ বলেৰ’ বাহনখনেৰে বিপৰীত দিশৰ পৰা এখন স্কুটীত আহি থকা ছামিউল হক নামৰ ২১ বছৰীয়া যুৱকজনক খুন্দা মাৰি পলায়ন কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

তাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত।

কিন্তু যোৱা ২৯ জুলাই তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে নলবাৰীৰ ছামিউল হকে। যুৱকজনৰ মৃত্যুৰ পাছত সেইদিনা অৰ্থাৎ ২৯ জুলাইৰ সন্ধিয়া থিয়েটাৰৰ আখৰাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতে শৰাইঘাটৰ সমীপৰ পৰা আটক কৰে অভিনেত্ৰীগৰাকীক।

অভিনেত্ৰীগৰাকীক আটক কৰি লৈ অনা হৈছিল পানবজাৰ মহিলা আৰক্ষী থানালৈ। ইফালে ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিবিষ্ট কৰা বাবে আবেদন কৰিছিল।

১০৫ বিএনএছ ধাৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী নন্দিনীক কাশ্যপক ।প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন দাখিল কৰিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু উচ্চ ন্যায়ালয়ে ইতিমধ্যে গোচৰত অভিযোগনামা দাখিল হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযুক্ত নন্দিনী কাশ্যপক নিম্ন আদালতৰ দ্বাৰস্থ হোৱাৰ নিৰ্দেশ দিয়ে।

সেই অনুসৰি অভিযুক্ত নন্দিনী কাশ্যপে এইবাৰ জামিন বিচাৰি ছেছন আদালতৰ দ্বাৰস্থ হোৱাত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!