জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ চাইছাৰ
জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ চাইছাৰ
প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীয় নেতৃত্বলৈ দোষ ঠেলিছেঃ কৌস্তভ কিশোৰ চুতীয়া

DD TIMES ঢকুৱাখনা, ২৪ ডিচেম্বৰঃ ৰাজ্যৰ
মুখ্যমন্ত্ৰীয়ে কোনো জনগোষ্ঠীসমূহে নিৰ্বাচনৰ আগতে জনজাতিকৰণ বিচৰা নাই বুলি কৰাৰ পিছতে আজি চুতীয়া যুৱ সন্মিলন অসম চমুৱাই চাইছাই এই বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আজি চুতীয়া যুৱ সন্মিলন,অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়া, মুখ্য উপদেষ্টা মোহন শইকীয়া, উপদেষ্টা ধৰ্মপ্ৰাণ চুতীয়া, সাহিত্য আৰু আলোচনী সম্পাদক নিপু বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিযোগে প্ৰকাশ কৰি কয় যে, “যোৱা ২৩ ডিচেম্বৰ, ২০২৫ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ খোদ ছয় জনগোষ্ঠীৰ নেতৃত্বই বিচৰা নাই বুলি এক অপবাখ্যা আগবঢ়াইছে। আমি এই মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে এনে মন্তব্যকতীব্ৰ গৰিহণা দিছোঁ।”
লগতে চাইছাৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আৰু কয় যে,-কোন ব্যক্তিয়ে তেনেকৈ প্ৰকাশ কৰিছে তেওঁৰ পৰিচয় ৰাজহুৱা কৰক।
জাতি, মাটি, ভেঁটিৰ কথা মুখেৰে কৈ থকা কিন্তু কামেৰে কৰাত ব্যৰ্থ চৰকাৰৰ দিনত ইতিমধ্যে জনজাতি আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হৈ থকা ভূমিপুত্ৰ কাৰ্বিসকলৰ আজি অধিকাৰ সুৰক্ষিত নহয়।
গতিকে মুখ্যমন্ত্ৰীয়ে টুলুঙা মন্তব্য প্ৰদান কৰাতকৈ অসমৰ অভিভাৱক হিচাপে প্ৰত্যেকটো ভূমিপুত্ৰ জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰক।”
লগতে ইয়াকো সকিয়াই দিয়ে যে, “চুতীয়া যুৱ সন্মিলন, অসমে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ, স্বায়ত্ত্ব শাসিত পৰিষদৰ দাবীক লৈ কেতিয়াও আপোচ নকৰোঁ। গতিকে অসমত অনতি পলমে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰি আৰু অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰি অসমৰ ভূমিপুত্ৰ সকলৰ সৰ্বতো প্ৰকাৰৰ অধিকাৰ সুৰক্ষিত কৰক।”

