ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশীৰ পদত্যাগ
প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি আছু নেতাগৰাকীৰ
DD TIMES মঙলদৈ, ১৬ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ চলিত কাৰ্যকালৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে সকলোকে আচম্বিত কৰি সোমবাৰে উক্ত পদৰ পৰা পদত্যাগ কৰাৰ লগতে আছুৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লয়।

সোমবাৰে দৰং জিলা ছাত্র সন্থাৰ কাৰ্যালয় মঙলদৈ শ্বহীদ ভৱনত এখন সভাৰ আয়োজন কৰি এই ঘোষণা কৰে ছাত্র সংগঠনটোৰ এক বলিষ্ঠ কণ্ঠৰ নেতা ৰাজবংশীয়ে।
দৰং জিলা ছাত্র সন্থাৰ সকলো বিষয়ববীয়া, জিলাখনৰ আটাইকেইখন আঞ্চলিক সমিতিৰ বিষয়ববীয়া, মঙলদৈ মহাবিদ্যালয় আছু গোট, মঙলদৈ বাণিজ্য মহাবিদ্যালয় আছু গোটৰ বিষয়ববীয়া, সদস্য সকলৰ উপস্থিতিত হোৱা এখন বিশেষ সভাত খনিন্দ্ৰ ৰাজবংশীয়ে পদবীৰ পৰা পদত্যাগ কৰাৰ লগতে আছু ত্যাগ কৰা কাৰ্যৰ অন্তৰালত কিবা বিশেষ কাৰণ আছে নেকি বুলি সৰৱ চৰ্চা হৈছে।
ছাত্র নেতাগৰাকীয়ে এনেদৰে তাৎক্ষণিক ভাবে লোৱা সিদ্ধান্তক সহজভাৱে লব পৰা নাই জিলাখনৰ বৌদ্ধিক মহলে। ছাত্র নেতা খনিন্দ্ৰ ৰাজবংশীয়ে ১৪ ছেপ্টেম্বৰত মঙলদৈত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাত অংশগ্ৰহণ কৰি পিছদিনাই আছুৰ নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ ওচৰত পদত্যাগ কৰাৰ বিপৰীতে মঙলদৈত দৰং জিলা ছাত্র সন্থাৰ কাৰ্যালয়ত কিয় তেওঁ পদত্যাগ কৰিছে আৰু কাৰ ওচৰত পদত্যাগ কৰিছে তাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে সচেতন মহলে।
নে আছু নেতৃবৃন্দই তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছে সেইটো এক ডাঙৰ প্ৰশ্ন। ২০০৪ চনৰ পৰা ছাত্র সন্থাৰ প্ৰাথমিক সদস্য হিচাপে কাম কৰি মঙলদৈ মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক, উপ-সভাপতি, আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, সভাপতি, দৰং জিলা ছাত্র সন্থাৰ সভাপতি পদত অধিষ্ঠিত হৈ ২০১৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিবেশনত ৰাজবংশীয়ে বিত্ত সম্পাদক আৰু ২০২৩ চনত মৰিগাঁও অধিবেশনত উপ-সভাপতিৰ আসন অলংকৃত কৰিছিল।
কিন্তু তেওঁৰ চলিত কাৰ্যকাল সমাপ্ত হ’বলৈ এবছৰ বাকী থকা অৱস্থাত এনেদৰে হঠাতে লোৱা সিদ্ধান্তৰ বিষয়ে জানিব পৰা হোৱা নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰা ৰাজবংশীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্ব লোৱাৰ পূৰ্বে মঙলদৈৰ আদালতত কিছুদিন ওকালতি কৰিছিল।
পদত্যাগ সম্পৰ্কে খনিন্দ্ৰ ৰাজবংশীৰ পৰা জানিব বিচৰাত এই সিদ্ধান্ত তেওঁৰ ব্যক্তিগত কাৰণ বুলি উল্লেখ কৰে। তেওঁ অচিৰেই কোনো ৰাজনৈতিক দলত যোগদান কৰিব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ পোনচাতেই সেই প্ৰশ্নক নস্যাৎ কৰা নাই।