অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

The Quivers: চৈয়দ ছাদুল্লাৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক

Spread the love

চৈয়দ ছাদুল্লাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে

DD TIMES গুৱাহাটী, ৩০ অক্টোবৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোকবাৰ্তাত উল্লেখ কৰে, “স্বনামধন্য সংগীতশিল্পী, গীতিকাৰ তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ চিৰপৰিচিত কণ্ঠ, এসময়ৰ জনপ্ৰিয় বেণ্ড The Quivers-ৰ অন্যতম সদস্য চৈয়দ ছাদুল্লাদেৱৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হৈছোঁ।

তেখেতৰ বিয়োগ ডিব্ৰুগড়ৰ সমাজ জীৱনৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

কিছু দিনৰ পূৰ্বে তেখেতৰ স্বাস্থ্যৰ খবৰ ল’বলৈ যোৱাৰ সময়ত গীতে-মাতে মধুৰ মুহূৰ্ত অতিবাহিত কৰাৰ ক্ষণবোৰ মনত আকৌ সজীৱ হৈ উঠিছে।

তেখেতে মোক ভাতৃসুলভ মৰম কৰিছিল আৰু ৰাইজৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ সদায়েই উৎসাহিত কৰিছিল।

ছাত্ৰাৱস্থাৰপৰাই তেখেতৰ সৈতে আমাৰ ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেখেতৰ বৰ্ণাঢ্য কৰ্মৰাজি আৰু স্মৃতি আমাৰ মাজত জীয়াই থাকিব।

ছাদুল্লাদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকাকুল পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি!”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!