অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

চুতীয়া ছাত্র সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ

Spread the love

চুতীয়া ছাত্র সন্থাৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত জনজাতিকৰণ লৈ বিশেষ আলোচনা
ছয় জনগোষ্ঠীক জনজাতিকৰণকলৈ ৰাজ্য চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে, কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিবঃ মন্ত্ৰী অতুল বৰা


DD TIMES ডিব্ৰুগড়, ১২ ছেপ্টেম্বৰঃ ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ বৃহস্পতিবাৰে মুকলি সভাত সভাত ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠী শীৰ্ষ নেতাসকলে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি চুতীয়া জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰা বাবে চৰকাৰক ক্ষুৰধাৰে সমালোচনা কৰে আৰু ছয় জনগোষ্ঠী প্ৰাপ্য দাবীত তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই সভাপতিত্ব কৰা মুকলি সভাত আদৰণি ভাষণ আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ দৃষ্টিভংগী সন্দৰ্ভত ভাষণ ৰাখে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই।

অসম চৰকাৰৰ সাংস্কৃতিক, উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বড়াই উদ্বোধন কৰে মুকলি সভা, বিশেষ সম্বৰ্ধনা সভা, স্মৃতি গ্ৰন্থ উন্মোচনী সভা আৰু বঁটা বিৱৰণী সভাখন।সভাখন উদ্বোধন কৰি বিমল বড়াই চুতীয়া জনগোষ্ঠীৰ ইতিবৃত্তি সন্দৰ্ভত বক্তব্য ৰাখে।

মুকলি সভাত অসম চৰকাৰৰ কৃষি,আবকাৰী,অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰাই স্মৃতি গ্ৰন্থ ‘শদিয়া’ উন্মোচন কৰে।

স্মৃতিগ্ৰন্থ ‘শদিয়া’ উন্মোচন কৰি মন্ত্ৰী অতুল বৰাই চুতীয়া জনগোষ্ঠীটোৰ কাৰণে চুতীয়া ছাত্ৰ সন্থাই শিক্ষা, সাংস্কৃতিক আৰু সামাজিক উন্নয়নৰ বাবে কৰি অহা কৰ্মৰাজিক শলাগ লয়।

চুতীয়া জনগোষ্ঠীৰ লগতে অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠী কাৰণে অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে বুলি কয়।

চুতীয়া জনগোষ্ঠীৰ লগতে, টাই আহোম, কোঁচ ৰাজবংশী, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী প্ৰতি ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে যদিও ৰাজ্য চৰকাৰে জনজাতিকৰণ প্ৰদান কৰিব নোৱাৰে।

কেন্দ্ৰীয় চৰকাৰেহে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা ক্ষমতা আছে। ইতিমধ্যে ছয় জনগোষ্ঠীৰ পৃথকে পৃথকে প্ৰতিবেদনক লৈ অসম চৰকাৰে আলোচনা কৰি আছে বুলি কয়।


উক্ত মুকলি সভাত বিধায়ক পোণাকন বৰুৱা আৰু চক্ৰধৰ গগৈ আৰু জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱাকে প্ৰমূখ্য কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।


সভাত মৰাণৰ কাজী শিপিনী তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত হেমপ্ৰভা চুতীয়াক চুতীয়া ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।


ইয়াৰ পূৰ্বে মৰাণ অভয়পুৰ স্প’ৰ্ট ষ্টেডিয়ামৰ পৰা অধিবেশনৰ স্থলিলৈ এক প্ৰতিযোগিতা মূলক বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।


সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ড° কুলশ্ৰী নাথে।


এই শোভাযাত্ৰাত জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই
অংশ গ্ৰহণ কৰে।


সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা পৰিবেশিত হ’ব সাংস্কৃতিক সন্ধিয়া। আগদিনা অনুষ্ঠিত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাৰ প্রতিযোগীতাৰ ফলাফলঃ প্রথম চুতীয়া (ক্র নং ৭) আমগুৰি, দ্বিতীয় হর্ষিত চুতীয়া (ক্রঃ নং ১৬) মৰাণ ডোমৰ দলং, তৃতীয় ৰূপাংকিতা বৰুৱা (ক্রঃ নং ১০) শিৱসাগৰ, বিচাৰকৰ বিশেষ বঁটা কৌশিক হাজৰিকা (ডোমৰ দলং), ‘খ’ শামাৰ চিত্রাংকণ প্রতিযোগীতাৰ ফলাফলঃ প্রথম গৌৰৱ ফুকন (ক্রঃ নং ৫)নলনীবাম, দ্বিতীয় যুগজ্যোতি ওৰাং (ক্রঃ মং ৬) সোণাৰি, তৃতীয় দ্বীপজ্যোতি গগৈ (ক্রঃ নং ০১) দলপা,

কুইজ প্রতিযোগিতাত প্রথমস্থান অধিকাৰ কৰা দল পংকজ কলিতা (যোৰহাট) আৰু সায়ন্তন শইকীয়াই (ডিগবৈ), দ্বিতীয় স্থান অধিকাৰ কৰা দল বিক্রম দ্বিব ডেকা, তেজপুৰ আৰু অনুজ শংকৰ দেৱনাথ, নগাঁও, তৃতীয়স্থান অধিকাৰ কৰা দল প্রজ্ঞান প্রতীম শর্মা ডিব্রুগড আৰু কৈলাশ কুটুম, মৰাণ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!