চীন দূতাবাসৰ প্ৰতিনিধি দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন
DD TIMES গুৱাহাটী, ৩০ আগষ্টঃ নতুন দিল্লীৰ গণপ্ৰজাতন্ত্ৰীয় চিনৰ দূতাবাসৰ পৰা পাঁচজনীয়া এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে।
এই দলত উপস্থিত থকা কূটনীতিকসকল আছিল— কাউন্সেলৰ সুশ্ৰী ইয়াং চিউহুৱা, ফাৰ্ষ্ট চেক্ৰেটাৰী শ্ৰী ঝাং হাইলিন, থাৰ্ড চেক্ৰেটাৰী শ্ৰী ফাং বিন, এটাচে শ্ৰী দাই জেৰুই আৰু এটাচে সুশ্ৰী লি চিনিয়ান।
এই কাৰ্যসূচী আৰম্ভ হয় কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ সৈতে প্ৰতিনিধি দলটোৰ আনুষ্ঠানিক বৈঠকৰ জৰিয়তে৷

এই কাৰ্অযসূচী নুষ্ঠিত হয় উপাচাৰ্য কাৰ্যালয়ৰ প্ৰশাসনিক ভবনৰ কনফাৰেন্স হলত। এই বৈঠকত উপাচাৰ্যৰ সৈতে উপস্থিত আছিল অধ্যাপক সুদীপ্তা নন্দী (ৰেজিষ্ট্ৰাৰ ইন-চাৰ্জ), অধ্যাপক. সন্তনু শৰ্মা (ডীন, গবেষণা আৰু উন্নয়ন), অধ্যাপক. ঈশান কলিতা (ডীন, ছাত্ৰ কল্যাণ), ড° হীৰেন ডেকা (সঞ্চালক, IQAC), আৰু ড° প্রসান্ত শৰ্মা (সঞ্চালক, ছাত্ৰ কল্যাণ)।
বৈঠকৰ আলোচনাসমূহ মূলত একাডেমিক সহযোগিতা, ছাত্ৰ বিনিময় আৰু কটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চীনা বিশ্ববিদ্যালয়সমূহৰ সৈতে সম্পৰ্ক স্থাপনৰ সম্ভাৱনাৰ ওপৰত কেন্দ্ৰিক হয়।
পৰৱৰ্তী সময়ত কূটনীতিকসকলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
চিন দেশ, চীনৰ ভাষা আৰু চীনত উচ্চশিক্ষা লাভ কৰাৰ সম্ভাৱনাত গভীৰ আগ্ৰহ থকা ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে এই আলাপত অংশ লয়।
দূতাবাসৰ বিষয়াসকলে চীনৰ উচ্চশিক্ষা ব্যৱস্থা, বৃত্তিৰ সুবিধা আৰু সাংস্কৃতিক বিনিময় কৰ্মসূচী পৰিচয় কৰাই দিয়ে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নসমূহৰো উত্তৰ দিয়ে।
অধ্যাপকসকলো এই আলোচনাত যোগদান কৰে৷ যাৰ বাবে এই সমগ্ৰ কাৰ্যসূচী অধিক অৰ্থবহ আৰু সমৃদ্ধশালী হৈ পৰে।
চীন দূতাবাসৰ প্ৰতিনিধি দলৰ এই পৰিদৰ্শনে কটন বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক চীনত শিক্ষা লাভৰ সুযোগ-সুবিধা সম্পৰ্কে মূল্যৱান অভিজ্ঞতা প্ৰদান কৰে।

