চিত্ৰশিল্পী মুনমী বুঢ়াগোহাঁইলৈ ‘ভাৰত গৌৰৱ সন্মান’
DD TIMES চিলাপথাৰ, ১২ ছেপ্টেম্বৰঃ ধেমাজি জিলাৰ চিলাপথাৰৰ বালিজান গাঁওৰ বোৱাৰী মুনমী বুঢ়াগোহাঁইলৈ Inspiring Prodogy Minds সংস্থায়ে Waste Material Painting বিভাগত ভাৰত গৌৰৱ সন্মান ২০২৫ চিত্ৰ অংকনৰ জৰিয়তে পাবলৈ সক্ষম হৈছে।

দেশৰ বিভিন্ন প্ৰতিযোগীয়েঅংশ গ্ৰহণ কৰা এই অনুষ্ঠানত অসমৰ ধেমাজিৰ হৈ মুনমী বুঢ়াগোহাঁই নিৰ্বাচিত হৈছে। চিলাপথাৰৰ বালিজান গাঁৱৰ বিজয় শংকৰৰ পত্নী মুনমী বুঢ়াগোহাঁই আৰু শিৱসাগৰৰ লংকাক গোহাঁই গাওঁৰ স্বৰ্গীয় বুবুল বুঢ়াগোহাঁই আৰু মঞ্জু বুঢ়াগোহাঁইৰ কনিষ্ঠা কন্যা।
মুনমীৰ সৃষ্টিৰাজিৰে কনমানি মনৰ কথা নামেৰে গঠন কৰা ‘মন এটি আশা দল’ আৰু চিত্ৰপৰ্ট ফাইন আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয় সমান্তৰালভাৱে চলাই আহিছে। একেদৰে মুনমীয়ে চিত্ৰপৰ্ট ফাইন আৰ্ট এণ্ড ক্ৰাফৰ্ট বিদ্যালয় শিৱসাগৰ আৰু চিলাপথাৰৰ অধ্যক্ষ লগতে মন এটি আশা দলৰ বৰ্তমানৰ পৰিচালিকা হিচাপে কৰ্মৰত।
উল্লেখ্য যে, মন এটি আশা দলৰ জৰিয়তে কণ- কণ শিশুসকলৰ লুকাই থকা সুপ্ত প্ৰতিভা সমূহক এখন উচিত মঞ্চ দিয়াটোৱেই মুনমীৰ লক্ষ্য ৰেখা হিচাপে পৰিগণিত কৰি আহিছে। উক্ত কনমানি দলটিৰ জৰিয়তে বৰ্তমান লৈকে ১২ খন শিশু উপযোগী আলোচনী উন্মোচন কৰা হৈছে বুলি জানিবলৈ দিয়ে।
শেহতীয়াকৈ চক্ৰপাণি পৰাশৰৰ লগত হোৱা “বাৰ্তালাপ” অনুষ্ঠানতে দশম সংখ্যক আলোচনী উন্মোচন কৰাৰ লগতে বৰ্তমান একাদশ আলোচনীৰ কাম পূৰ্ণ গতি চলি আছে বুলি মন্তব্য কৰে।
উল্লখ্যযোগ্য যে, মুনমীয়ে পেলনীয়া সামগ্ৰীৰে বিভিন্ন ছবি নিৰ্মাণ কৰি India Book Of Records টো নিজৰ নাম সন্নিবিষ্ট কৰি থৈছে। তাৰো উপৰিও বৰ্তমানলৈকে চিত্ৰ অংকনৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় ৪৫ টাকৈ অধিক সৰু-ডাঙৰ বঁটা বুটলি আনিবলৈ সক্ষম হৈছে।
এনে এক উল্লেখযোগ্য চিন্তা আৰু প্ৰতিভাৰ বাবেই ২০১৯ বৰ্ষত Creative Utilisation of Waste Materials বিষয়ত Vajra World Recordত ২০১৯ চনত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷
তেওঁ অপ্ৰয়োজনীয় বুলি ভবা প্লাষ্টিকৰ বটল, ভঙা কাপ-প্লেট, শামুকৰ খোলা, কণীৰ খোলা, বিভিন্ন গছৰ গুটি, মুগাৰ খোলা আদিৰে বিভিন্ন সামগ্ৰী আৰু ছবি আঁকিছে৷ এতিয়ালৈকে ৫৫ বিধৰো অধিক চিত্ৰ নিৰ্মাণ কৰিছে৷
এনেবোৰ কামৰ উপৰি কৰ্মক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে আই কেন ফাউণ্ডেশ্যন নামৰ এটা সংস্থাই Global Women Inspiration Award 2021 বঁটা আগবঢ়ায়৷ দেশৰ বিভিন্ন প্ৰান্তত কাম কৰি অহা এশগৰাকী মহিলাক এই সন্মান আগবঢ়োৱা হৈছিল৷
Talentila foundationৰ পৰা ২০২৩ চনত ছবিৰ জৰিয়তে সোণৰ পদক, Dream paint brush -ৰ জৰিয়তে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় ছবি প্ৰতিযোগিতাত সোণৰ পদক আৰু ২০২০ চনত National Sahitya Academy, Kingmaker Leadership Award প্ৰদান কৰে৷ ইয়াৰোপৰি চিত্ৰশিল্পৰ বাবে India Creative Awards 2020, The Global Human Right Foundationএ Surjya Bharat Award 2021, মহাৰাষ্ট্ৰৰ কোনো এক অনুষ্ঠানে The Dhruv Ratan Award 2022, কলিকতাত অনুষ্ঠিত National Online Art Festivalত চিত্ৰ অংকনৰ জৰিয়তে Best Artist Award 2023, নগাঁও কামপুৰত এই বৰ্ষতে Best Anchoring Award আৰু শিল্পী সাধনা বঁটা লগতে Geniuses world record ৰ পৰা Extra ordinary talent award 2019 , RANI LAXMI BAI ICON AWARD 2024, ONXY PRESTIGE AWARD 2024,LEONARDO DA VINCI AWARD THE GREAT ARTIST OF THE YEAR 2024,M.F HUSSAIN ICON AWARD 2024, AESTHETIC ARTIST AWARD 2024,বাটৰ কেনভাছ অসমৰ পৰা যুৱ চিত্ৰশিল্পী সন্মান 2017, GLORIOUS CRYSTAL AWARD 2024, INDIAN PRESTIGIOUS AWARD 2024,GEM ICON AWARD 2024 ধৰি বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছে।