গোৱাত উজলিল উত্তৰ গুৱাহাটী ৰংমহলৰ উদ্যমী মহিলা মানাস্মিতা
DD TIMES উত্তৰ গুৱাহাটী, ১৭ ছেপ্টেম্বৰঃ প্ৰত্যাহ্বানক আশীৰ্বাদক হিচাপে লৈ সাহসেৰে নিজ লক্ষ্যত আগুৱাই নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে উত্তৰ গুৱাহাটী ৰংমহলৰ এগৰাকী উদ্যমী মহিলা যাৰ ফলশ্ৰুতিত শেহতীয়াকৈ ৰাজ্যৰ চাৰিসীমা পাৰ হৈ সুদূৰ গোৱাৰ সাগৰৰ তীৰত উজলি উঠিবলৈ সক্ষম হৈছে মহিলাগৰাকী৷

উত্তৰ গুৱাহাটী ৰংমহল নিবাসী টংকেশ্বৰ হাজৰিকা আৰু লক্ষী হাজৰিকাৰ একমাত্ৰ কন্যা তথা ৰংমহলৰ উদ্যোগী সাংস্কৃতিক কৰ্মী নিৰ্মল বৰাৰ পত্নী এই উদ্যমী মহিলা গৰাকীৰ হৈছে মানাস্মিতা হাজৰিকা।
দুটি সন্তানৰ মাতৃ মানাস্মিতাই পৰিয়ালৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিও নিয়মীয়া কৰি গৈছে সৌন্দৰ্য চৰ্চা।
সৌন্দৰ্য চৰ্চাক পেশা হিচাপে গ্ৰহণ কৰাৰ লগতে সৌন্দৰ্যৰ মাজেৰে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰাৰ চেষ্টা কৰে মানাস্মিতাই।
সমান্তৰালকৈ ৰেম্পত খোজো দিছে উত্তৰ গুৱাহাটীৰ ব্যতিক্ৰমী মহিলাগৰাকীয়ে। বহু মহিলাক চেৰ পেলাই মানাস্মিতাই আজুৰি আনিছে এটাৰ পিছত আনটো সফলতা।
বহু সাধনাৰ অন্তত এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান বুলিবলৈ সক্ষম হৈছে আনে যোৱা বাটে নোযোৱা মহিলাগৰাকী।
অলপতে, গোৱাত অনুষ্ঠিত The Glam India International Season-2ত মানাস্মিতাই লাভ কৰিছে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান।
নিজৰ কেৰিয়াৰক লৈ অধিক আত্মবিশ্বাসী মানাস্মিতাৰ শেহতীয়া সফলতাই এতিয়া প্ৰেৰণা দিছে বহু মহিলাক।
সৌন্দৰ্যক লৈ বহু পৰিকল্পনা পুহি ৰখা মানাস্মিতাই প্ৰতিগৰাকী মহিলাক নিজৰ লুকাই থকা প্ৰতিভাক মৰহি যাবলৈ নিদি বিকাশ কৰাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

