অসমআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাশিৰোনাম

গোগামুখত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদ্‌যাপন

Spread the love

DD TIMES গোগামুখ, ৩০ আগষ্টঃ এইচডিএফচি বেংকৰ গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ উদ্যোগত, গোগামুখ স্পৰ্টছ্‌ একাডেমী আৰু গোগামুখ ক্ৰীড়া সন্থাৰ সহযোগত আজি শুক্ৰবাৰে সমগ্ৰ দেশৰ দৰে গোগামুখতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আজি শুক্ৰবাৰ ছোৱালী আৰু ল’ৰা শাখাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্ধোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুুৰেশ জাভিৰে ৷

তেওঁক সহযোগ কৰে মেডিচাইন স্পেচিয়েলিষ্ট ডাঃ উত্তম পেগু, ধেমাজি জিলা ক্ৰীড়া বিষয়া মৃদুল দত্ত আৰু এইচডিএফচি বেংকৰ গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ ক্ষেত্ৰ উন্নয়ন বিষয়া ধৰণী পায়েঙে৷ উল্লেখযোগ্য যে মাৰাথান দৌৰ প্ৰতিযোগিতাত দুই শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷

দৌৰ প্ৰতাযোগিতাৰ ছোৱালীৰ শাখাত লক্ষীমতী পেগু প্ৰথম, অনামিকা টাকু দ্বিতীয় স্থান আৰু দীপিকা পায়েঙে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ল’ৰাৰ শাখাত অভিষেক মহালী প্ৰথম, বিজয় ডেকা দ্বিতীয় আৰু সঞ্জীৱ দলেয়ে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ৷

বঁটা বিতৰণি অনুষ্ঠানত ডাঃ অনিল কুমাৰ পেগু, গোগামুখ স্পৰ্টছ্‌ এছ’চিয়েছনৰ সভাপতি বিমল স্বৰ্গীয়াৰী, ৰাষ্ট্ৰীয় এথলেটিক প্ৰশিক্ষক তথা গোগামুখ স্পৰ্টছ্‌ একাডেমীৰ প্ৰশিক্ষক গেৰেমছা দৈমাৰী, ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ফুটবল খেলুৱৈ দিলীপ পেগু, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ধমনী উজিৰ, অতুল বসুমতাৰী, গোগামুখ স্পৰ্টছ্‌ এছ’চিয়েছনৰ সম্পাদক মণিৰাম পেগু আদিয়ে উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!