গোগামুখত আফ্ৰিকান চোৱাইন ফিভাৰৰ ভয়াৱহতাঃ শ শ গাহৰি নিধন
DD TIMES গোগামুখ, ১৯ ছেপ্টেম্বৰঃ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহত আফ্ৰিকান চোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে শ শ গাহৰি চোৱাইন ফিভাৰত আক্ৰান্ত হৈছে ৷

জানিব পৰা মতে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত বিগত আগষ্ট মাহৰ পৰাই কম-বেছি পৰিমাণে চোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ঘটিছিল যদিও স্থানীয় ৰাইজে ইয়াক গাহৰি সাধাৰণ জ্বৰ বুলিয়ে ধৰি লৈছিল ৷
কিন্তু ইটোৰ পিছত সিটো গাহৰি জ্বৰত আক্ৰান্ত মৃত্যু মুখত পৰিবলৈ ধৰে তেতিয়া একাংশ গাহৰি পালকে গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ আশ্ৰয় ল’বলগা হয় ৷
গোগামুখ পশু চিকিৎসালয়ৰ এটা দলে গাঁওসমূহত গৈ গাহৰিৰ বেমাৰৰ কাৰণ পৰীক্ষা কৰে ৷ উক্ত পৰীক্ষাত গাহৰিৰ গাত চোৱাইন ফিভাৰৰ লক্ষণ ধৰা পৰে ৷

বিশেষকৈ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জ্যোতিষপুৰত চোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ অতি ভয়ংকৰ৷ উক্ত গাঁওখনত শিৱৰাম বসুমতাৰী নামৰ এগৰাকী যুৱকে শতাধিক গাহৰি পুহিছিল।
তাৰে কেইবাটাও গাহৰি চোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে আৰু বাকী জীয়াই থকা গাহৰিসমূহতো চোৱাইন ফিভাৰ ধৰা পৰাত আটাইবোৰ গাহৰি ১৬ ছেপ্টেম্বৰত নিধন কৰে৷
শিৱৰাম বসুমতাৰী গাহৰি ফাৰ্মত জীৱিত হৈ থকা মুঠ ৮৪টা গাহৰি উক্ত দিনা নিধন কৰা হয়৷ গোগামুখ ৰাজ্যিক চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ অনিল কুমাৰ পেগু আৰু নোমল দেউৰীৰ নেতৃত্বত যোৱা এটা পশু চিকিৎসকৰ দলে ধেমাজি জিলাৰ এগৰাকী দণ্ডাধীশৰ উপস্থিতিত উক্ত গাহৰি নিধন কাৰ্যসূচী সমাপন কৰে ৷
গাহৰিসমূহ ইলেক্ট্ৰনিক চ’ক দি নিধন কৰা হয় ৷ একেদৰে উক্ত গাঁৱৰে সনাতন বসুমতাৰীৰ গাহৰি ফাৰ্মৰ ৭০টা, পবন ব্ৰহ্মৰ ফাৰ্মৰ ৫০টা গাহৰি নিধন কৰা হয় ৷ ১৭ ছেপ্টেম্বৰতো কেইবাটাও স্থানত শতাধিক গাহৰি নিধন কৰা হয়৷
গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত গড়পৰা, কচুতলি, বেৰভঙা আদি গাঁৱতো চোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰিছে বুলি গোগামুখ পশু চিকিৎসালয়ৰ পৰা আমাক জানিবলৈ দিছে ৷