অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

গুৱাহাটী প্ৰেছ ক্লাবত জুৰিমণি মুদৈৰ ‘জোনাকৰ বাটেৰে’ উন্মোচন

Spread the love

DD TIMES গুৱাহাটী, ১৫ ছেপ্টেম্বৰঃ “সাহিত্যৰ সুবাস” আলোচনীৰ উদ্যোগত আৰু প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ সহযোগত আলোচনী আৰু গ্ৰন্থ উন্মোচনী সভা আৰু কবিতাৰ আবেলি অনুষ্ঠানটি ১৪ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত কবি,লেখিকা জুৰিমণি মুদৈৰ “জোনাকৰ বাটেৰে” কাব্যগ্ৰন্থখন উন্মোচন হৈ যায়।

কটন মহাবিদ্যালয়ৰ নৃ-তত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু বৰ্তমান গুৱাহাটী ডাউনটাউন বিশ্ববিদ্যালয়ত মানৱ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° তিলোত্তমা বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা উক্ত উন্মোচনী সভাখনত কণ্ঠশিল্পী, অভিনেত্ৰী প্ৰয়াত সীতা বৰুৱা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জনপ্ৰিয় অভিনেত্ৰী আৰু দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিবেশক- কাশ্মিৰী শইকীয়াই আৰু মাল্যপণ কৰে “সাহিত্যৰ সুবাস” আলোচনীৰ উপদেষ্টা জোন বৰাই।

সাংস্কৃতিক বাতৰি কাকত “দাপোণ” ৰ মুখ্য সম্পাদক আৰু এমট্টনৰ উপ-প্ৰৱন্ধক, হাজোৰ গৌৰৱ,সমাজৰত্ন প্ৰাপক দিনমণি ভাণ্ডাৰ কায়স্থদেৱ,”গণস্তম্ভ” কাকতৰ সম্পাদক আৰু প্ৰকাশক চম্পক কলিতা, সৃষ্টি পদাতিকৰ সম্পাদক মদন মেধি, নাট্যকাৰ, অভিনেতা,নাটপৰিচালক ৰহাৰ ইন্দ্ৰ মোহন দাস, ৰঞ্জন কুমাৰ মুদৈকে ধৰি বিশিষ্ট অতিথিসকলৰ উপস্থিতিত জুৰিমণি মুদৈৰ “জোনাকৰ বাটেৰে” কাব্যগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি, শিশু সাহিত্যৰ সাহিত্য অকাদেমীপ্ৰাপক,জ্যোষ্ঠ সাংবাদিক যুগললোচন দাসদেৱে।

কাব্যগ্ৰন্থখনৰ মাজেৰে বাস্তৱ জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজত সংগ্ৰামৰ মাজেৰে জীৱন যুঁজত জয়ী হ’বলৈ বিচৰা এক প্ৰবল হাবিয়াহ, সমাজৰ প্ৰতি থকা দায়িত্ববোধ, প্ৰকৃতিক ভালপোৱা কবিয়ে প্ৰকৃতিৰ নৈসৰ্গিক শোভা তেওঁৰ কাব্যিক ব্যঞ্জনাৰে কৰা সুন্দৰ উপস্থাপন, অসমীয়া জাতীয় কৃষ্টি-সংস্কৃতি, উৎসৱৰ প্ৰতি থকা গভীৰ প্ৰেম,গুৰু দুজনা আৰু ভগৱানৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু শ্ৰদ্ধা কাব্য সংকলনৰ মাজেৰে সুন্দৰভাৱে উপস্থাপন কৰিছে।

কাব্যগ্ৰন্থখনিত জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোনৰ সকলোখিনিয়ে প্ৰকাশ পোৱাৰ লগতে সকলো বিষয়ৰ ওপৰত আলোকপাত কৰি লিখা গ্ৰন্থখনিয়ে পাঠকসমাজক কাব্যৰ সকলোখিনিয়ে ৰস দিবলৈ পাৰিব বুলি আশা কৰিব পাৰি।

উল্লেখ্য, তেওঁৰ “সংগ্ৰাম জীৱনৰ অন্য এক নাম”(কাব্যগ্ৰন্থ),, “জীৱন মৰুত সুখৰ মৰূদ্যান” (কাব্যগ্ৰন্থ), “জীৱন নদীৰ সোঁত” (গল্প সংকলন),, “অনুভৱৰ গুঞ্জন” (প্ৰবন্ধ পুথি)ৰ পিছত “জোনাকৰ বাটেৰে” কাব্যগ্ৰন্থখন তেওঁৰ পঞ্চমখন গ্ৰন্থ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!