গুৱাহাটীত বিশ্ব নাৰিকল দিৱস ২০২৫ পালন
গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্ত নাৰিকল উন্নয়ন ব’ৰ্ডৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে মঙলবাৰে খানাপাৰাৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ত ২০২৫ বৰ্ষৰ বিশ্ব নাৰিকল দিৱস উদযাপন কৰে। এইবাৰৰ অনুষ্ঠানৰ বিষয়বস্তু হৈছে নাকিকলৰ শক্তি উন্মোচন, বৈশ্বিক কাৰ্য্যক প্ৰেৰণা যোগোৱা।

অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° মনোৰঞ্জন নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত ভাষণ প্ৰসংগত ড° নেওগে নাৰিকল খেতিত গুণগত মানৰ ৰোপণ সামগ্ৰীৰ ভূমিকাক আলোকপাত কৰাৰ লগতে উৎপাদনশীলতা বৃদ্ধি, শস্যৰ বহনক্ষমতা নিশ্চিতকৰণ আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে বৈজ্ঞানিক কৃষি পদ্ধতি গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উদ্বোধনী অধিৱেশনৰ পিছতে এক কাৰিকৰী পৰ্ব অনুষ্ঠিত কৰা হয়, য’ত বিশেষজ্ঞ আৰু অংশীদাৰসকলে একত্ৰিত হৈ নাৰিকল খেতি আৰু উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে বিশেষকৈ উত্তৰ-পূব ভাৰতত ইয়াৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মূল অন্তৰ্দৃষ্টিসমূহ অৱগত কৰি উদ্যান শস্য আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্ত নলবাৰীস্থিত এফএছআৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° হিমাদ্ৰী শেখৰ দত্ত আৰু কাহিকুছিস্থিত এএইউ-এইচআৰএছৰ প্ৰধান বিজ্ঞানী ড° শৰৎ শইকীয়াই অঞ্চলভিত্তিক কৌশল আৰু নাৰিকল ভিত্তিক উদ্যোগ উন্নয়নৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক নৃপেন দাস; গুৱাহাটীৰ নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস; আইচিএআৰ-আটাৰী জ’ন-৬ৰ প্ৰধান বিজ্ঞানী ড° ৰাজেশ কুমাৰ; অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য আৰু এফএছআৰ মহাবিদ্যালয়ৰ সহযোগী ডীন ড° মৃদুল ডেকা আৰু গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ নাৰিকল উন্নয়ন ব’ৰ্ডৰ সঞ্চালক ড° ৰজত কুমাৰ পালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
দিৱসৰ লগত সংগতি ৰাখি নাৰিকলভিত্তিক হস্তশিল্প আৰু খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়, য’ত নাৰিকল উন্নয়ন ব’ৰ্ডৰ সহযোগত উদ্যোগীসকলৰ উদ্ভাৱনীমূলক কাম প্ৰদৰ্শন কৰা হয়। এই প্ৰদৰ্শনীত মূল্য সংযোজন, জীৱিকা সৃষ্টি, উদ্যোগীকৰণৰ বিকাশৰ ক্ষেত্ৰত নাৰিকলৰ বৈচিত্ৰ্যপূৰ্ণ সম্ভাৱনা প্ৰদৰ্শন কৰা হয়।