JUNIOR BADMINTON: গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টনত ৪৩ দেশৰ ৪৫২ খেলুৱৈৰ অংশগ্ৰহণ
সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত ৪৩ দেশৰ ৪৫২ গৰাকী খেলুৱৈৰ অংশগ্ৰহণঃ গ্ৰুপৰ প্ৰথম মেচত ভাৰতৰ প্ৰতিদ্বন্দ্বী নেপাল
DD TIMES গুৱাহাটী, ৫ অক্টোবৰঃ ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ সহযোগত সোমবাৰৰ পৰা গুৱাহাটীৰ আমিনগাঁওস্থিত নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত আৰম্ভ হ’ব বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ৷ মিক্সড দলীয় ইভেণ্টৰে আৰম্ভ হ’বলগা প্ৰতিযোগিতাখনৰ প্ৰথমদিনাই আয়োজক ভাৰতে নেপালৰ বিৰুদ্ধে গ্ৰুপ মেচত অংশ লৈ অভিযান আৰম্ভ কৰিব৷ এই মেচখন দিনৰ বাৰ বজাত অনুষ্ঠিত হ’ব৷ আনহাতে, গ্ৰুপ ‘এইছ’ত স্থান পোৱা ভাৰতে পৰবৰ্তী মেচত মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে আৰু বুধবাৰে ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব৷ উভয় মেচৰ সময় দিনৰ এক বজাত৷

বিশ্বৰ ৩৬ দেশে খেলিব লগা মিক্সড ইভেণ্টৰ ৩৬ টা দলক আঠটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰথমে ৰাউণ্ড ৰবীন লীগ মেচত অংশ লোৱাৰ পাছত গ্ৰুপৰ শীৰ্ষ দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব৷ ইয়াৰ পৰাই আৰম্ভ হ’ব নকআউট ৰাউণ্ড৷ ভাৰতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে পূৰ্ব চেম্পিয়ন দক্ষিণ কোৰিয়াৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে ৰেংকিঙৰ দ্বিতীয় স্থানত থকা ভাৰতে নক আউট পৰ্যায়ত ঐতিহাসিক দলীয় পদক অৰ্জনৰ অপূৰ্ণ সপোনটো এইবাৰ ব্ৰহ্মপূত্ৰৰ পাৰত বাস্তৱ কৰিবলৈ কোৱাৰ্টাৰ ফাইনেলত জয় অৰ্জন কৰিলেই হ’ব৷ পৰবৰ্তী ৰাউণ্ডত ১৪ বাৰৰ চেম্পিয়ন চীন অথবা বেডমিণ্টনৰ শক্তিশালী দেশ জাপান, থাইলেণ্ড বা ডিফেণ্ডিং চেম্পিয়ন ইণ্ডোনেছিয়াৰ প্ৰত্যাহ৩ানো দলে অতিক্ৰম কৰিব লাগিব৷

এইবাৰ ভাৰতীয় দলটোক লৈ নতুন আশাৰ সঞ্চাৰ হৈছে৷ কাৰণ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতে মিক্সড টিম চেম্পিয়নশ্বিপত দ্বিতীয় বাচনিৰ দল হিচাপে খেলাৰ সুযোগ লাভ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটত ভাৰতৰ জুনিয়ৰ শ্বাটলাৰসকলৰ শক্তিশালী প্ৰদৰ্শনে দলটোক দৃঢ়তা আৰু ভাৰসাম্য প্ৰদান কৰিছে৷ সম্প্ৰতি ছোৱালীৰ বিশ্ব ৰেংকিঙত এক নম্বৰ স্থানত আছে ভাৰতৰ তনভি শৰ্মা৷
আনহাতে, ল’ৰাৰ ডাবলছত প্ৰাক্তন বিশ্ব শীৰ্ষ যুটি ভাৰ্গৱ ৰাম আৰিগেলা আৰু বিশ্ব তেজগোবুৰু আত্মবিশ্বাসী হৈ আছে৷ উন্নাতি হুদা, ৰক্ষিতা শ্ৰীসহ বি ডব্লিউ এফ জুনিয়ৰৰ শেহতীয়া ৰেংকিঙৰ শীৰ্ষ ২৫ ৰ ভিতৰত মুঠ ৯ জন ভাৰতীয় খেলুৱৈ অন্তৰ্ভুক্ত হৈছে৷ নতুনকৈ প্ৰবৰ্তন কৰা বেষ্ট অৱ থ্ৰী ছেট ৰিলে স্ক’ৰিং ফৰ্মেটে ভাৰতক সহায় কৰাৰ লগতে সফলতাৰ সুযোগ প্ৰদান কৰিব৷
প্ৰতিযোগিতাৰ প্ৰাকক্ষণত ‘বাই’ৰ সম্পাদক সঞ্জয় মিশ্ৰই দলটোৰ বিষয়ে কয়, ‘বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ প্ৰস্তুতিৰ অংশ হিচাপে আমি খেলুৱৈসকলক পৰ্যাপ্ত পৰিমাণে এক্সপ’জাৰ দিয়াৰ ফলশ্ৰুতিতে যোৱা কেইবছৰমানৰ পৰা আমি জুনিয়ৰ ইভেণ্টত যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াইছো৷ বিগত এবছৰমানৰ পৰা দলৰ অধিকাংশ সদস্যই গুৱাহাটীৰ এই নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সতে প্ৰশিক্ষণ লৈ আছে৷ এইবাৰ আমি ভাল ফলাফল আশা কৰিছো৷’
উল্লেখ্য যে ১৭ বছৰ অপেক্ষাৰ অন্তত ভাৰতলৈ উভতি অহা তথা প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ মিক্সড দলীয় শাখা [সুহান্দিনাটা কাপ]ৰ খেল ছয়ৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৩-১৯ অক্টোবৰলৈ ল’ৰা আৰু ছোৱালীৰ একক তথা ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ একক শাখাত অংশগ্ৰহণকাৰী দেশৰ সংখ্যাও বৃদ্ধি হ’ব৷ সামগ্ৰিকভাবে ৪৩ দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছে৷
জুনিয়ৰ বিশ্বকাপ বেডমিণ্টনত ভাৰতে এতিয়ালৈকে এটা সোণ, চাৰিটা ৰূপ আৰু ৬টা ব্ৰঞ্জকে ধৰি ১১টা পদক লাভ কৰিছে৷ আটাইকেইটা পদকে ব্যক্তিগত ইভেণ্টত৷ এইবাৰ ব্যক্তিগত ইভেণ্টত ভাৰতৰ পদকৰ আশা মূলতঃ ছোৱালীৰ একক শাখাৰ ওপৰত নিৰ্ভৰ কৰিব য’ত এছিয়ান ১৯ বছৰ অনূধ্বৰ্ চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী তনভি শৰ্মা প্ৰবল দাবীদাৰ৷ তদুপৰি ভেনালা কে, চীন অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট উন্নাতি আৰু ৰক্ষিতাৰ ওপৰতো দৃষ্টি থাকিব৷
ভাৰতৰ একক শাখাৰ বিদেশী প্ৰশিক্ষক পাৰ্ক টে-ছাঙে ছোৱালীৰ ওপৰত আশাব্যক্ত কৰাৰ লগতে ঘৰুৱা পৰিস্থিতিত ল’ৰায়ো পাৰদৰ্শিতা দেখুৱাব বুলি কয়৷ উল্লেখ্য যে ল’ৰাৰ একক শাখাত ভাৰতৰ আশা জুনিয়ৰ বিশ্ব ৰেংকিঙৰ ১৪ নম্বৰ স্থানত থকা ৰৌনাক চৌহান আৰু ১৭ বছৰীয়া জ্ঞান দট্টু টি টিৰ ওপৰত৷ ইফালে, চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰ্গৱ ৰাম আৰিগেলা আৰু বিশ্ব তেজ গোবুৰুৰ যুটিয়ে ল’ৰাৰ ডাবলছত বিশ্বৰ এক নম্বৰ ৰেংকিঙত উপনিত হৈছিল৷
সেয়ে ভাৰতৰ আন এক পদকৰ আশা এই দুই শ্বাটলাৰৰ ওপৰত৷ ৰাছিয়াৰ ডাবলছৰ বিশেষজ্ঞ প্ৰশিক্ষক ইভান ছ’জ’নভে কয় ‘মই অবগত যে ভাৰতে ইয়াৰ পূৰ্বে কেতিয়াও ডাবলছ ইভেণ্টত পদক লাভ কৰা নাই যদিও এইবাৰ আমাৰ এটা প্ৰত্যাহ্বান দিব পৰা লাইন আপ আছে৷ এই খেলুৱৈসকলে নিয়মিতভাৱে আন্তৰ্জাতিক প্ৰতিযোগিতাত খেলি আহিছে আৰু এই স্থানতে প্ৰশিক্ষণৰ অভিজ্ঞতাই তেওঁলোকক বহুখিনি সহায় কৰিব৷’