অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SPORTS GUWAHATI: গুৱাহাটীক ৯০ ৰানত হৰুৱাই কনকলতা বৰুৱা মহিলাৰ আন্তঃজিলা খিতাপ দখল এন এফ ৰে’লৱেৰ

Spread the love

গুৱাহাটীক ৯০ ৰানত হৰুৱাই কনকলতা বৰুৱা মহিলাৰ আন্তঃজিলা খিতাপ দখল এন এফ ৰে’লৱেৰ

DD TIMES গুৱাহাটী, ৩১ অক্টোবৰঃ গোলাঘাটৰ ফুৰকাটিং ক্ৰিকেট খেলপথাৰত হোৱা ফাইনেলত গুৱাহাটীক ৯০ ৰানত হৰুৱাই এন এফ ৰেলৱেই কনকলতা বৰুৱা মহিলাৰ আন্তঃজিলা ক্ৰিকেটত বিজয়ীৰ ট্ৰফী দখল কৰিছে।

টছত জয়ী হৈ বেটিং কৰিবলৈ লোৱা এন এফ ৰেলৱেই পোনতে নিৰ্দ্ধাৰিত ২০ অভাৰত ৩ উইকেট হেৰুৱাই ১৫৪ ৰান কৰে। নীতু গৌড়ে ৬৩টা বলত অপৰাজিত ৭৯ ৰান কৰে। তেওঁ ৯টা বাউণ্ডেৰী কোবায়। মণীষা দাসে ৩৫টা বল খেলি ৪০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গুৱাহাটীৰ হৈ আনন্দী কুমাৰী (১/১৪) আৰু সিনহায়ানা পাঠকে (১/৩৩) এটাকৈ উইকেট দখল কৰে।

ইয়াৰ উত্তৰত গুৱাহাটীয়ে এন এফ ৰেলৱেৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ৮ উইকেট হেৰুৱাই মাত্ৰ ৬৪ ৰান কৰিবলৈহে সক্ষম হয়। তেওঁলোকৰ জ্যোতি দেৱী ২৪ বলত ২১ ৰান আৰু শিৱানী বিষ্ণয়ে ১৯ বলত ১৬ ৰানৰ উল্লেখযোগ্য অৰিহণা যোগায়। এন এফ ৰেলৱেৰ হৈ কল্পনা চৌতল, জুহি পাণ্ডে আৰু ৰশ্মি দেই দুটাকৈ উইকেট দখলেৰে দলৰ জয় নিশ্চিত কৰে।

বঁটা প্ৰদান অনুষ্ঠানত এচিএৰ উপ-সভাপতি ৰমেন দত্ত, এ চি এৰ প্ৰাক্তন উপ সভাপতি তথা বৰ্তমান গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্তকে ধৰি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ আন বিষয়ববীয়া উপস্থিত থাকে।

সংক্ষিপ্ত স্ক’ৰ : এন এফ ৰেলৱে : ২০ অভাৰত ৩-১৫৪ (৬৩ বলত নীতু গৌড় নট আউট ৭৯, মণীষা দাস ৩৫ বলত ৪০, ৰশ্মি দে ১১ বলত ১৯ নট আউট; আনন্দী কুমাৰী ১/১৪, সিনহায়ানা পাঠক ১/৩৩)।

গুৱাহাটীঃ ২০ অভাৰত ৮-৬৪ ( জ্যোতি দেৱী ২৪ বলত ২১ ৰান, শিৱানী বিষ্ণয় ১৯ টা বলত ১৬; কল্পনা চৌটাল ২/৫, জুহি পাণ্ডে ২/৬, ৰশ্মি দে ২/১৮)।

ব্যক্তিগত বঁটা : প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ– মণীষা দাস (এন এফ ৰেলৱে ), ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ: নীতু গৌড় (এন এফ ৰেলৱে), শ্ৰেষ্ঠ বলাৰ — কাকলি শইকীয়া (লখিমপুৰ), শ্ৰেষ্ঠ বেটছমেন : মণীষা দাস (এন এফ ৰেলৱে)।

অসম ক্ৰিকেট সন্থাই ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে এন এফ ৰেলৱে দলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰী সকলো দলকে অসমৰ মহিলা ক্ৰিকেটলৈ অবিৰত অৱদানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!