অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GUMRAG DANCE: গুমৰাগ নৃত্যৰ নাচোন শৈলী একত্ৰ কৰাৰ সিদ্ধান্ত মিচিং জাতীয় সংগঠনৰ

Spread the love

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মিচিং গুমৰাগ নৃত্যৰ কাৰিকৰী সভাঃ গুমৰাগ নৃত্যৰ নাচোন শৈলী একত্ৰ কৰাৰ সিদ্ধান্ত মিচিং জাতীয় সংগঠনৰ

DD TIMES গোগামুখ, ২৯ ছেপ্টেম্বৰঃ মিচিং  স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত দেওবাৰে ধেমাজি জিলাৰ গোগামুখৰ  গোগামুখস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ  গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত  গুমৰাগ নৃত্যক বিশ্বজনীন কৰাৰ বাবে এখন কাৰিকৰী আয়োজন কৰা হয় ৷

মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত আৰু পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে সভাপতিত্ব কৰা সভাখনত ৬টাকৈ মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ উপস্থিত থাকে৷

সভাৰ উদ্দেশ্য ব্যখ্যা কৰে মিচিং দৃৰবৃ কৗবাঙৰ কেন্দ্ৰীয় সম্পাদক প্ৰশান্ত কুমাৰ বড়িয়ে ৷ উদ্দেশ্য ব্যখ্যা কৰি তেওঁ কয়-গুমৰাগ নৃত্যক আমি সাৰ্বজনীন তথা বিশ্বজনীন কৰি তোলাৰ এক ঐতিহাসিক সিদ্ধান্ত আজি লৈছোঁ ৷

আমাৰ মিচিং সমাজত গুমৰাগ নৃত্যৰ নাচোন শৈলী বা ভংগী ঠাইভেদে ভিন্ন আছিল ৷ ফলত আমি শৃংখলিত ৰূপত একক ভাৱে প্ৰতিষ্ঠা কৰিব পৰা নাছিলোঁ৷ এতিয়াৰ পৰা সকলো স্থানতে গুমৰাগ নৃত্যৰ নাচোন শৈলী, ঢোলৰ চেও একেধৰণৰ হ’ব বুলি তেওঁ দোহাৰে ৷

সভাত সকলোৱে এক ঐতিহাসিক সংকল্প গ্ৰহণ কৰে যে পৰম্পৰাগত মিছিং লোকনৃত্য গুমৰাগ ভিন্নতাক একাকাৰ কৰাৰ লগে লগে ঐক্য আৰু ঐতিহ্যৰ এক ভৱিষ্যৎ সাংস্কৃতিক ভেটি সুদৃঢ় কৰিব লাগিব ৷ 

সভাত  মূল আলোকপাত হিচাপে মিছিং স্বায়ত্তশাসিত পৰিষদৰ সকলো ৪০টা সমষ্টিকে প্ৰতিনিধিত্ব কৰা ১০ হাজাৰ লোক নৃত্যশিল্পীৰ অংশগ্ৰহণেৰে মেগা গুমৰাগ পৰিবেশন কৰাৰ সংকল্প লোৱা হৈছিল, যাৰ লক্ষ্য আছিল গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত বিশ্ব অভিলেখ গঢ়ি তোলা।

সভাত উপস্থিত থাকে মিচিং বাঃনৗ কৗবাঙৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, মিচিং দৃৰবৃ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি তথা এ চি এছ বিষয়া অশ্চিনী কুমাৰ দলে, টি এম পি কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান কুমাৰ পাংগিং, মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু, সচিব সোমেশ্বৰ কপ্তাক, টি এম এম কেৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পায়েং পেগু, বিশিষ্ট শিল্পী সুৰুজ কুমাৰ পাতিৰি, লোকশিল্পী একলব্য গাম, প্ৰবীন দলে, সেৱক কুটুম আদিয়ে ৷ 

 মিচিং জাতীয় সংগঠনসমূহৰ আজিৰ এই পদক্ষেপে চহকী মিচিং সংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু বিশ্বব্যাপী স্বীকৃতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!