খাগৰিজান মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সজাগতা সভা
DD TIMES নগাঁও, ১৬ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান তথা ঐতিহ্যপূৰ্ণ খাগৰিজান মহাবিদ্যালয়ত আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এখনি নামভৰ্তিৰ সজাগতা সভা অনুষ্ঠিত হয়।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে সঞ্চালনা কৰা সভাখনিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ সমূহৰ সহকাৰী পঞ্জীয়ক বিৰিঞ্চি কুমাৰ বৰাই সমল ব্যক্তি হিচাপে উপস্থিত থাকে৷

তেওঁ ভাষণত কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত নিয়মীয়া পাঠ্যক্ৰমৰ লগতে দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে দ্বৈত ডিগ্ৰী লাভ কৰিব পাৰিব। লগতে তেওঁ কয় যে ইয়াৰ যোগেদি শৈক্ষিক উত্তৰণৰ লগতে জীৱিকা অৰ্জনৰ ক্ষেত্ৰতো সহায়ক হৈ উঠিব।

মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মৈত্ৰেয়ী দত্তই আত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ উপাধ্যক্ষ অজন্তা বৰা খাৰঘৰীয়া, IQAC ৰ মুখ্য সমন্বয়ক ৰাইহানুল আহমেদ, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকি সজাগতা সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।