অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

INDIA MERITIME WEEK 2025: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুম্বাইত মুকলি কৰিলে ভাৰত সামুদ্ৰিক সপ্তাহ-২০২৫ (ইণ্ডিয়ান মেৰিটাইম উইক-২০২৫)

Spread the love

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুম্বাইত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ (ইণ্ডিয়ান মেৰিটাইম উইক ২০২৫)ৰ শুভ উদ্বোধন কৰে

ভাৰতৰ সামুদ্ৰিক শক্তি পাৰস্পৰিক সহযোগিতা আৰু বিশ্বজনীন অংশীদাৰিত্বত নিহিতঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ভাৰত সামুদ্ৰিক সপ্তাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ৰ ভিতৰত বিকশিত ভাৰতক গঢ়াৰ দৃষ্টিভংগীক এক নতুন গতি দিছেঃ অমিত শ্বাহ

মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা আৰু ওড়িশাৰ মুখ্যমন্ত্ৰীসকলৰ লগতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে শুভ উদ্বোধনী অধিৱেশনত যোগদান কৰে

বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সমাৱেশে ৮৫খন দেশ, ১ লাখৰো অধিক প্ৰতিনিধি আৰু ৫০০ৰো অধিক প্ৰদৰ্শকক লৈ ‘সমুদ্ৰক একত্ৰিত কৰা, এক সামুদ্ৰিক দৃষ্টিভংগী’ক ত্বৰান্বিত কৰিছে

ভাৰতৰ বন্দৰৰ ক্ষমতা প্ৰায় দুগুণ হৈ প্ৰতি বছৰে ২,৭০০ মেট্ৰিক টনত উপনীত হৈছে, কাৰ্গ’ সঞ্চালন ১,৬৪০ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ত ১০ লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনাৰে বিশ্বই ভাৰতক সামুদ্ৰিক নেতৃত্বৰ পৰৱৰ্তী বৃহৎ শক্তি হিচাপে স্বীকৃতি দিয়াৰ দিশ ত্বৰান্বিত হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

DD TIMES মুম্বাই, ২৭ অক্টোবৰ, ২০২৫ঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুম্বাইৰ নেস্কো প্ৰদৰ্শনী কেন্দ্ৰত বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সমাৱেশ ‘ভাৰত সামুদ্ৰিক সপ্তাহ (ইণ্ডিয়া মেৰিটাইম উইক) ২০২৫’ৰ শুভ উদ্বোধন কৰে।

পাঁচদিনীয়া এই অনুষ্ঠান এইবাৰ “সমুদ্ৰক একত্ৰিত কৰা, এক সামুদ্ৰিক দৃষ্টিভংগী”ৰ বিষয়বস্তুক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা হৈছে, য’ত ৮৫খন দেশৰ ১ লাখৰো অধিক অংশগ্ৰহণকাৰী, ৫০০ৰো অধিক প্ৰদৰ্শক, ৪৫০ৰো অধিক বক্তা আৰু ১২খন সমান্তৰাল সন্মিলন তথা প্ৰদৰ্শনী সংযুক্ত হৈছে।

উদ্বোধনী ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশ্বৰ সংশ্লিষ্ট সামুদ্ৰিক পক্ষসমূহক ভাৰতত দ্ৰুতগতিত ৰূপান্তৰিত হোৱা সামুদ্ৰিক খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। তেখেতে এই বিষয়ত জোৰ দি কয় যে ভাৰতৰ দৃষ্টিভংগী প্ৰতিযোগিতাৰ নহয়, সহযোগিতাৰ ভিত্তিত গঢ় লৈ উঠিছে।

“ভাৰত সামুদ্ৰিক সপ্তাহে আমাৰ সামুদ্ৰিক খণ্ডৰ শক্তিৰ উদযাপন কৰিছে। জাহাজ নিৰ্মাণত উৎকৃষ্টতা আৰু ভাৰতৰ ব্যৱসায়িক ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ জৰিয়তে আমাৰ অৰ্থনীতিৰ চালিকাশক্তি হিচাপে ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে। ভাৰত আৰু বন্ধুপ্ৰতিম দেশসমূহে একেলগে অৰ্থনৈতিক বৃদ্ধি আৰু পাৰস্পৰিক সহযোগিতা তথা উন্নয়নৰ যাত্ৰাত নিৰন্তৰ কাম কৰি আছে,” কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়।

এই উপলক্ষে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱীশ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পটেল, গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্ত, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীদ্বয় একনাথ সিন্দে আৰু অজিত পাৱাৰৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰৰ লগতে আন বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয় যে মুম্বাই বিশ্ববিখ্যাত গেটৱে অৱ ইণ্ডিয়াৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তেওঁ কয় যে আজিৰ এই মুহূৰ্তটো ভাৰতৰ সামুদ্ৰিক মুহূৰ্ত, যিয়ে গেটৱে অৱ ইণ্ডিয়াক বিশ্বৰ গেটৱে হিচাপে ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে বিগত এটা দশকত শীৰ্ষ সামুদ্ৰিক সন্মিলনসমূহৰ সফলতাই প্ৰমাণ কৰিছে যে সামুদ্ৰিক অৰ্থনীতিত হোৱা আন্তঃগাঁথনিগত সংস্কাৰৰ ভিত্তিত ভাৰতে এক শক্তিশালী সামুদ্ৰিক শক্তি হিচাপে উত্থান কৰিছে আৰু বিশ্বৰ সামুদ্ৰিক মানচিত্ৰত নতুন উদ্যমেৰে থিয় দিছে।

অমিত শ্বাহে আৰু কয় যে ভাৰত মহাসাগৰীয় অঞ্চলৰ (IOR) ৩৮খন দেশে বিশ্বৰ ৰপ্তানিৰ প্ৰায় ১২ শতাংশ অৰিহণা যোগায়। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে আমাৰ চৰকাৰে বিশ্বৰ বিনিয়োগকাৰী আৰু সামুদ্ৰিক উদ্যোগৰ অগ্ৰণী শক্তিসমূহৰ আগত আমাৰ সামুদ্ৰিক খণ্ডৰ অপাৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে, ভাৰতৰ সামুদ্ৰিক ইতিহাস প্ৰায় ৫,০০০ বছৰ পুৰণি। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত এক নতুন সামুদ্ৰিক ইতিহাস সৃষ্টিৰ বাবে সাজু হৈছে।

২০২৫ চনৰ এই সন্মিলনে ২০৪৭ চনৰ ভিতৰত বিশ্বৰ সামুদ্ৰিক খণ্ডত ভাৰতৰ প্ৰমুখ স্থান নিশ্চিত কৰাৰ লক্ষ্যত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামুদ্ৰিক দৃষ্টিভংগী তিনিটা স্তম্ভৰ ওপৰত নিৰ্ভৰশীল: সুৰক্ষা, স্থিৰতা, আৰু আত্মনিৰ্ভৰশীলতা। মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ জৰিয়তে সাগৰমালা, নীল অৰ্থনীতি, আৰু সেউজ সামুদ্ৰিক দৃষ্টিভংগীৰ দৰে পদক্ষেপৰ মাধ্যমেৰে ভাৰতক বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নিৰ্মাণকাৰী দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

তেওঁ উল্লেখ কৰে যে বন্দৰৰ পৰিচালনাৰ বাবে প্ৰতি বছৰে ১০,০০০ মিলিয়ন মেট্ৰিক টনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, আৰু বন্দৰ পৰিবহণ সম্পূৰ্ণৰূপে ডিজিটেলাইজড কৰা হৈছে। ইয়াৰ উপৰি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড’ৰ, পূৰ্বাঞ্চলীয় সামুদ্ৰিক কৰিড’ৰ আৰু উত্তৰ-দক্ষিণ পৰিবহণ কৰিড’ৰৰ দৰে অভিলাষী সংযোগ প্ৰকল্পৰ সৈতে ভাৰত সংযুক্ত হৈছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘ভাৰত সামুদ্ৰিক সপ্তাহ’ক ভাৰতৰ অনিৰুদ্ধ সামুদ্ৰিক যাত্ৰাৰ এক টাৰ্নিং পইণ্ট বুলি অভিহিত কৰে। তেওঁ কয় যে এই শীৰ্ষ সন্মিলনৰ অধীনত নীতি সংস্কাৰ, ডিজিটেল ৰূপান্তৰ আৰু অভিলেখসংখ্যক বিনিয়োগৰ জৰিয়তে ভাৰতক বিশ্বৰ শীৰ্ষ সামুদ্ৰিক শক্তিৰ ভিতৰত স্থান দিয়াৰ চৰকাৰে দৃঢ় সংকল্প লৈছে।

“বৰ্তমান ভাৰতে প্ৰায় ১০ শতাংশ সমুদ্ৰপথৰ বাণিজ্য পৰিচালনা কৰে, আমাৰ দৃঢ় লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত ইয়াক তিনিগুণ বৃদ্ধি কৰা,” সোণোৱালে কয়।

সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে ভাৰতৰ বন্দৰৰ ক্ষমতা প্ৰায় দুগুণ হৈ প্ৰতি বছৰে ২,৭০০ মেট্ৰিক টনত উপনীত হৈছে, কাৰ্গ’ সঞ্চালন ১,৬৪০ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছে আৰু অভ্যন্তৰীণ জলপথৰ কাৰ্গ’ বিগত এটা দশকত ৬.৯ মিলিয়ন মেট্ৰিক টনৰ পৰা ১৪৫তকৈও অধিক হৈছে। ভাৰতীয় নাবিকৰ সংখ্যা ২০০ শতাংশ বৃদ্ধি পাই ৩.২ লাখত উপনীত হৈছে।

“প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে সামুদ্ৰিক তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডত এক নতুন মাপকাঠী স্থাপন কৰিছে,” সোণোৱালে কয়। “ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ত ৮৫খন দেশৰ প্ৰতিনিধিত্ব আৰু ১০ লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনাৰে বিশ্বই ভাৰতক সামুদ্ৰিক নেতৃত্বৰ পৰৱৰ্তী বৃহৎ শক্তি হিচাপে স্বীকৃতি দিয়াৰ দিশ ত্বৰান্বিত হ’ব,” কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয়।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে ভাৰতৰ স্থায়িত্ব, উদ্ভাৱন আৰু মানৱ সম্পদ উন্নয়নত গুৰুত্ব আৰোপ কৰে। “ভাৰতে এক স্মাৰ্ট, স্থায়ী আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামুদ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে যিয়ে উদ্যোগক শক্তিশালী কৰিছে, পৰিৱেশ অনুকূল সামুদ্ৰিক পদ্ধতি সমন্বিত কৰিছে আৰু ভাৰতক বিশ্বৰ সামুদ্ৰিক খণ্ডৰ সৈতে সংযোগ কৰিছে,” তেওঁ কয়।

আজিৰ উদ্বোধনী দিনটোত মন্ত্ৰী পৰ্যায়ৰ সভা, দ্বিপাক্ষিক বৈঠক আৰু ৰাজ্যিক নেতৃত্বাধীন উদ্ভাৱন, স্থায়িত্ব আৰু বিনিয়োগকেন্দ্ৰিক অধিৱেশন অনুষ্ঠিত হয়। শ্ৰীলংকা, নেদাৰলেণ্ড আৰু চৌদি আৰৱৰ সৈতে জাহাজ নিৰ্মাণ, সেউজ বন্দৰ আৰু সামুদ্ৰিক লজিষ্টিকৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰি ভাৰতৰ তিনিখন দ্বিপাক্ষিক অধিৱেশন অনুষ্ঠিত হয়।

ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ৰ বিভিন্ন অধিৱেশনত বিশ্বৰ সামুদ্ৰিক খণ্ডৰ গুৰুত্বপূৰ্ণ দেশসমূহ যেনে- এণ্টিগুৱা এণ্ড বাৰ্বুডা, লাইবেৰিয়া, মৰিচাছ, নেদাৰলেণ্ড, ন’ৰৱে, শ্ৰীলংকা, ম্যানমাৰ, চৌদি আৰৱ আৰু দক্ষিণ কোৰিয়াৰ প্ৰতিনিধি উপস্থিত থাকে। এই নেতাসকলে সামুদ্ৰিক খণ্ডত বিশ্বজনীন সহযোগিতা, স্থায়ী উদ্ভাৱন আৰু এক স্থিতিস্থাপক নীল অৰ্থনীতিৰ অগ্ৰগতিৰ বাবে পাৰস্পৰিক সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

তদুপৰি, সামুদ্ৰিক অৰ্থনীতি আৰু সংযোগ কেন্দ্ৰ (CMEC)ই জাহাজ পঞ্জীয়ন আৰু বিত্তীয় সাহায্যৰ সন্দৰ্ভত অমৃতকাল অধিৱেশনৰ আয়োজন কৰিছে, য’ত বিশ্বৰ বিত্তীয় প্ৰতিষ্ঠান, জাহাজৰ মালিক আৰু নীতি নিৰ্ধাৰকসকলে অংশগ্ৰহণ কৰে।

মহাৰাষ্ট্ৰ, গুজৰাট, ওড়িশা, গোৱা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দৰে কেইবাখনো সামুদ্ৰিক সমৃদ্ধ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এই সন্মিলনত বন্দৰ নেতৃত্বাধীন ঔদ্যোগিক প্ৰকল্প, নীল অৰ্থনীতিৰ পদক্ষেপ আৰু সামুদ্ৰিক ক্লাষ্টাৰ উন্নয়ন পৰিকল্পনা দাঙি ধৰে, যিবোৰ মেৰিটাইম অমৃতকাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে।

দিনটোৰ এক বিশেষ বৈশিষ্ট্য আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰা মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত “সাগৰমন্থন: দ্য গ্ৰেট অ’চেনছ ডায়লগ”, যি হৈছে সামুদ্ৰিক চিন্তা-চেতনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। ইয়াত কূটনীতিক, কৌশলবিদ আৰু সামুদ্ৰিক বিশেষজ্ঞসকলে সামুদ্ৰিক সংযোগ, স্থায়িত্ব আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ বিষয়ে বিতংকৈ আলোচনা কৰে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি, চিন্তাশীল নেতৃবৰ্গ, ঔদ্যোগিক নেতৃবৰ্গ, জ্যেষ্ঠ বিষয়া আৰু সামুদ্ৰিক খণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলো আজিৰ বৰ্ণাঢ্য অনুষ্ঠানত উপস্থিত আছিল।

‘ইণ্ডিয়া মেৰিটাইম উইক ২০২৫’ অহা ৩১ অক্টোবৰলৈকে চলি থাকিব, য’ত ১০০ৰো অধিক বিষয়ভিত্তিক অধিৱেশন, চিইঅ’ ৰাউণ্ডটেবল আৰু মন্ত্ৰী পৰ্যায়ৰ আলোচনা অন্তৰ্ভুক্ত হ’ব। এই অনুষ্ঠানে ভাৰতৰ সভ্যতাগত মূল্যবোধ ‘বসুধৈৱ কুটুম্বকম’ — সমগ্ৰ বিশ্ব এটা পৰিয়ালৰ দৃষ্টিভংগীক সুদৃঢ় কৰিব আৰু সামুদ্ৰিক আকাংক্ষাৰ জৰিয়তে বিশ্বৰ অংশীদাৰসকলৰ সৈতে সংযোগ বৃদ্ধি কৰিব বুলি সোণোৱালে আশা প্ৰকাশ কৰে।

সোণোৱালে লগতে কয়, “শেহতীয়াকৈ ভাৰতৰ সামুদ্ৰিক খণ্ডৰ উৎসাহজনক অগ্ৰগতি হৈছে। ৫ খন নতুন আইনৰ কাৰ্যকৰীকৰণে ভাৰতৰ সামুদ্ৰিক খণ্ডত নীতিগত আৰু আইনগত সংস্কাৰৰ জৰিয়তে এক নতুন দিগন্তৰ সূচনা কৰিছে।‌ তদুপৰি, সামুদ্ৰিক খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭০,০০০ কোটি টকাৰ চাৰি-স্তম্ভ কৌশল ইতিমধ্যে অনুমোদিত কৰিছে।‌”

ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ অংশীদাৰী ৰাজ্যসমূহ হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, ওড়িশা, উত্তৰ প্ৰদেশ আৰু অসম।

সন্মিলনৰ মুখ্য সুবিধাসমূহ আৰু আলোকপাত:

  • পৰৱৰ্তী প্ৰজন্মৰ, বিশ্বমানৰ ডীপ ড্ৰাফ্ট বন্দৰ আন্তঃগাঁথনিৰ বিকাশ
  • জাহাজৰ পতাকা আৰু মালিকীস্বত্বৰ ক্ষেত্ৰত ভাৰতক এক প্ৰধান দেশ হিচাপে প্ৰতিষ্ঠিত কৰা
  • অভ্যন্তৰীণ জলপথ আৰু উপকূলীয় জাহাজ পৰিবহণৰ পৰিৱেশতন্ত্ৰৰ উন্নীতকৰণ
  • বহনক্ষম আৰু সেউজ সামুদ্ৰিক পৰিবহণৰ প্ৰচাৰ-প্ৰসাৰ
  • গ্ৰীণফিল্ড ক্লাষ্টাৰৰ সৈতে জাহাজ নিৰ্মাণ খণ্ডৰ পুনৰুজ্জীৱিতকৰণ আৰু ব্ৰাউনফিল্ড শ্বিপয়াৰ্ডৰ সম্প্ৰসাৰণ
  • সামুদ্ৰিক খণ্ডত নতুনত্ব থকা বিত্তীয় ব্যৱস্থাৰ প্ৰৱৰ্তন
  • নতুন চাকৰিৰ সুবিধা সৃষ্টি

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!