কেতিয়াও শেষ নোহোৱা এটা গানৰ নাম জুবিন গাৰ্গ
DD TIMES হৰেকৃষ্ণ হালৈ

জুবিন গাৰ্গ গ’লগৈ উভতি নহাৰ বাটেৰে।
খবৰটোৱে অসমৰ আকাশ বতাহ, প্ৰতিজন হৃদয়বান জনগণকে কপাই তুলিলে।
হঠাৎ যেন সকলোবোৰ শূন্য হৈ পৰিল।
খবৰটো পোৱা মাত্ৰকে আমাৰ প্ৰতিজনৰে খোজবোৰ থৰক-বৰক হৈ পৰিছিল।
এতিয়াও বুকুৰ কপঁনি কমা নাই।
আৰু কিমান শতিকা এনে এগৰাকী শিল্পীৰ অপেক্ষা কৰিব লাগিব আমি নাজানো।
বনৰীয়া চৰাইও আহি জুবিনদাৰ হাতত পৰে।
ইমানেই জুবিনদাৰ প্ৰতি জীৱ-জন্তু, চৰাই চিৰিকতিৰ বিশ্বাস।
জুবিনদাই গঁড় পুহিব খোজা মানুহ আছিল।
জুবিনদাই অসমীয়া সংগীতক এটা উদ্যোগলৈ লৈ গৈছিল।
প্ৰতিটো ভাষাৰ গান গোৱা জুবিনদাই গান শুনিবলৈ শিকাইছিল, গাবলৈ শিকাইছিল।
বৰগীত, লোকগীত, বিভিন্ন জনগোষ্ঠীৰ গীত অসমীয়া যুৱক যুৱতীৰ লগতে সেই জনগোষ্ঠীৰ মাজত জনপ্ৰিয় কৰি তুলিছিল।
তেওঁৰ গানৰ কথা,
তেওঁৰ গানৰ সুৰ সকলো স্তৰৰ মানুহৰে হৃদয়ত শাত পেলাইছিল।
জুবিনদাৰ কথা কৈ শেষ কৰিব নোৱাৰিম।
হে মহান আত্মা তুমি অমৰ।
কেতিয়াও শেষ নোহোৱা এটা গানৰ নাম জুবিন গাৰ্গ।