Assamese Bhaona ‘Duryodhana’s Urubhanga’: কিশোৰীৰ অভিনয়ৰে অসমীয়া ভাওনা ‘দুৰ্যোধনৰ উৰুভংগ’
বৰাগাঁৱৰ সাৰ্বজনীন শ্ৰীমন্ত শংকৰদেৱ কীৰ্তনঘৰ প্ৰাংগণত কিশোৰীৰ অভিনয়ৰে অসমীয়া ভাওনা ‘দুৰ্যোধনৰ উৰুভংগ’
বিলাপ-পয়াৰ, সংলাপ-নৃত্যাভিনয়ে মোহাচ্ছন্ন কৰিলে ৰাইজক

DD TIMES বেবেজীয়া, ২৬ নৱেম্বৰঃ পঞ্চম-ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়নৰত এজাক কিশোৰীৰ মননশীল অভিনয়ে আজি পুৱতি নিশালৈকে অনুষ্ঠিত “দুৰ্যোধনৰ উৰুভংগ” অসমীয়া ভাওনাই নগাঁও জিলাৰ বৰাগাঁৱৰ সাৰ্বজনীন শ্ৰীমন্ত শংকৰদেৱ কীৰ্ত্তনঘৰ প্ৰাংগন মুখৰ হৈ পৰিল।
“দুৰ্যোধনৰ উৰুভংগ” ভাওনাখনত কিতাপ ফলিৰ পৰা এদিনৰ বাবে আতৰি বিলাপ-পয়াৰ, সংলাপ, সুন্দৰ নৃত্যৰে বৰাগাঁৱৰ কিশোৰী সকলৰ সাবলীল অভিনয়ৰে গোটেই নিশা দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে। ভাওনাখনত অভিনয় কৰা সূত্ৰধাৰ লক্ষ্যজিৎ বৰা, শ্ৰীকৃষ্ণ সোণমইনা হীৰা, বলোভদ্ৰ ৰোহন ডেকা, যুধিষ্ঠিৰ কৃতাঞ্জলী দেৱী, ভীম পীয়ূষমান দাস, অৰ্জুন পূজা বৰা, নকুল পংখৰু বৰদলৈ, সহদেৱ পাপৰি ডেকা, দুৰ্যোধন লীজা ডেকা, দুঃশাসন কুল বৈদুৰ্য, শকুনী জাগৃতি ডেকা,কৃপাচাৰ্য তাপসী বৰা,কৰ্ণ তন্ময়ী বৰদলৈ, অশ্বত্থামা অনামিকা ডেকা,দ্ৰৌপদী বৈষ্ণৱী ডেকা,কুন্তি আকাংক্ষা বৰা, ধৃতৰাষ্ট্ৰ জয়শ্ৰী ডেকা, গান্ধাৰী ধুনু ডেকাৰ আদি কিশোৰী শিল্পী সকলৰ সুন্দৰ মনপৰশা অভিনয়ৰে দৰ্শকক মোহাচ্ছন্ন কৰে।
উক্ত ভাওনাখনি উদ্বোধন কৰে শিক্ষাব্ৰতী খৰ্গেশ্বৰ বৰাই। অনুষ্ঠানত গায়ন বায়ন সকলৰ লগতে লেখক-সাংবাদিক দেৱজিৎ হাজৰিকা আৰু প্ৰদীপ নাথক সম্বৰ্ধনা জনায়।
সমাজকৰ্মী হীৰক ডেকাই আঁত ধৰা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য হৰিদাস ৰাজকুমাৰ, প্ৰদীপ বৰা,অশ্বিনীকুমাৰ বৰা, তুলসী ডেকা, চন্দ্ৰমোহন ডেকা,উমেশ নাথ,সংঘৰ জিলা শাখাৰ সহ সম্পাদক দীপাংক বৰদলৈ, দেবানন্দ ডেকা,নকুল ডেকাকে ধৰি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।
ইপিনে পুৱা পৰিবেশ নিকাকৰণ,প্ৰাতঃপ্ৰসংগ,নাম প্ৰসংগ, গাণিকা পৰিবেশন আদি অনুষ্ঠিত হয়।উল্লেখযোগ্য যে ভাওনাখনৰ পৰিচালনাত আছিল জিতুমণি ডেকা আৰু সহযোগী আছিল ভৱজ্যোতি শইকীয়া।
অন্যহাতে পৰহি পুৱা পৰিবেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ, দুপৰীয়া নাম-প্ৰসংগ পিছত সন্ধিয়া গাণিকা পৰিবেশন পিছত নিশালৈ অসমীয়া ভাওনা ‘অভিশপ্ত কৰ্ণ’ অনুষ্ঠিত হয়।

